ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা, অসম এথলেটিকছ সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত সৰুসজাইত “জেভলিন ডে” উদযাপন

ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা, অসম এথলেটিকছ সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত সৰুসজাইত “জেভলিন ডে” উদযাপন ,

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নিৰ্দেশ মৰ্মে সমগ্ৰ দেশৰ লগতে অসমতো অসম এথলেটিকছ সন্থাৰ উদ্যোগত “জেভলিন ডে” উদযাপন কৰা হয়। এই উপলক্ষে সৰুসজাইৰ ষ্টেডিয়ামত এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয় ।অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা, অসম এথলেটিকছ সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমু্ং আৰু ক্ৰীড়া সচিব কে জে হিলালীয়ে উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে থাকি বন্তি প্ৰজ্বলনৰে ” জেভলিন ডে” উপলক্ষে আয়োজন কৰা ৰাজ্যিক ভিত্তিত জেভলিন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে।অনুষ্ঠানত ভাষণ ৰাখি ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছাই ক্ৰীড়াৰে অসমৰ যুৱক যৱতী, ছাত্ৰ -ছাত্ৰী সকলোক বিশ্ব জিনাৰ আহ্বান জনায় ।

আনহাতে অসম এথলেটিকছ সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজৰ ভাষণত কয়- দেশৰ পাঁচ খন ৰাজ্যৰ ভিতৰত অসমক উন্নত কৰাৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ যি সপোন সেই সপোন পূৰণ কৰিবলৈ হ’লে ক্ৰীড়া, সাহিত্য, সংস্কৃতিৰ প্ৰতি অসমৰ যুৱ চাম আকৰ্ষিত হ’বই লাগিব। আনহাতে অসমত শীঘ্ৰেই নতুন এথলেটিক একাডেমী স্থাপন কৰা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে। আনহাতে অসমৰ সুস্থিৰ পৰিবেশৰ বাবে ক্ৰীড়া ক্ষেত্ৰত বহু প্ৰতিভাবান খেলুৱৈৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে পঢ়া শুনাৰ লগতে ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত হৈ অসমৰ যুৱ প্ৰজন্মক দেশ তথা ৰাজ্যৰ নাম উজ্বলাই তোলাৰ সংকল্প লবলৈ আহ্বান জনায়।ইফালে ধন্যবাদ সুচক ভাষণত অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক তথা
অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে অসমত ক্ৰীড়াৰ প্ৰতি যুৱ প্ৰজন্মৰ আকৰ্ষণ বৃদ্ধি হোৱা বুলি উল্লেখ কৰে।এই অনুষ্ঠানতে অসম এথলেটিকছ সন্থাই চাৰিগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ক্ৰমে নিবেদিতা গগৈ, কুশল লাহন, ৰজনী চেতিয়া আৰু বিৰাজ কুমাৰ ওজাক সম্বৰ্ধনা জনায়।আনহাতে আজি অনুষ্ঠিত ৰাজ্যিক ভিত্তিত জেভলিন প্ৰতিযোগিতাৰ বিভিন্ন শাখাৰ স্বৰ্ণ জয়ী খেলুৱৈ সকল হ’ল ক্ৰমে ১৪ বছৰ অনুৰ্ধ্ব ল’ৰাৰ শাখাত দ্ৰুণ পেগু (ধেমাজি) ছোৱালীৰ শাখাত পুজা সোণোৱাল (গোলাঘাট) ‌, ১৬ বছৰ অনুৰ্ধ্ব ল’ৰাৰ শাখাত হাদুমগৌৰা ব্ৰহ্ম ( কোকৰাঝাৰ) ছোৱালীৰ শাখাত চিন্ময়া গগৈ ( ডিব্ৰুগড়) ,১৮ বছৰ অনুৰ্ধ্ব ল’ৰাৰ শাখাত চন্দন টায়ে ( ডিব্ৰুগড়) ছোৱালীৰ শাখাত প্ৰমিলা দে ( শিলচৰ), ২০ বছৰ অনুৰ্ধ্ব ল’ৰাৰ শাখাত ৰোহন পেগু ( মাজুলী)ছোৱালীৰ শাখাত কৃষ্ণামণি পেগু (মাজুলী)আৰু পুৰুষৰ শাখাত প্ৰমোদ হাজৰিকা (কাৰ্বি আংলং) মহিলাৰ শাখাত পিংকী ব্ৰহ্ম (অসম আৰক্ষী)৷