‘কৰিমগঞ্জ’ জিলাক ‘শ্ৰীভূমি’ ৰূপে নামাকৰণ কৰাৰ সিদ্ধান্ত আদৰণীয়
ৰঙিলী বাৰ্ত্তাসেৱা- কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি আজি অসম চৰকাৰে শ্ৰীভূমি হিচাপে নামাকৰণ কৰাৰ ঘোষণা এক আদৰণী সিদ্ধান্ত। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ নাম এনে কিছুমান নামেৰে নামাকৃত কৰা হৈ আছে যি সমূহ নামৰ অভিধানিক অৰ্থ কোনো ভাষাতেই পোৱা নাযায়। তেনে এক নামেই আছিল কৰিমগঞ্জ। উল্লেখযোগ্য যে স্বাধীনতাৰ পূৰ্বৰ সময়তেই ১৯১৯ চনতেই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এই ভূমিক “সুন্দৰী শ্ৰীভূমি” বুলি উল্লেখ কৰিছিল। অসম চৰকাৰে শেহতীয়াকৈ কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি এটি আভিধানিক অৰ্থ সম্পন্ন আৰু কবিগুৰুৰ স্মৃতি বিজৰিত হৈ থকা নাম এটি ৰখাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া এক আদৰণি সিদ্ধান্ত। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশে এই সিদ্ধান্তক আদৰণি জনাইছে।