কোভিড ভেকছিনবোৰৰ মুখ্য উদ্দেশ্য হৈছে সংক্ৰমণ, চিকিৎসালয়ত ভৰ্তি হোৱা আৰু মৃত্যুৰ তীব্ৰতা হ্ৰাস কৰা: আইচিএমআৰ

Pc Hindustan times

কোভিড ভেকছিনবোৰৰ মুখ্য উদ্দেশ্য হৈছে সংক্ৰমণ, চিকিৎসালয়ত ভৰ্তি হোৱা আৰু মৃত্যুৰ তীব্ৰতা হ্ৰাস কৰা: আইচিএমআৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) মুৰব্বী ডাঃ বলৰাম ভাৰ্গৱে কয়, “সকলো কোভিড-১৯ ভেকছিন মুখ্যতঃ ৰোগ সংশোধনকাৰী। এইবোৰে সংক্ৰমণ প্ৰতিৰোধ নকৰে।” তেওঁ ৰাইজক টিকাকৰণৰ আগতে আৰু পিছত মাস্ক পিন্ধিবলৈ আৰু সুৰক্ষিত থাকিবলৈ গণ সমাৱেশ পৰিহাৰ কৰিবলৈ আহ্বান জনায়। সংবাদ মাধ্যমৰ লোকসকলক অৱগত কৰোঁতে তেওঁ লগতে কয় যে ভেকছিনবোৰৰ মুখ্য উদ্দেশ্য হৈছে সংক্ৰমণ, চিকিৎসালয়ত ভৰ্তি হোৱা আৰু মৃত্যুৰ তীব্ৰতা হ্ৰাস কৰা।