ক্ষমা বিচাৰি কি ক’লে ‘বেহাৰবাৰী আউটপোষ্ট’ত সকলোৰে আপোন মোহনে ?

rongilibarta

ক্ষমা বিচাৰি কি ক’লে ‘বেহাৰবাৰী আউটপোষ্ট’ত সকলোৰে আপোন মোহনে ?

ৰঙিলী বাৰ্ত্তাসেৱা – বেহাৰবাৰী আউটপ’ষ্টৰ মোহনখ্যাত অভিনেতা দ্বীপজ্যোতি কেওটে মোহিনীৰ চৰিত্ৰত অভিনয় কৰোতে ৰূপায়ণ কৰা চুম্বনৰ দৃশ্যাংশই সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।সমুদ্ৰ মন্থন নামৰ নাটখনত দ্বীপজ্যোতিয়ে মোহিনীৰ চৰিত্ৰত অভিনয় কৰা সময়ছোৱাত অসুৰক চুম্বন কৰা, ‘ফ্লায়িং কিছ’ কৰা দৃশ্যই সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে অভিনেতাগৰাকীয়ে গুৰুজনাৰ সংস্কৃতিক অপমান কৰাৰো অভিযোগ উঠিছে।অসুৰক চুমা খাই ৰোষত পৰিল মোহিনীৰ চৰিত্ৰত অভিনয় কৰা মোহন।এই কাৰ্যৰ বাবে অভিনেতা দ্বীপজ্যোতি সন্মুখীন হৈছে তীব্ৰ সমালোচনাৰ৷গুৰুজনাৰ অংকীয়া ভাওনাক অপমান কৰা বুলি সমালোচনাৰ জোৱাৰ উঠিছে ‘মোহন’ৰ বিৰুদ্ধে।অৱশ্যে,এই বিতৰ্কৰ পাছতে সংবাদ মাধ্যমত ৰাজহুৱাভাৱে ক্ষমা খুজিলে অভিনেতাগৰাকীয়ে৷ অভিনেতাগৰাকীয়ে চুম্বন কৰাৰ কথা অস্বীকাৰ কৰি কয় যে, তেওঁ অসুৰক কাণে কাণে কথা কোৱাৰ দৃশ্যকে দৰ্শকে চুমা খোৱা বুলি ভাবিছে।অৱশ্যে ‘ফ্লায়িং কিছ’ দিয়াৰ বাবে তেওঁ ক্ষমা বিচাৰে।অভিনেতাগৰাকীয়ে লগতে কয়, ভৱিষ্যতে তেওঁ ভাওনাত অভিনয় কৰোঁতে অধিক সাৱধান হ’ব।