কোন বেছি শক্তিশালী: ঘৃণা নে অনুৰাগ – নাচিমা য়াচমিন

কোন বেছি শক্তিশালী: ঘৃণা নে অনুৰাগ

নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি

 ঘৃণা কৰিবই লাগিব বুলি তেনে একো কথা নাই। কিন্তু কেতিয়াবা কিছূমান মানুহ আমাৰ মন -হৃদয়ৰ পৰা উঠি যায়— সেইয়া বন্ধুত্বই হওক, বা আপোন মানুহেই হওক বা আত্মীয়-স্বজন। আগৰ দৰে সিহঁতৰ প্ৰতি আমাৰ আকর্ষণ বা আগ্ৰহৰ অৱশিষ্ট নাথাকে। সিহঁতৰ প্ৰতি মায়া অনুভৱ নোহোৱা  হয়। চকুৰ সন্মুখত  সিহঁতৰ জীৱন ভস্মীভূত হৈ  পতনলৈ গতি কৰা দেখিলেও  ক’বলৈ মন নাযায় — “তোমাৰ বৰ বেছি কষ্ট হৈ আছে নি?”

হ’ব পাৰে ঘৃণা বহুত বেছি ভয়ংকৰ কিন্তু আগ্ৰহ-অনুৰাগৰ হ্ৰাস হোৱা  তাতোকৈ অধিক ভয়ংকৰ। ই হৈছে এক প্ৰকাৰৰ নীৰৱ বিষ, যি কাৰোবাৰ জীৱন ধ্বংসৰ মুখত ঠেলি দিব পাৰে।