কোৱা আৰু শিয়ালৰ কথাৰে
কোৱাৰি ফাটি বিষালী হ’ল আমাৰ এটি কোৱা।
দুখৰ সমভাগী সখা শিয়ালে সুধিলে ,” কথাটো কি কোৱা, আমাকো এবাৰ কোৱা। “
আঁতি- গুৰি মাৰি কথাটো ক’বলৈ মুখ মেলোতেই উৰি গ’ল কোৱাৰ প্ৰাণবায়ু ।
সান্ত্বনা দিলে সবে মিলি শিয়ালক ,” দুখ নকৰিবা বপু,পৰমেশ্বৰে ইমানেই লিখিছিল আমাৰ কোৱাৰ আয়ু।”
কোৱাৰ দুখত শিয়াল বপুয়ে বাদ দিলে খোৱা-বোৱা।
প্ৰতি নিশাই ৰাউচি জোৰে , কেৱল মাথো হোৱা- হোৱা।
শিয়াল- কোৱাৰ বন্ধুত্বৰ ইমানতেই শেষ হ’ল সাধু।
সুখৰ দিনত দুয়ো মিলি কিমান ৰঙ- ৰহইচ কৰিছিলে মনত পৰেনে বাৰু??
মইনাহঁত , তোমালোকে অৰণ্যৰ জীৱ- জন্তুৰো খবৰ খাতি ল’বা ।
তেহে তোমালোকো প্ৰকৃত মানুহ আৰু সুনাগৰিক হ’বা।
মৰমেৰে জগত জিনাৰ চিনি ল’বা যাদু।পঢ়া- শুনাৰ লগতে ভাল কামবোৰো সদায়ে কৰি থাকিবা কিন্তু।
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ, শোণিতপুৰ–784001
8822943064