কৰিমগঞ্জ লোকসভা সমষ্টিত ভোটৰ খেলিমেলিৰ তদন্ত আৰু পুনৰ ভোট গ্ৰহণৰ দাবী চিপিআই(এম)ৰ

Pc Justdial

কৰিমগঞ্জ লোকসভা সমষ্টিত ভোটৰ খেলিমেলিৰ তদন্ত আৰু পুনৰ ভোট গ্ৰহণৰ দাবী চিপিআই(এম)ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ কৰিমগঞ্জ লোকসভা সমষ্টিত ভোট গণনাৰ সময়ত হোৱা ব্যাপক খেলিমেলি আৰু ফলাফলত ভোটৰ সংখ্যাত অমিলৰ তথ্য শেহতীয়াকৈ পোহৰলৈ অহাত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটৰ সংখ্যাত বিসংগতিৰ উপৰি সমষ্টিটোৰ অন্তৰ্গত ৰামকৃষ্ণনগৰ, দক্ষিণ কৰিমগঞ্জ, পাথাৰকান্দি আদি বিধানসভা সমষ্টিৰ কিছুমান ভোটগ্ৰহণ কেন্দ্ৰত ব্যাপক ৰিগিং হোৱাৰো অভিযোগ উঠিছে। ভোট গ্ৰহণৰ সময়ত শাসক বিজেপি দলৰ দ্বাৰা ভোটাৰক ভীতি প্ৰদৰ্শন, ভোটকেন্দ্ৰ দখল আৰু ৰিগিঙৰ বিষয়ে লগে লগেই নিৰ্বাচন আয়োগক কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে জনাইছিল যদিও যথাসময়ত প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল, বৰং জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে বিজেপি দলক ভোটাৰক ভীতি প্ৰদৰ্শন আৰু ভোট কেন্দ্ৰত অবাধ ৰিগিঙৰ সুযোগহে দিলে। শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্যমতে লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহত ২৬ এপ্ৰিলত ইভিএমত ভোটাৰে দিয়া মুঠ ভোট আৰু ভোট গণনাত ওলোৱা ভোটৰ মাজত ৩,৮১১টা ভোটৰ ব্যৱধান আছে। নিৰ্বাচন আয়োগৰ ৱেবচাইটৰ ‘End of poll percentage phase wise’ শিতানত প্ৰকাশ কৰা তথ্যতে এই বিসংগতি ধৰা পৰিছে। সেয়ে কৰিমগঞ্জ সমষ্টিৰ ফলাফল ঘোষণাত নিৰ্বাচন আয়োগৰ ভূমিকাও সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। ব্যাপক ৰিগিং কাণ্ড আৰু নিৰ্বাচন আয়োগৰ পক্ষপাতমূলক আচৰণৰ জৰিয়তে কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীজনক জয়ী বুলি ঘোষণা কৰা হৈছে। নানান বিসংগতি আৰু অনিয়মৰ পাছতো তেওঁৰ জয়ৰ ক্ষেত্ৰত কংগ্ৰেছ প্ৰাৰ্থীজনৰ লগত ভোটৰ ব্যৱধানো যথেষ্ট কম।চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটীয়ে কৰিমগঞ্জ লোকসভা সমষ্টিত জিলা প্ৰশাসনৰ সহযোগত সংঘটিত ৰিগিং কাণ্ডৰ লগতে ভোটদান আৰু ভোট গণনাৰ মাজত দেখা দিয়া সংখ্যাগত বিসংগতিৰ উচিত তদন্ত দাবী কৰিছে। তদুপৰি এই বিসংগতিৰ প্ৰেক্ষাপটত সমষ্টিটোত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ বাবেও পাৰ্টিয়ে দাবী উত্থাপন কৰিছে।