কৰিমগঞ্জত ১০ কোটি টকাৰ ড্ৰাগছ জব্দ
ৰঙিলী বাৰ্ত্তাসেৱা- কৰিমগঞ্জৰ কণ্টেকছড়া এলেকাত আৰক্ষীৰ অভিযানত ১০ কোটি টকাৰ ড্ৰাগছ জব্দ। তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰক্ষীৰ। তথ্য অনুসৰি এখন অল্ট’ বাহনৰ পৰা জব্দ কৰা হয় ১.৩ কিলোগ্ৰাম ড্ৰাগছ। সৰবৰাহকাৰীয়ে মিজোৰামৰ পৰা কৰিমগঞ্জৰ আছিমগঞ্জলৈ আনিছিল ড্ৰাগছখিনি। এশটা চাবোনৰ বাকচত কঢ়িয়াই আনিছিল ড্ৰাগছখিনি। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীকেইজন হৈছে আব্দুল কাদিৰ, কবিৰ আহমেদ আৰু আফতাব উদ্দিন।
