কৰিমগঞ্জত ভয়ংকৰ ভূমিস্খলন

কৰিমগঞ্জত ভয়ংকৰ ভূমিস্খলন

ৰঙিলী বাৰ্ত্তাসেৱা- এক শোকাৱহ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত ৷ কৰিমগঞ্জত ধাৰাসাৰ বৰষুণৰ ফলত সংঘটিত ভয়ংকৰ ভূমিস্খলন। ভয়ংকৰ ভূমিস্খলনৰ ফলত কৰিমগঞ্জ বদৰপুৰত একেটা পৰিয়ালৰ ৫ গৰাকীকৈ লোকৰ কৰণ মৃত্যু ঘটে। বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংগঠিত হয় এই ভয়ংকৰ ভূমিস্খলনটো। আব্দুল কৰিম নামৰ এজন ব্যক্তিৰ পৰিয়ালটো মুহূৰ্ততে শেষ হৈ যায় এই ভূমিস্খলনৰ ঘটনাত ৷ পৰিয়ালটোৰ পাঁচজনকৈ লোকে সাৱটি লয় মৃত্যুক ৷ ঘটনাস্থলীত উপস্থিত হৈ বদৰপুৰ আৰক্ষী আৰু SDRF এ চলাই আছে উদ্ধাৰ অভিযান । মাটিৰ তলৰ পৰা মৃতদেহ উদ্ধাৰ কৰি আছে SDRF এ ৷ ভূমিস্খলনৰ ফলত মৃত্যুবৰণ কৰা লোককেইজন হ’ল ক্ৰমে আব্দুল কৰিমৰ পত্নী ৰাইমুন নেছা(৫৫), কন্যা সাহেদা খানম(১৮), জাহেদা খানম(১৬) হামিদা খানম (১১) আৰু নাতি মেহেদি হাছান(৩)। এই ঘটনা নিশা প্ৰায় ১২ বজাত সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷উল্লেখ্যে কৰিমগঞ্জত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতিয়ে। মঙলবাৰ আৰু বুধবাৰে কৰিমগঞ্জ জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।