কোনো বিমান সংস্থাকে গ্রাহকক হাৰাশাস্তি কৰিবলৈ দিয়া নহ’বঃ কেন্দ্ৰ

Pc The Hans India

কোনো বিমান সংস্থাকে গ্রাহকক হাৰাশাস্তি কৰিবলৈ দিয়া নহ’বঃ কেন্দ্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিগত কেবাদিন ধৰি দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ বিমান সেৱা দেশজুৰি বিপর্যস্ত হৈ পৰাত অগণন যাত্ৰীৰ মাজত যি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল তাক লৈ সদনত আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী ৰামমোহন নাইডুয়ে কয় যে ইণ্ডিগ’ৰ বিমান সেৱাৰ এই বিপৰ্যয় শীঘ্ৰে সুস্থিৰ হ’ব। তেওঁ পুনৰ নিশ্চিত কৰে যে সুৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব। যাত্রীসকলক সুৰক্ষা প্ৰদান কৰা হ’ব। দেশৰ অসামৰিক বিমান পৰিবহণ ব্যৱস্থাটোক শক্তিশালী কৰাৰ বাবে সংশোধনীমূলক দীর্ঘদিনীয়া ব্যৱস্থা গ্রহণ কৰা হৈছে। মন্ত্ৰী ৰামমোহন নাইডুয়ে সদনত কয় যে কোনো বিমান সংস্থাকে যাত্ৰীসকলক হাৰাশাস্তি কৰাৰ অনুমতি দিয়া নহয়। সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব। দেশৰ বৃহত্তম বিমান পৰিবহণ সংস্থা ইণ্ডিগ’ৰ বিমান সেৱাৰ ক্ষেত্ৰত সৃষ্টি হোৱা হাহাকাৰ পৰিস্থিতি আৰু সংস্থাটোৰ শ শ বিমানৰ সেৱা বাতিল কৰাৰ পৰিপ্ৰেক্ষিতত হাজাৰ হাজাৰ যাত্ৰীয়ে ভুগিবলগীয়া হোৱা যাতনাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ স্থিতি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। বিমান সংস্থাৰ দায়বদ্ধতা নিশ্চিত কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়- ‘ডিজিচিএয়ে ইণ্ডিগ’ৰ জ্যেষ্ঠ নেতৃবৰ্গলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে আৰু এক বিশদ এনফ’চমেণ্ট তদন্ত আৰম্ভ কৰিছে। ইয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰি বিমান সেৱা নীতি আৰু আইন অনুযায়ী কঠোৰ আৰু যথাযথ কাৰ্যব্যৱস্থা লোৱা হ’ব। তেওঁ কয় যে যিমানেই ডাঙৰ নহওক, যিকোনো বিমান সংস্থাকে যাত্ৰীক হাৰাশাস্তি কৰিবলৈ অনুমতি দিয়া নহ’ব। অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰত সুৰক্ষা নিশ্চিত কৰা হ’ব।’ মন্ত্ৰীগৰাকীয়ে কয় যে দেশত সৃষ্টি হোৱা এই অব্যৱস্থাৰ বাবে যিসকল দায়ী, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব। সেইবাবে চাৰিজনীয়া সদস্যৰ এখন সমিতিয়ে ইণ্ডিগ’ বিপৰ্যয়ৰ তদন্ত কৰি আছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ইণ্ডিগ’ বিমান সংস্থাক খৰতকীয়াকৈ যাত্ৰীৰ টিকটৰ ধন ঘূৰাই দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তেওঁলোকে জনোৱা মতে এইপর্যন্ত যাত্রীসকলক ৭৫০ কোটি টকা ঘূৰাই দিয়া হৈছে। তেওঁ কয় যে চৰকাৰে এক কঠোৰ আৰু অধিক প্রতিযোগিতামূলক অসামৰিক পৰিবহণ ব্যৱস্থা গঢ়ি তুলিবলৈ বদ্ধ পৰিকৰ। তেওঁ কয়- ‘আমাৰ নীতিসমূহৰ মাজেৰে আমি ভাৰতত আৰম্ভ কৰিবলৈ আৰু কাম-কাজ চলাবলৈ অধিক নতুন এয়াৰলাইন্সক উদগনি যোগোৱা হ’ব।’