কোনো ঘৰুৱা আচবাবেই কিতাপৰ দৰে ধুনীয়া নহয়
নিবেদিতা হাজৰিকা, লখিমপুৰ
জ্ঞানৰ পোহৰেৰে আলোকিত হোৱা মাধ্যম সমূহৰ অন্যতম হৈছে কিতাপ ।কিতাপৰ এক সুকীয়া সুৱাস আৰু সৌন্দৰ্য আছে। যি এবাৰ সেই সৌন্দৰ্য পানৰ সোৱাদ লাভ কৰিছে তেনে ব্যক্তি দ্বিতীয় বাৰ সেই সৌন্দৰ্য আৰু ৰস পান কৰিবলৈ ভিতৰি উদ্বাৱল হৈ থাকে। বন্ধুত্ব যেতিয়া কিতাপৰ লগত গঢ়ি উঠে প্ৰতিটো মুহুৰ্তই হৈ পৰে স্মৰণীয়।কিতাপৰ পৰা পোৱা জ্ঞান ,শক্তি , মানসিক তৃপ্তি ,প্ৰজ্ঞা, স্নেহ, দয়া, ক্ষমা তথা উচ্চ স্তৰীয় মনোৰঞ্জন আদিয়ে এজন মানুহৰ মানৱীয় সত্বাক শক্তিশালী কৰি তোলে। কিতাপৰ সান্নিধ্যত মনৰ পৰা অদৰকাৰী চিন্তা, হতাশা আদি দূৰ হয় ।বস্তুবাদী চিন্তাই মনত ঠাই নাপায়। কিন্তু দুখৰ বিষয় আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত আধুনিকতাৰ ধামখুমীয়াত , বাহ্যিকতাক প্ৰায় সংখ্যক মানুহে নিজক হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে।বস্তুবাদী ,ভোগবাদী পৃথিৱীত মানুহে কেৱল নিজক জাহিৰ কৰিবলৈ গৈ, আনৰ আগত নিজৰ সম্পত্তি আদি দেখুৱাই বা:বা: লোৱাৰ , চমক সৃষ্টি কৰাৰ যি মানসিকতা গঢ় লৈ উঠিছে সেই মানসিকতা আমাৰ বাবে যথেষ্ট ক্ষতিকাৰক। নিজৰ ঘৰখন আধুনিক আচবাব আদিৰে চকু চাট মাৰি ধৰাকৈ সজোৱাত মগ্ন থকা সকলৰ বহুতেই কিন্তু কম মূল্যৰ কিতাপ এখন কিনাৰ কথাও।এবাৰলৈও নাভাবে।আন নালাগে বহু ধনী ব্যক্তিৰ ঘৰতো এখন বাতৰি কাকত কিনি পঢ়া দেখা নাযায়। বহু ধনী- মানি ব্যক্তিৰ ঘৰত অৱশ্যে কিতাপৰ আলমাৰি একোটা দেখা যায় যদিও লগতে সুদৃশ্য একোটা তলাই সেই আলমাৰিটোৰ ৰখীয়া হৈ থিয় হৈ থকা বাবে আৰু আলমাৰীৰ চাবিটো ঘৰখনৰ আন এজনৰ হাতত থকা বাবে সেই ঘৰ খনত পদধূলা দিয়া আলহী -দুলহী আদিয়ে সেই সংগ্ৰহিত কিতাপৰ খিনিৰ সোৱাদ ল’বলৈ মন থকা স্বত্বেও ইয়াৰ পৰা বঞ্চিত হ’ব লগা হয়। আনহাতে বহু মানুহৰ ঘৰত আধুনিকতাৰ পৰিচয় বহন কৰা আধুনিক আচবাবেৰে প্ৰতিটো কোঠা সমৃদ্ধ। অথচ এখন কিতাপ চকুত নপৰে। তেনে ঘৰ সমূহত ঘৰৰ সন্তানৰ পাঠ্য পুথিৰ বাহিৰে অন্য এখনো কিতাপ/ আলোচনী আনকি এখন বাতৰি কাকতো দেখা নাযায়। ব্যস্ততাৰ দোহাই দি কিতাপৰ সান্নিধ্যৰ পৰা আঁতৰি থকা এই সকল লোক এক প্ৰকাৰ দুৰ্ভগীয়া। দামী -দামী আচবাব আদিয়ে ঘৰ খনৰ আৰ্থিক স্বচ্ছলতাৰ পৰিচয় বহন কৰে ঠিকেই। কিন্তু কিতাপ বিহীন ঘৰ এখনৰ মালিক আৰু ঘৰ খনৰ সৌন্দৰ্য চকুত লগা হ’লেও সেই সৌন্দৰ্য আধৰুৱা , অপূৰ্ণ যেন ভাব হয়।কিতাপ বিহীন এখন ঘৰ খিৰিকী বিহীন এটা কোঠা সদৃশ। কিতাপৰ সৌন্দৰ্য আৰু সুৱাসে ঘৰ এখনক এক অন্য মাত্ৰা প্ৰদান কৰে। ঘৰ খনৰ সৌন্দৰ্য বৃদ্ধিৰ বাবেই সাধাৰণতে আচবাব আদি গোটোৱা হয়।যিবোৰ এটা সময়ত বেয়া হৈ পৰে। ব্যৱহাৰৰ অনুপযোগী হৈ পৰে। আনকি পুৰণি ,সময়ৰ লগত খাপ নোখোৱা বুলি ঘৰৰ একোণত পেলাই থোৱাও দেখা যায়। কিন্তু কিতাপৰ ক্ষেত্ৰত সেইটো নহয়। কিতাপ যিমানে পুৰণি হয় সিমানে তাৰ মূল্য বৃদ্ধি পায়, আদৰ বৃদ্ধি পায়। সংৰক্ষণৰ প্ৰয়োজন অনুভৱ হয় আৰু সেইমতে ব্যৱস্থাও গ্ৰহণ কৰা দেখা যায়। কিয়নো পুৰণি কিতাপ পঢ়াৰ আন এক সুকীয়া মাদকতা আছে। পুৰণি আচবাবৰ দৰে ইয়াক পুৰণি হোৱাৰ বাবে মূল্যহীন বুলি ভবা নহয় । বৰঞ্চ স-যত্নে ৰখা হয়। কোনো ঘৰুৱা আচবাবেই কিতাপৰ দৰে ধুনীয়া নহয়। সেয়ে সৌন্দৰ্যবহনকাৰী আন সম্পদ বা সম্পত্তিৰ দৰেই মূল্যবান কিতাপৰ মূল্য আৰু গুৰুত্ব বুজি পোৱা উচিত। কিয়নো কিতাপে ঘৰৰ আচবাবৰ হানি নকৰে। বৰঞ্চ আন সম্পত্তিৰ তুলনাত কিতাপে ঘৰৰ সৌন্দৰ্য, সৌষ্ঠৱ বৃদ্ধিত সহায় হে কৰে। যিয়ে ঘৰ খনৰ আন এটা দিশ উন্মোচিত কৰে। সেয়ে অমূল্য এই সম্পদ বিধক আমি মূল্য দিবলৈ শিকা উচিত।