ক্ৰিকেটাৰ চি ডি গোপীনাথৰ দেহাৱসান

Pc The Hindu

ক্ৰিকেটাৰ চি ডি গোপীনাথৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ প্ৰথমটো টেষ্ট বিজয়ী দলৰ অন্তিম সদস্য চি ডি গোপীনাথৰ দেহাৱসান। ৯৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। বৃহস্পতিবাৰে চেন্নাইৰ আদয়াৰস্থিত কন্যাৰ ঘৰত টোপনিতে শেষ নিশ্বাস ত্যাগ কৰে গোপীনাথে। ২০২৪ চনত দত্ত গাইকোৱাডৰ মৃত্যুৰ পিছত সেই দলৰ অন্তিমজন সদস্য আছিল গোপীনাথ। তেওঁৰ মৃত্যুৰ লগে লগে ভাৰতীয় ক্ৰিকেটৰ এটা অধ্যায়ৰ অন্ত পৰিল। ১৯৫১-৫২ চনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটা গোপীনাথে টেষ্টখনৰ দুয়োটা ইনিংছত ৫০ আৰু ৪২ ৰান কৰি নটআউট হৈ আছিল। উক্ত শৃংখলাটোৰ অন্তিমখন টেষ্টত চেন্নাইত গোপীনাথে ৩৫ ৰানৰ অৰিহণা আগবঢ়াইছিল। উক্ত টেষ্টত ইংলেণ্ডক পৰাস্ত কৰিছিল ভাৰতীয় দলটোৱে আৰু সেইটোৱেই আছিল ভাৰতৰ প্ৰথম টেষ্ট জয়। ভাৰতৰ হৈ ৮খন টেষ্ট খেলা গোপীনাথে প্রথম শ্ৰেণীৰ ক্ৰিকেটত ৮৩খন মেচ খেলিছিল।