কোনো হিন্দু পৰিয়াল-খিলঞ্জীয়া মুছলমানৰ বাসগৃহলৈ জাননী যোৱা নাইঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ পুনৰীক্ষণ (এছআৰ) প্ৰক্ৰিয়াত বহু লোকলৈ জাননী প্ৰেৰণ কৰাক লৈ বিৰোধীয়ে কৰি অহা অভিযোগক উভতি ধৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী ড° শৰ্মাই কয়- এছ আৰত কোনো বিতর্ক নাই। কোনজন হিন্দু মানুহৰ ঘৰলৈ, কোনজন খিলঞ্জীয়া মুছলমানৰ ঘৰলৈ জাননী আহিছে? মিঞাক অলপ উৎপাত কৰিব লাগিবই, নহ’লে মুৰৰ ওপৰত উঠিব । মই আগতে কৈছোঁ- পাৰোঁ-নোৱাৰোঁ মিঞাক দিগদাৰী কৰি থাকিম। ইয়াক লুক-ঢাক কৰিবলৈ একো নাই, মিঞাক দিগদাৰী কৰিয়েই আছোঁ। মিঞাক পাৰোঁ-নোৱাৰোঁ পিছৰ কথা, কিন্তু দিগদাৰী কৰি থাকিম। বিজেপি থকালৈকে মিঞাৰ বিৰুদ্ধে উৎপাত চলিবই। মিঞাই বুজি পাব লাগিব যে অসমীয়াই ক’ৰবাত নহয় ক’ৰবাত তেওঁলোকক প্ৰতিৰোধ কৰি আছে। নহ’লে ক’তোৱেই যদি প্ৰতিৰোধ নকৰোঁ, ৱাকঅভাৰ পাই যাব। সেয়েহে এছ আৰৰ জৰিয়তে দুই-চাৰিখন ন’টিচ যাব, উচ্ছেদৰো দুই-চাৰিখন ন’টিচ যাব, সীমান্ত আৰক্ষীৰো ন’টিচ যাব। এইবিলাক উৎপাত আমি কৰিয়েই থাকিম। আইনৰ গণ্ডীৰ ভিতৰত যিমান ব্যৱস্থা আছে সেই ব্যৱস্থাৰ জৰিয়তে ন’টিচ দিয়াৰ আমাৰ অধিকাৰ আছে, যিকোনো বিজেপিৰ লোকে অভিযোগ দিব পাৰে, গতিকে অভিযোগ দিয়া হ’ব। সীমান্ত আৰক্ষীক যিকোনো লোকে সন্দেহযুক্ত লোকৰ বিৰুদ্ধে অভিযোগ দিব পাৰে, গতিকে সেই অভিযোগো আমি দিম। চৰকাৰী মাটিত বহিলেও আমি ন’টিচ দিব পাৰোঁ, দিম। গতিকে আমি অলপ অলপ উৎপাত কৰিয়ে থাকিম। নহ’লে মিঞাই ভাবিব, অসমীয়াক আমি ফুৱাই উৰুৱাই দিলোঁ। এতিয়া ওপৰত ৰ’লাৰখন চলাই দিলেই হ’ব। তেনেকৈ নহ’ব। মিঞা হওক, অসমীয়া হওক, দুখীয়া-দৰিদ্ৰ সকলো লোকৰ লগত এই চৰকাৰ আছে। কিন্তু আমাৰ জাতিটোক শেষ কৰি দিয়া লোকৰ লগত আমি নাই। জাতিটোৱে ক’ৰবাত নহয় ক’ৰবাত প্ৰতিৰোধ কৰি থাকিব লাগিব। মই থকালৈকে সন্দেহযুক্ত মিঞাক দিগদাৰী কৰিয়ে থাকিম। মোক বুদ্ধিজীৱীয়ে লৰচৰ কৰাব নোৱাৰে। উচ্ছেদ হ’বই, বহুবিবাহ বন্ধ হ’ব। বুদ্ধিজীৱীয়ে বুদ্ধিজীৱীৰ কাম কৰক, মই মোৰ কাম কৰিম। গতিকে এছ আৰৰ যোগে জাননী গৈছে । অফিচলৈ আহিছে,অলপ কষ্ট খাইছে । এইবিলাকতো দি থাকিবই লাগিব ।
