ক্ৰমাৎ হেৰাই যোৱা এক সম্পত্তি
নিবেদিতা হাজৰিকা,লখিমপুৰ
চোতাল – অসমীয়া গঞা সমাজৰ এক চিনাকি শব্দ।অসমৰ গঞা ৰাইজৰ বাবে চোতালখন এবিধ এৰাব নোৱাৰা সম্পদ।গাঁৱৰ ঘৰ এখনত চোতাল এখনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা অনেক। আহল -বহল ,পৰিষ্কাৰ আৰু মচি থোৱা আগচোতাল খন ঘৰখনৰ মৰ্যদা ,চহকী অৱস্থা আৰু আতিথ্যৰ পৰিচায়ক। পুৰণি অসমীয়া সমাজত ডাঙৰ চোতাল থকা ঘৰ খনক চহকী বা অভিজাত পৰিয়াল বুলি গণ্য কৰা হৈছিল।ঐতিহ্যগত ভাৱে অসমীয়া গাঁৱলীয়া জীৱনত চাফ-চিকুন চোতালখন আভিজাত্যৰ পৰিচায়ক। এখন আদৰ্শ অসমীয়া গৃহৰ প্ৰথম শোভা বৰ্ধক হ’ল চোতাল,যাক কেন্দ্ৰ কৰি গঢ়ি উঠে এক শৃংখলাবদ্ধ পৰিৱেশ ।আগচোতাল আৰু পিছ চোতাল বুলি দুখনকৈ চোতাল প্ৰায়বোৰ লোকৰ ঘৰতে দেখা গৈছিল আৰু দুয়োখন চোতাল ভিন্ন-ভিন্ন কামত ব্যৱহাৰ হৈছিল।সামাজিক ,সাংস্কৃতিক আৰু মূলতঃ কৃষি ভিত্তিক কাম-কাজত চোতালখন ব্যৱহৃত হৈছিল।গ্ৰাম্য জীৱনৰ সৰলতা আৰু আত্মীয়তা প্ৰতিফলিত কৰা চোতাল খন অসমীয়াৰ বাবে এক উমাল স্মৃতি আৰু আত্মীয়তাৰ ঠিকনা।উল্লেখ্য যে, চোতালখন কেৱল ঘৰৰ বাহিৰৰ ঠাই নহয়, ই অসমীয়া পৰিয়ালৰ পৰম্পৰা ,জীৱনশৈলী তথা সুখ-দুখৰ অবিচ্ছেদ্য অংগ স্বৰূপ।কৃষি কৰ্মৰ লগত জড়িত লোক সকলৰ বাবে চোতালখন এক অপৰিহাৰ্য অংগ হোৱাৰ দৰে জাতি ,বৰ্ণ নিৰ্বিশেষে অসমৰ প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখৰ চোতাল খন এক বিশেষ আৱশ্যকীয় ,অবিচ্ছেদ্য অংগ সম।
অসমৰ গাঁৱলীয়া সমাজত এখন আদৰ্শ ঘৰৰ প্ৰথম শোভা স্বৰূপ চোতাল খনক কেন্দ্ৰ কৰি গঢ়ি উঠে এক শৃংখলাবদ্ধ পৰিৱেশ। আনহাতে, আমাৰ সমাজত প্ৰতি ঘৰৰ মহিলাই কাউৰী পুৱাতে উঠি চোতালখন সৰাটো এক অতীজৰে পৰা চলি অহা পৰম্পৰা। আজিও গাঁও সমূহত এই দৃশ্য, চোতালৰ অস্তিত্ব বিৰাজমান যদিও চহৰ অঞ্চলত এনে দৃশ্য দুৰ্লভ।পৰিৱৰ্তনে আমাৰ আপোন চোতালখনৰ অস্তিত্বলৈকো সংশয় নমাই আনিছে ।আগৰ দৰে বহল চোতাল নোহোৱা হ’ল। ল’ৰা-ছোৱালীয়ে মুকলি ভাবে খেলিবলৈ ঠাই নোহোৱা বাবে ঘৰৰ ভিতৰত ম’বাইল আদিত সময় পাৰ কৰাৰ অভ্যাস গঢ়ি উঠিল। সেই উমলা ঠাইখন বা তেনেদেৰে খেলাৰ সোৱাদৰ পৰা আজিৰ প্ৰজন্ম বঞ্চিত।অসমীয়া সমাজ জীৱনৰ সেই নিৰ্ভেজাল আবেগ আৰু উমলা ঠাইখনি আজি যেন কেৱল পুৰণি স্মৃতি।
অসমীয়া সমাজ -সংস্কৃতিৰ পৰা চোতালৰ ধাৰণাটো যান্ত্ৰিকতা আৰু নগৰী কৰণৰ ফলত ক্ৰমান্বয়ে হেৰাই গৈছে বা আধুনিকতাৰ পৰশত চিমেণ্টৰ চোতাল হৈছে। ক্ৰমাৎ হেৰাই যাবলৈ ধৰা এই হেৰোৱা চোতালখন কিন্তু কেৱল এক স্থান নহয় বা স্থান নাছিল। ই আছিল সামাজিক মিলন তথা পাৰিবাৰিক বন্ধনৰ প্ৰতীক।পুৰণি দিনৰ সেই উমাল পৰিৱেশটোৰ প্ৰতি মানুহৰ মনত এতিয়াও হেঁপাহ জাগে, চোতালৰ লগত জড়িত স্মৃতি সমূহে আমনি কৰে।কিন্তু সময়ৰ সোঁতত এই সকলোবোৰ হেৰাই যাব ধৰিছে। মাথো স্মৃতি হৈ ৰৈ আছে বা ৰৈ যাব স্মৃতিৰ মনিকোঠাত।যান্ত্ৰিকতাৰ ধামখুমীয়াত আমাৰ সাংস্কৃতিক পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংশ ‘চোতাল’ আজিৰ প্ৰজন্মৰ বাবে কেৱল এটা শব্দত পৰিণত হৈছে বা হ’বলৈ গৈ আছে। ঘৰৰ সন্মুখত এখন চোতালে যি সোন্দৰ্য আনে সেই সৌন্দৰ্য চোতাল বিহীন ঘৰখনত নাথাকে। চোতালৰ লগত বহুলোকৰ বহু স্মৃতি জড়িত হৈ থাকে আৰু আছে।যিখন চোতালে আমাক ডাঙৰ হোৱাত সহায় কৰাৰ পৰা মৰম, আন্তৰিকতাবোৰ ধৰি ৰাখিছিল আজি সেইখিনি মাথো স্মৃতি। আধুনিকতাৰ বাবে আজিৰ নগৰীয়া জীৱনত চোতালৰ পৰিধি সীমিত হৈ আহিছে যদিও গাঁও সমূহত তথা অসমীয়াৰ হৃদয়ত ইয়াৰ স্থান আজিও অপৰিসীম।
