অনলাইন বাৰ্ত্তাসেৱা – উত্তৰাখণ্ড চৰকাৰে মঙলবাৰে কোভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি বাৰ্ষিক কানৱাৰ তীৰ্থযাত্ৰা বাতিল কৰাৰ সিদ্ধান্ত লয়। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে ‘ঈশ্বৰে ইয়াক ভাল নাপাব যদিহে এই যাত্ৰাৰ ফলত প্ৰাণ হানি হয়’। এই বুলি উল্লেখ কৰাৰ কিছুদিনৰ পিছতেই এইটো খবৰ প্ৰকাশ পাইছে। উল্লেখযোগ্য যে দিল্লী, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ কোটি কোটি ভক্তই বাৰ্ষিক তীৰ্থযাত্ৰাৰ বাবে উত্তৰাখণ্ড ভ্ৰমণ কৰে।
(UD.)