ক্ৰমাৎ শান্ত হৈছে কোকৰাঝাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কোকৰাঝাৰ জিলাৰ কাৰীগাঁও এলেকাত উত্তপ্ত হৈ থকা পৰিৱেশ ক্ৰমাৎ সুস্থিৰ হৈছে। যোৱা ৩৬ ঘণ্টাৰ বিভীষিকাময় পৰিস্থিতিৰ পিছত জিলাখনত পৰিৱেশ শান্ত হৈ পৰিছে যদিও ভিতৰি ভিতৰি এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে। আতংকময় পৰিৱেশৰ পিছত বড়ো আৰু আদিবাসী উভয় সম্প্রদায়ৰ ৬৮০টা পৰিয়ালৰ ২,৯২৯জন লোকে এতিয়া আশ্রয় শিবিৰত অনিশ্চিত ভৱিষ্যতৰ কথা ভাবি ভাগ্যক ধিয়াই চকুলো টুকিছে। কোকৰাঝাৰৰ কাৰীগাঁও এলেকাত পাঁচটা আশ্রয় শিবিৰ খোলা হৈছে আৰু ইয়াৰে চাৰিটা শিবিৰত বড়ো সম্প্ৰদায়ৰ লোকসকলে আশ্রয় গ্রহণ কৰিছে। আনহাতে কাৰীগাঁও হাইস্কুলত আদিবাসী সম্প্রদায়ৰ ৯৯টা পৰিয়ালৰ শিশু, মহিলা, বৃদ্ধকে ধৰি ৪৬৩গৰাকী লোকে আশ্রয় গ্রহণ কৰিছে। ইপিনে গৌজান পুৰী-আমিনপাৰা এলপি স্কুলৰ খেলপথাৰ, হলদিবাৰী এলপি স্কুল, ৬নং বাঁশবাৰী এলপি স্কুল আৰু আউডাং বজাৰত থকা চাৰিটা বড়ো সম্প্ৰদায়ৰ শিবিৰত ২৪৬৬গৰাকী লোকে আশ্রয় গ্রহণ কৰি আছে। ইয়াৰে গৌজানপুৰী-আমিনপাৰা এলপি স্কুলৰ খেলপথাৰত থকা বড়ো সম্প্ৰদায়ৰ লোকসকলে মুকলি আকাশৰ তলত আশ্রয় গ্রহণ কৰি আছে আৰু শীতৰ পৰা পৰিত্ৰাণ পাবলৈ দখনা টানি লৈছে। উল্লেখ্য যে সোমবাৰে কাৰীগাঁও এলেকাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছত মঙলবাৰে সেনাই অঞ্চলটোত ফ্লেগমার্চ কৰে। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে সদৰী কৰা মতে, সেনা বাহিনীৰ এটা কোম্পানী কোকৰাঝাৰত উপস্থিত হৈছে আৰু ৰেপিড একচন ফ’ৰ্চো উপস্থিত হৈছে। যিমানদূৰ সম্ভৱ অতি সোনকালে আশ্রয় শিবিৰত থকা লোকসকলক নিজ নিজ ঘৰলৈ পঠিওৱা হ’ব বুলিও মন্তব্য কৰিছে জিলা আয়ুক্ত পংকজ চক্রৱতীয়ে। আনহাতে অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান (আইন শৃংখলা) অখিলেশ সিং আৰু বিটিচিৰ আৰক্ষী মহাপৰিদৰ্শক বিবেকৰাজ সিঙে কাৰীগাঁও এলেকাত থকা আশ্রয় শিবিৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আশ্রয় শিবিৰত থকা লোকসকলৰ অভাৱ-অভিযোগৰ বুজ লয়।প্ৰশাসনৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰি আশ্রয় শিবিৰত থকা একাংশ লোকে অতিশীঘ্রে ক্ষতিপূৰণ আৰু পুনঃসংস্থাপনৰ দাবী জনাইছে। তদুপৰি জীৱন, সা-সম্পত্তিৰ সুৰক্ষা-নিৰাপত্তা বিচাৰিছে ভুক্তভোগী লোকসকলে। দুয়ো জনগোষ্ঠীৰ ডজনাধিক ঘৰ-বাৰী জ্বলি ছাই হোৱাৰ লগতে দুয়ো জনগোষ্ঠীৰ সা-সম্পত্তি, নথি-পত্র জ্বলি ছাই হৈছে বুলি মন্তব্য কৰি আশ্রয় শিবিৰত থকা একাংশ লোকে সন্তানৰ এডমিট পর্যন্ত জ্বলি ছাই হোৱাত পৰীক্ষাৰ্থীসকল সমস্যাত পৰিছে বুলি উল্লেখ কৰে। প্ৰচণ্ড ঠাণ্ডাৰ পৰিপ্ৰেক্ষিতত আশ্রয় শিবিৰত থকা শিশু, মহিলা, ৰুগীয়া, বৃদ্ধলোকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু অন্ন-বস্ত্র- বাসস্থানৰ অভাৱত আশ্রয় শিবিৰত থকা লোকসকলৰ দুৰ্ভোগৰ সীমা নোহোৱা হৈছে। এনে এক পৰিস্থিতিৰ মাজতে আজি আশ্রয় শিবিৰসমূহ পৰিদৰ্শন কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এবছৰ সভাপতি দ্বীপেন বড়ো, আছা, চাওতাল সন্থাৰ নেতৃবর্গ, ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীৰ নেতৃত্বত ইউপিপিএলৰ প্ৰতিনিধি দল এটাই। তদুপৰি বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গও পৰিস্থিতিৰ বুজ ল’বলৈ আৰু শান্তিৰ বাণী লৈ আশ্রয় শিবিৰসমূহ পৰিদৰ্শন কৰে। ইপিনে আশ্রয় শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্রহ্মই কয় যে সমগ্র ঘটনাটো দুর্ভাগ্যজনক আৰু চৰকাৰ-প্ৰশাসন শান্তি ঘূৰাই অনাৰ চেষ্টাত ব্ৰতী হৈছে। সংঘর্ষ যাতে বিয়পি নাযায় তাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে আৰু বৰ্তমান অঞ্চলটোত শান্তি বিৰাজ কৰিছে। কিহৰ বাবে ঘটনাটো সংঘটিত হ’ল তাৰ তদন্ত চৰকাৰে কৰিব বুলি মন্তব্য কৰি উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে পুৰণিকালৰে পৰা কাৰীগাঁও অঞ্চলত বড়ো আৰু আদিবাসী সম্প্রদায়ে মিলাপ্ৰীতিৰে বসবাস কৰি আহিছিল। কালিৰ ঘটনাটো স্থানীয় লোকে বিচৰা নাছিল, কিন্তু বাহিৰৰ পৰা একাংশ লোকে আহি কৰা বুলি অভিযোগ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি চৰকাৰে সেই বিষয়তো তদন্ত কৰিব বুলি মন্তব্য কৰিছে উৰ্খাও গৌৰা ব্ৰহ্মই। বর্তমান শান্তি ঘূৰাই অনা আৰু পাৰস্পৰিক বুজাবুজি, ভাতৃত্ববোধ বৰ্তাই ৰখাটো অতীব প্রয়োজনীয় আৰু এই বিষয়ত এবছু, আছা, চাওতাল ছাত্র সন্থা, সাহিত্য সভা আৰু আন জাতীয় সংগঠনসমূহে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে বুলি মন্তব্য কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। তদুপৰি আশ্রয় শিবিৰসমূহত পর্যাপ্ত পৰিমাণে ৰেচন যোগান ধৰিবলৈ নির্দেশনা দিয়া হৈছে বুলি সদৰী কৰিছে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। আনহাতে এবছৰ সভাপতি দ্বীপেন বড়োৱে আশ্রয় শিবিৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ শান্তিৰ হকে কাম কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে শান্তিপূর্ণ প্ৰতিবাদৰ পিছত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। দুষ্কৃতিকাৰীয়ে চাওতালসকলৰ কেইবাটাও ঘৰ জ্বলাই দিয়াৰ পিছত বড়োসকলৰো কেইবাটাও ঘৰ জ্বলাই দিয়ে। কালি সন্ধিয়াই পৰিস্থিতি নিয়ন্ত্ৰণত আহে আৰু পৰিৱেশ স্বাভাৱিক কৰিবলৈ চৰকাৰ-প্ৰশাসন, এবছুৰ লগতে আন দল-সংগঠন সকলোৱে প্রচেষ্টা কৰে। পুনৰ যাতে আক্রমণ-প্রত্যাক্রমণ নহয় তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাই দ্বীপেন বড়োৱে কয় যে কালিৰ ঘটনাটো কোনো বড়ো-আদিবাসীৰ সংঘাত নাছিল নতুবা এয়া কোনো গোষ্ঠী সংঘর্ষও নহয়। ঘটনাটো আছিল এটা হত্যাকাণ্ড আৰু দুষ্কৃতিকাৰীয়ে ছিকনা জৌহ্লাও বিস্মিতক হত্যা কৰিছিল। হত্যাকাৰীয়ে শাস্তি পাবই লাগিব বুলি মন্তব্য কৰি মৃতকৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ আৰু নিকটাত্মীয়ক এটা চৰকাৰী চাকৰি দিবলৈ দাবী জনোৱাৰ সমান্তৰালভাৱে নিহত সুনীল মুৰ্মৰ পৰিয়াললৈও আর্থিক সাহায্যৰ দাবী উত্থাপন কৰিছে। আশ্রয় শিবিৰত এতিয়াও দখনা টানি আশ্রয় ল’বলগীয়া পৰিস্থিতিত অসন্তুষ্টি প্রকাশ কৰি দ্বীপেন বড়োৱে অতি সোনকালে সাহায্য আৰু পুনঃসংস্থাপন দিবলৈ দাবী জনাইছে। তদুপৰি ভাওৰাগুৰি অঞ্চলত এটা আৰক্ষী চকী স্থাপনৰ দাবী জনাই এ বছৰ সভাপতি দ্বীপেন বড়োৱে সকলোকে পূৰ্বৰ দৰে ভাতৃত্ববোধ বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। আনহাতে বিটিচিৰ আৰক্ষী মহাপৰিদৰ্শক বিবেকৰাজ সিং, অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান (আইন শৃংখলা) অখিলেশ সিঙে জনসাধাৰণক আইন হাতত তুলি নল’বলৈ আহ্বান জনাইছে। আইনৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনাই অখিলেশ সিঙে উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান জনাইছে। তদুপৰি ছ’চিয়েল মিডিয়াত ভুৱা আৰু আপত্তিজনক প্ৰচাৰ কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰি সম্পূৰ্ণ স্বাভাৱিক অৱস্থা হ’লেহে ইণ্টাৰনেট পুনৰ ‘ৰেষ্টৰ’ কৰা হ’ব বুলি মন্তব্য কৰিছে অখিলেশ সিঙে।
