ক্ষেত্রীত দুর্ঘটনাত আহত ট্রাক চালকক উদ্ধাৰ মন্ত্ৰী পীযূষ হাজৰিকাৰ 

ক্ষেত্রীত দুর্ঘটনাত আহত ট্রাক চালকক উদ্ধাৰ মন্ত্ৰী পীযূষ হাজৰিকাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  দেওবাৰে ক্ষেত্ৰীত সংঘটিত এটা দুর্ঘটনাত গুৰুতভাৱে আহত ট্রাকচালকক উদ্ধাৰ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই। প্রাপ্ত তথ্য অনুসৰি, মন্ত্ৰী হাজাৰিকাৰ খুড়াক, সমাজসেৱক নাথুৰাম হাজৰিকাৰ দেওবাৰে পুৱা মৃত্যু হয়। আঁহতগুৰিত প্রয়াত খুড়াকৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰি গুৱাহাটীলৈ ঘূৰি আহি থকা সময়ত ক্ষেত্রীত সংঘটিত হোৱা দুর্ঘঘটনাটো প্রত্যক্ষ কৰে মন্ত্ৰী হাজৰিকাই। এখন বালিভর্তি ৰৈ থকা ডাম্পাৰত মিনি ট্রাকে খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত হয় ট্রাকচালকজন। মন্ত্রী হাজৰিকাৰ তৎপৰতাত সেই স্থানত আৰক্ষীসহ উদ্ধাৰকাৰী দল উপস্থিত হৈ ট্রাক খনৰ পৰা চালকজনক উদ্ধাৰ কৰে। আহত চালকজনক প্রাথমিক চিকিৎসাৰ বাবে সোণাপুৰ হাস্পতাললৈ প্ৰেৰণ কৰে আৰু পৰৱৰ্তী পৰ্যায়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণৰ বাবে নির্দেশ দিয়ে। এইক্ষেত্রত মন্ত্রী হাজৰিকাই প্রয়োজন অনুসৰি সহায় আগবঢ়াব বুলিও উল্লেখ কৰে।