“ক্লান্ত অপেক্ষাৰ শেষ আশ্ৰয়” – নাচিমা য়াচমিন

Pc istock

“ক্লান্ত অপেক্ষাৰ শেষ আশ্ৰয়”

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

যি অভ্যাসে এসময়ত
তোমাৰ নামতেই মোৰ দিন গণিছিল,
ৰাতিৰ নিস্তব্ধতাত
তোমাৰ উপস্থিতি বিচাৰি ফুৰিছিল,
সেই অভ্যাসেই এদিন
অচিনাকি পথত তোমাক লগ ধৰিব,
য’ত তোমাৰ স্মৃতিবোৰ
আৰু পথচিহ্ন হৈ নাথাকিব।
তোমাৰ শূন্যতা পূৰণ কৰিবলৈ
কোনো বিকল্প আহিব নে নাহিব
সেইয়া গুৰুত্বহীন,
কিয়নো তোমাক কেন্দ্ৰ কৰি
নিজেক অৱহেলা কৰাৰ
কাৰণসমূহ তেতিয়া
ধ্বংসস্তূপত পৰিণত হ’ব।
অবহেলাই অপেক্ষাকো ক্লান্ত কৰে,
আৰু ক্লান্ত অপেক্ষাই
শেষত বিস্মৃতিক আশ্ৰয় দিয়ে।