“ক’ৰোণা মহামাৰী আৰু বৰ্তমানৰ বাস্তৱ জগত” – চাহিল মল্লিক

pc The Indian Express.jpg

 ক’ৰোণা মহামাৰীৰ প্ৰথম লহৰে সমগ্র বিশ্ব জোকাৰি জোৱাৰ পিছত হয়তো সকলোৱে ভাবিছিলো যে আৰু হয়তো এই ভয়ংকৰ মহামাৰী উভতি নাহিব। দেশৰ স্তব্ধ হৈ থকা অৰ্থনীতিও লাহে লাহে আকৌ নিজৰ পূৰ্বৰ গতি ধৰি আগুৱাবলৈ আৰম্ভণি কৰিছিল। বহু মানুহে নিজৰ পূৰ্বৰ কৰ্মস্থলি হেৰুৱাই পেলাইছিল, বহু লোকে নিজৰ পূৰ্বৰ কৰ্মৰাজি বাদ দি বেলেগ এক কৰ্মৰাজি হাতত লৈ নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ লৈছিলহে মাথো। বহুতৰে লকডাউনত চলিবলৈ অসুবিধা হোৱা বাবে আৰ্থিক ভাবে সকাহ পাবলৈ কিছু টকা ধাৰ লৈছিল অথবা ঋণ লৈছিল। সেই ধাৰ বা ঋণত লোৱা টকা পৰিশোধ কৰিবলৈ কোনেওঁ সময়েই নাপালে। ঠিক তেনে সময়তেই আকৌ এই ভয়ংকৰ মহামাৰীৰ দ্বিতীয় লহৰে আহি যেন সকলো সমূহ স্তব্ধ কৰি পেলালে। কৰো’ণাৰ সংক্রামন বাঢ়ি যোৱাৰ লগে লগে আকৌ লাহে লাহে স্তব্ধ হৈ পৰিল সকলো। আকৌ সকলোৱে নিজৰ কৰ্ম তথা কৰ্মস্হান এৰি ঘৰতেই আবদ্ধ হৈ থাকিব ল’গা হ’ল। আকৌ গধুলি ৬ বজাৰ লগে লগে সান্ধ্যআইন আৰম্ভ হ’ল। লাহে লাহে সেই সান্ধ্যআইনে গৈ গৈ ১২ৰ ঘৰ স্পৰ্শ কৰিলে। লাহে লাহে অমাবস্যা নামি আহিল সেইসকল ক্ষুদ্ৰ ব্যৱসায়ীৰ ওপৰত যিসকলে গধুলি হ’লে ম’মো, চাওঁমিন, ঘুগনী আদিৰ দোকানেৰে তেওঁলোকৰ পৰিয়াল পোহ-পাল দি আহিছিল। এই ক্ষুদ্র ব্যৱসায়ী সকলেও আৰ্থিক সংকটৰ পৰা অলপ সকাহ পালে বুলি নতুন উদ্যমেৰে তেওঁলোকৰ ভ্ৰাম্যমাণ দোকানখন লৈ ওলাই যাবলৈ আৰম্ভ কৰিছিলহে মাথো। আকৌ আহি গ’ল এই কামৰূপী মহামাৰী। লাহে লাহে আকৌ আন্ত:জিলা যাতায়ত ব্যৱস্থা সমূহ বন্ধ হৈ পৰিল। বাহন সমূহত কৰ্মৰত হৈ থকা চালক, হেন্ডিমেন, চাফাই কৰ্মী সকলোৱে আকৌ এক নতুন আশাৰে তেওঁলোকৰ বাহন সমূহলৈ আহিছিল, চালকে সেৱা এটা কৰি গাড়ী স্টাৰ্ট দিছিল হে মাত্র কিন্ত আকৌ সেই স্টাৰ্ট বন্ধ কৰিব লগা হ’ল। বৰ্তমানো সেই স্টাৰ্ট বন্ধই হৈ আছে। টেন্ট হাউছৰ মালিক তথা কৰ্মচাৰী সকলেও ভাবিলে কেনেবাকৈ ৰক্ষা পৰিলো। টেন্ট হাউছৰ লোহাৰ সামগ্রী সমূহত লগা মামৰ সমূহ আঁতৰাই কৰ্মী সকলে হাতত হাঁতুৰি লৈ পেন্ডেলৰ কামত ওলাই গ’ল। কিন্ত বিধিৰ লিখন জানো কোনোবাই মচিব পাৰে। তেওঁলোকৰ হাতৰ হাঁতুৰি আকৌ মালিকৰ ওচৰত থৈ তেওঁলোকে বৰ্তমান হাতত কোৰ লৈ ব্যস্ত হৈ পৰিব লগা হ’ল। ঘৰত বহি থাকিলে জানো চলিব, দুবেলা দুমুঠি কেনেবাকৈ হ’লেও খাব লাগিব। সেই উদ্দেশ্য বহুতো বিভিন্ন ক্ষেত্রত নিয়োজিত হৈ থকা কৰ্মচাৰীয়ে ৰাতিপুৱাই ওলাই যাব লগা হ’ল কৰোবাত দিন হাজিৰা কৰিবলৈ। বিদ্যালয়-মহাবিদ্যালয় সমূহ আকৌ বন্ধ হৈ পৰিল। দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত ছাত্র-ছাত্ৰী সকলে প্ৰায় এবছৰ পূৰ্বতে ভালকৈ ধুই আইৰন কৰি থৈ দিয়া ইউনিফর্ম যোৰৰ ভাজ ভাঙি নতুন সপোন তথা নতুন আশাৰে বিদ্যালয়-মহাবিদ্যালয়ত যাবলৈ আৰম্ভ কৰিছিলহে মাথো। কোনে নো জানিছিল যে আকৌ কিছুদিন পিছত এই ছাত্ৰ-ছাত্ৰী সকলোৰ নতুন আশা তথা নতুন সপোনত আকৌ এই মহামাৰীয়ে চেঁচা পানী ধালিব। ব্যক্তিগত খন্ডৰ বিদ্যালয়-মহাবিদ্যালয় সমূহত কৰ্মৰত শিক্ষক সমূহে হয়তো ভাবিছিল যে লকডাউনে আৰ্থিক ভাবে জুৰুলা কৰি পেলোৱাৰ পিছত তেওঁলোকৰ উপাৰ্জনৰ পথ আকৌ খোল খালে। কিন্ত তেওঁলোকৰ সেই সপোনতো যেন চেঁচা পানী ধালিলে এই মহামাৰীয়ে। আকৌ পূৰ্বৰ দৰে বন্ধ হৈ পৰিল বিদ্যালয়-মহাবিদ্যালয় সমূহ। যিসমূহ টেম্পো চালক তথা গাড়ী চালকে স্থানীয় ভাড়া মাৰি জীৱন নিৰ্বাহ কৰি আছিল, তেওঁলোকৰো জীৱনলৈও যেন আকৌ কাল অমানিশা নামি আহিল। তেওঁলোকেও নতুন উদ্যমেৰে গাড়ীখন ঘৰৰ পৰা ওলাই লৈ আহিবলৈ আৰম্ভ কৰিছিল হে মাথো। কন-কন ল’ৰা-ছোৱালী সকলে হয়তো দেউতাকক কৈ পঠিয়াইছিল যে, “দেউতা মোৰ বাবে আহোতে চকলেট লৈ আহিবা” কিন্ত দেউতাকে গাড়ী লৈ উলাই আহি গ’ম পালে যে নতুন এছ. অ. পি. মতে হেনো কেব বা তেনে সমূহ গাড়ীত দুজনতকৈ বেছি যাত্ৰী উঠাব নোৱাৰিব। দুজন বা তিনিজনতকৈ বেছি যাত্রী উঠাব নোৱাৰিলে তেওঁলোকে কি গাড়ী চলাব বা তেওঁলোকৰ ভাড়া মাৰি দিনটোৰ শেষত কিমান টকা নো হাতত ৰ’ব। সেইবাবে তেওঁলোকে ভাড়া বৃদ্ধি কৰিলে কিন্ত যি দুই-এজন যাত্ৰী আগতে অহা যোৱা কৰিছিল তেওঁলোকেও এতিয়া নোযোৱা হ’ল। কিয়নো যাব ২০ টকাৰ ভাড়া এতিয়া ১০০ টকা হ’ল। এতিয়া প্ৰশ্ন হ’ল এনেকৈ নো আৰু কিমান দিন চলিব? ভাল দিন সমূহ কেতিয়া উভতি আহিব? পূৰ্বৰ গতিৰে দেশ আকৌ কেতিয়া আগবাঢ়িব? স্তব্ধ হৈ ৰোৱা দেশৰ অৰ্থনীতি আকৌ আগৰ গতিৰে চলন্ত অৱস্থালৈ কেতিয়া আহিব? লকডাউনে জুৰুলা কৰি পেলোৱা পৰিয়াল সমূহত আকৌ হাঁহি বিৰিঙি উঠিবনে?