কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ধীৰেন্দ্ৰ নাথক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ধীৰেন্দ্ৰ নাথক গ্ৰেপ্তাৰ। অভিযোগ মতে, ধৰ্ষণৰ বলি হোৱা এগৰাকী নাবালিকা কিশোৰীৰ লগত মোবাইলযোগে অশ্লীল মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক। ঘটনা সন্দৰ্ভত নাবালিকা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কৰিমগঞ্জৰ শীৰ্ষ আৰক্ষী বিষয়াক অভিযোগ দিয়ে। পিছত এছ আই ধীৰেন্দ্ৰ নাথক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাই জে’ললৈ প্ৰেৰণ কৰে জিলা মুখ্য ন্যায়াধীশৰ আদালতে।