ক’ৰনা মহামাৰীৰ সময়ত জনসাধাৰণৰ সামাজিক সচেতনতা আৰু দায়বদ্ধতা- মানসী মিশ্ৰ

ক’ৰনা মহামাৰীৰ সময়ত জনসাধাৰণৰ সামাজিক সচেতনতা আৰু দায়বদ্ধতা

সমগ্র বিশ্বকে ছানি ধৰিছে ক’ৰনা মহামাৰীয়ে। বিগত দুটা বর্ষ ধৰি কৰনা মহামাৰীয়ে সমগ্র বিশ্ববাসীক শংকিত কৰি ৰাখিলে। বিশ্বৰ আটাইতকৈ উন্নত দেশবোৰৰ জনজীৱন স্তব্ধ কৰিলে এই মহামাৰীয়ে। বিশ্ব অর্থনীতি স্তব্ধ কৰি পেলালে। বহু লোক অকালতে হেৰাই গ’ল পৃথিৱীৰ পৰা। আমাৰ নিজৰ দেশ ভাৰতবৰ্ষও বেয়া ধৰণে ক্ষতিগ্রস্থ হ’ল । ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনৰ আর্থসামাজিক জীৱন স্তব্ধ কৰি পেলালে বুলি ক’লেও ভুল নহয় ৷ ভাৰতবৰ্ষৰ প্ৰতিখন অংগ ৰাজ্যতে বহু খাটি খোৱা লোক আছে, দিন হাজিৰা কৰি পেট প্রৱৰ্ত্তন কৰা লোক আছে। গতিকে মহামাৰীৰ এই সময়চোৱাত তেওঁলোকৰ জীৱিকা প্রায় অচল হৈ গ’ল। এতিয়া আকৌ সমগ্র বিশ্বত আৰম্ভ হ’ল কোভিদৰ তৃতীয়টো ঢৌ। বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰো ভিন্ন ঠাইত আৰু আমাৰ নিজৰ ৰাজ্য খনতে সংক্রমিত হ’বলৈ লৈছে। প্রায় এশবছৰৰ মুৰত একবিংশ শতিকাৰ শিক্ষিত, তথ্য প্রযুক্তিৰ জ্ঞানেৰে সমৃদ্ধ ৰাইজে কৰণা মহামাৰীৰ সংহাৰী ৰূপ প্রত্যক্ষ কৰিছে ভালদৰে। অৱশ্যে এই মহামাৰীয়ে ৰাইজক নিজৰ জীৱনৰ বাবে প্রয়োজনীয় বহু কথা যেনে কর্তব্য নিষ্ঠা, দ্বায়বদ্ধতা, সামাজিক সচেতনতা, উদাৰতা আদি বহু গুনৰে বিকাশ ঘটালে এই সময়ছোৱাত । ক’ৰনা মহামাৰীৰ এই মহাযুদ্ধৰ সময়ত একেবাৰে সমুখৰ পৰা জঁপিয়াই পৰিছে আমাৰ দেশৰ চিকিৎসক আৰু অন্যান্য চিকিৎসা কর্মী সকল । সর্বসাধাৰণ ৰাইজক নিজক সুৰক্ষিত ৰখাৰ হকে ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখাৰ হকে বাৰে বাৰে আহ্বান জনাই নিজে আন শত্রুৰ সৈতে যুঁজ দিছে । ঘৰত নিজৰ পৰিয়ালক এৰি আহি পষেক, মাহ হস্পিতালৰ কর্তব্যত আত্মনিয়োগ কৰিছে তেওঁলোকে । বহু মহিলা চিকিৎসক, চিকিৎসা কৰ্মীয়ে নিজৰ কেঁচুৱা সন্তানক পৰিয়ালত এৰি থৈ আহি দিন-ৰাতি ক’ৰনা আক্ৰান্ত ৰোগী সকলক সুস্থ কৰি তুলিবলৈ অহোপুৰুষার্থ কৰিছে। চিকিৎসা বৃত্তিটো যে তেওঁলোকৰ বাবে একমাত্র পেছাই নহয়, ইয়াৰ যোগেদি মানৱ সেৱাৰ এক মহৎ উদাহৰণ দাঙি ধৰিব পৰা যায়। সেয়া হাতে কামে দেখুৱাই দিছে। প্ৰসৱকালীন ছুটিৰ বাহিৰে চিকিৎসকসকলৰ সকলো ছুটিয়েই বাতিল হ’ল এই সময়ছোৱাত। জনসাধাৰণৰ হিতৰ কাৰণে এনে এক সংকটপূর্ণ অৱস্থাত আইন শৃঙ্খলাৰ দিশটো সম্পূর্ণ চোৱাচিতা কৰি প্রয়োজন হ’লে জনসাধাৰণক শৃংখলিত ভাৱে ৰখাৰ বাবে শান্তি আৰু সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষী বিভাগৰ লোক সকলেও দিন ৰাতি একাকাৰ কৰিছে। বহু ঠাইত দেখিবলৈ পোৱা গ’ল যে আৰক্ষী বিষয়া, কর্মচাৰী সকলে নিজৰ দায়িত্ব, কৰ্তব্য সুকলমে সম্পাদন কথাৰ উপৰিও কোভিদ মহামাৰীৰ সময়চোৱাত দুর্গত, আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। নিজস্ব ধনেৰে ফুটপাথৰ ওপৰৰ অসহায় লোক সকলক, বাহিৰৰ পৰা উভতি অহা সকলৰ লগতে ইয়াতো থকা বহু দৰিদ্র লোকক সহায় কৰি তেওঁলোকে মানবতাৰ দৃষ্টান্ত দাঙি ধৰিছে।বিশেষকৈ সমাজত থকা বৃদ্ধলোক সকল, শাৰীৰিকভাৱে প্রত্যাহ্বান যুক্ত লোকসকলক অগ্ৰাধিকাৰ দি তেওঁলোকৰ মাজত অত্যাৱশ্যকীয় সামগ্রী বিতৰণত আগভাগ লৈছে যাতে এই সময় ছোৱাত এই সকল লোকে আহুকালত পৰিবলগীয়া নহয়।ঠিক তেনেদৰে সংবাদকর্মী সকল, বিভিন্ন বেচৰকাৰী সংস্থাৰ বিষয়ববীয়া সকলে লগতে সকলো ধৰণৰ জৰুৰীকালীন সেৱাৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলে নিজৰ জীৱনক তুচ্চ কৰি এই সময়ছোৱাত নিজৰ কৰ্তব্য অতি নিষ্ঠা আৰু সততাৰে পালন কৰা দেখা গৈছে। এই সংকত কালৰ সময়ছোৱাত যাতে ভোকৰ ভাত মুঠিৰ পৰা কোনেও বঞ্চিত হ’ৱ নালাগে সেইকথালৈ লক্ষ্য ৰাখি বহু মহানুভাৱ ব্যক্তি স্ব-ইচ্ছাই আগবাঢ়ি আহিছে। ব্যবসায়ী সাংবাদিক,কৃষক, বিভিন্ন চাকৰিয়াল, বেচৰকাৰী সংস্থাৰ কর্মকর্তা, আনকি পেঞ্চনাৰ সকলো আগবাঢ়ি অহা দেখা গৈছে । অর্থনৈতিক ভাবে দুর্বল পৰিয়ালৰ লোকসকলক এই সকল ব্যক্তিয়ে অত্যাৱশ্যকীয় বা খাদ্যসামগ্রী, ঔষধ পথ্য আদি আগবঢ়োৱা দেখা গৈছে। ইয়াৰ মাজতে আমাৰ ৰাজ্যখন চৰকাৰে আহ্বান জনাইছিল যে এপ্ৰিল মাহত চৰকাৰী কৰ্মচাৰী সকলে দৰমহা লাভ কৰাৰ পিছত সেই দৰমহাৰ কিয়দাংশ ধনেৰে পাঁচটা অথবা তিনিটা অৰ্থনৈতিক ভাৱে দুর্বল পৰিয়ালক সহায় কৰিব লাগে । এই আহ্বান কৰাৰ লগে লগে সমগ্ৰ ৰাজ্যখনত ৰাইজৰ অভূতপূর্ব সহাঁৰি আৰু সহযোগিতা দেখা পোৱা গ’ল ।চৰকাৰে ভৱাতকৈও ৰাইজৰ পৰা বহু বেছি সহাঁৰি লাভ কৰিলে।অৱশ্যে চৰকাৰী ভাৱে আহ্বান জনোৱাৰ আগতেই বহু মহানুভৱ ব্যক্তিয়ে নিজা প্ৰচেষ্টা আৰু আন্তৰিকতাৰে এই কাৰ্যসূচী হাতত লৈছিল। আমাৰ সমাজত সততে এটা অভিযোগ উত্থাপন হয় যে বস্তু সর্ব্বস্ব এই সমাজ ব্যৱস্থাত মানুহ বহু আত্মকেন্দ্রিক হৈ পৰিছে। ইজনে আনজনৰ দুখ বুজি নাপায়। অভিযোগ সমূহ মিছাও নহয়।হয়তো সমাজৰ যান্ত্ৰিক গতিয়ে মানুহবিলাককো একোটা যন্ত্ৰলৈয়ে পৰিবৰ্তিত কৰিছে। অৱশ্যে আমি এই সংকট কালত ইয়াৰ এক বিপৰীত প্রতিচ্ছবি দেখা পালোঁ। এজনে আনজনৰ দুখত দুখী হোৱা দেখা গৈছে । ভোকৰ ভাতমুঠি বহুতেই আনৰ মুখটো তুলি দিছে। আশাকর্মী, পৰ্যবেক্ষককে ধৰি স্বাস্থ্যবিভাগৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সকলে নিজৰ জীৱনক তুচ্চ কৰি গাঁৱে গাঁৱে ৰাজ্যবাসীৰ স্বাস্থ্যৰ বতৰা লৈ,স্বাস্থ্যৰ সজাগতা দি দিন ৰাতি একাকাৰ কৰিছে। এয়া নিঃসন্দেহে মানুহৰ মহানুভৱতা আৰু সমাজৰ প্রতি প্রতিটো শ্রেণীৰে থকা সামজিক দায়বদ্ধতা অন্যতম নিদর্শন ।ক’ৰনা মহামাৰীৰ এই সংকট কালৰ সময়ছোৱাই অামাৰ ৰাইজক সামাজিক দায়বদ্ধতাৰ উপযুক্ত শিক্ষা দিলে । এই সময়ছোৱাতে দেখা পোৱা গ’ল যে লকডাউন শিথিল হোৱাৰ সময়ত বহুতে জিলা প্রশাসনৰ অনুমতি লৈ বিবাহকাৰ্যও সমাপন কৰিছে । চৰকাৰী নীতি নিয়ম সম্পূর্ণভাৱে পালন কৰি যথেষ্ট অনুষ্টুপীয়াকৈ পালন কৰিছে। বহু মহানুভৱ ব্যক্তিয়ে নিজৰ বিয়াখনত ৰাহি হোৱা ধন ক’ৰনা চিকিৎসাৰ নিমিত্তে চৰকাৰী সাহাৰ্য্য পূজিলৈ আগবঢ়াইছে । লগতে তেওঁলোকে এইটোও দৃষ্টান্ত সমাজক দেখুৱালে যে বাহ্যিক ৰং চং বাদ দি সামাজিক পৰম্পৰাৰে বিবাহ অনুষ্ঠিত কৰি বাকী ধন সমাজৰ ভাল কামৰ বাবেও খৰচ কৰিব পাৰি । এই দৃষ্টান্ত আমাৰ ভবিষ্যত সমাজৰ পাথেয় হওঁক । বিশ্বত অহা,ৰাজ্যলৈ অহা সংকটপূর্ণ সময়ৰ কেতিয়া অৱসান হ’ৱ সেই কথা কোনেও ক’ৱ নোৱাৰে। কিন্তু আমি সকলোৱে আশাবাদী। অদৃশ্যজনৰ ওচৰত একান্তভাৱে প্রার্থনা জনাইছোঁ যে ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰিবলৈ চিকিৎসা বিজ্ঞানী তথা বিশেষজ্ঞসকলে ইতিমধ্যে ভেকচিন আৱিষ্কাৰৰ ক্ষেত্ৰত সফল হৈছে।আমি এই কোভিদৰ মহাযুদ্ধ খনৰ সতে যুজঁ দি সকলোৱে নিজৰ নিজৰ পৰ্য্যায়ত বহুখিনি অভ্যাস হ’লোঁ। ইতিমধ্যে ভেকচিনৰ উদ্ভাৱনে মানুহক বহুখিনি উৎসাহ আৰু সকাহ দিলে । গতিকে আমি সকলোৱে জীৱনত আগুৱাই যাবলৈ এক নতুন অভিজ্ঞতা আৰু শিক্ষা লাভ কৰিলোঁ। বিশেষকৈ কোভিদৰ সময়ত পাৰ হৈ যোৱা অভিজ্ঞতাসমূহে আমসক ব্যক্তিগত স্বাস্থ্য সচেতনতাৰ শিক্ষা দিলে,সামাজিক দায়বদ্ধতাৰ শিক্ষা দিলে। গতিকে অনাগত দিনত আমি সেইখিনি হাতত সমল হিচাপে লৈ আগবাঢ়িব লাগিব। সকলো বাইৰৰ বাবে কোভিদৰ পৰা সুৰক্ষিত হৈ থকাৰ মূল অস্ৰপাতেই হৈছে সামাজিক সচেতনতা।এতিয়াও বহু লোক আছে আমাৰ ৰাজ্যখনত যিসকলে নিজেও ভেকচিন লবলৈ আগ্ৰহি নহয় আৰু আনকো নিৰৎসাহ কৰে।সকলোৱে ভেকচিন গ্রহণ কৰিবলৈ নিজে আগবাঢ়ি ওলাই আহক।যিমান পাৰি জনসমাগম পৰিহাৰ কৰক।মাস্ক পৰিধান কৰক । যিমানে নিজক বচাই চলিব পাৰিব সিমানেই নিজৰ পৰিয়ালটো, সমাজখন আৰু দেশখন সুৰক্ষিত হ’ব। সেইবাবে এই কথাকেইটা আমি গুৰুত্বসহকাৰে গ্ৰহণ কৰি চৰকাৰে লৈ থকা স্বাস্থ্যৰক্ষা আৰু মহামাৰী নিয়ন্ত্ৰণৰ হকে লৈ থকা কাৰ্য্যব্যৱস্থাৰ প্রতি সহযোগিতা আগবঢ়াব লাগে । তেতিয়াহে হয়তো আমি এখন সুৰক্ষিত সমাজ আশা কৰিব পাৰিম।

মানসী মিশ্ৰ
ফোন: (৮৬৩৮০৬০৩৭৩)