কোনো কাৰণতে কৰ্কট প্রতিষ্ঠানৰ মাচুল বৃদ্ধি নহয়: মুখ্যমন্ত্রী

কোনো কাৰণতে কৰ্কট প্রতিষ্ঠানৰ মাচুল বৃদ্ধি নহয়: মুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যিক কৰ্কট প্রতিষ্ঠানত চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্র প্রতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কোনো কাৰণতে কৰ্কট প্রতিষ্ঠানৰ মাচুল বৃদ্ধি নহয় বুলি স্পষ্ট কৰে। উল্লেখ্য যে গুৱাহাটীৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিৰে ৰোগী আৰু অভিভাৱকক বিপাঙত পেলাইছিল কর্তৃপক্ষই। জেনেৰেল বেডৰ মাচুল ২০০ টকাৰ পৰা ১,৫০০ টকা, পঞ্জীয়ন মাচুল ১০০ টকাৰ পৰা ৩৬০ টকা, আইচিইউ বেড ১,৫০০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি কৰি একপ্ৰকাৰ মাধমাৰ শোধাইছিল সাধাৰণ ৰোগীক। জীৱন যুদ্ধ চলাই নিয়াৰ সময়ত কৰ্কট ৰোগী তথা অভিভাৱকৰ ওপৰত জাপি দিয়া এই মাচুল বৃদ্ধিৰ সিদ্ধান্তই একপ্ৰকাৰ হাহাকাৰ সৃষ্টি হৈছিল। সমগ্ৰ বিষয়টোক লৈ চৌদিশে সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে মুখ্যমন্ত্রী ড° শর্মাই বিষয়টো সন্দর্ভত সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰে যে বিষয়টোক লৈ অলপ ভুল বুজাবুজি হৈছে। তেওঁ কয়- কর্কট চিকিৎসালয়ত মাচুল ৰাইজে দিব নালাগে। আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডত ৰাজ্য চৰকাৰে ইয়াৰ পইচা দিব। কাৰ্ডৰ পৰা দিলে ৰাজ্য চৰকাৰে এই ধন কেন্দ্ৰীয় চৰকাৰৰ পৰা পাব। আনহাতে ৰোগীক ভৰ্তিৰ বাবদ আগধন হিচাপে ১০ হাজাৰ টকা লোৱাৰ বাবে ধাৰ্য কৰা নিয়ম সন্দর্ভতো মুখ্যমন্ত্রী ড° শর্মাই কয়- ১০ হাজাৰ টকা আগধন হিচাপে লোৱা বিষয়টো ভুল হৈছে। ইয়াক প্রত্যাহাৰ কৰিবলৈ দিয়া হৈছে। আন যিবোৰ বিষয়ত চিকিৎসা সেৱা মাচুল বৃদ্ধি হৈছে, সেই মাচুলসমূহ ৰোগীয়ে দিব নালাগে। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে লোৱা হ’ব আৰু কাৰ্ডৰ পইচা দিল্লীয়ে চৰকাৰক দিব। উল্লেখ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দাঁতিতে থকা ৰাজ্যিক কৰ্কট প্রতিষ্ঠানে শেহতীয়াকৈ অভাৱনীয় হাৰত চিকিৎসা সেৱাৰ বিভিন্ন শিতানৰ মাচুল বৃদ্ধি কৰাক লৈ সৃষ্টি হৈছিল তীব্র প্রতিক্ৰিয়াৰ। বিষয়টো সন্দর্ভত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ চীফ অপাৰেটিং অফিচাৰ জে পি প্রসাদে সমগ্র দিশটো সন্দৰ্ভত স্পষ্ট কৰে যে ৰাজ্যিক কৰ্কট প্রতিষ্ঠানত পিএমজেএৱাই অথবা বিপিএল কার্ড থকা লোকসকলে সম্পূর্ণ ৰেহাই মূল্যত চিকিৎসা সেৱা পাব। আনহাতে ৰাজ্যিক কৰ্কট প্রতিষ্ঠানখনৰ অধীক্ষক দেৱজিৎ চৌধুৰীয়ে প্ৰকাশ কৰা অনুসৰি পৰীক্ষামূলকভাৱে কৰ্কট প্রতিষ্ঠানত মাচুল বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছিল যদিও সাধাৰণ ৰাইজৰ অসুবিধা হোৱা হেতুকে এই প্রস্তাৱ প্রত্যাহাৰ কৰা হৈছে। ইফালে বিষয়টোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ কৰ্কট প্রতিষ্ঠানৰ কৰ্তৃপক্ষক তলব কৰা হয়। অধীক্ষকসহ তিনিজনকৈ শীর্ষ বিষয়াক তলব কৰি মাচুল বৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে বিস্তৃত তথ্য সংগ্ৰহ কৰে। স্বাস্থ্য বিভাগৰ উপস্থিতিত মাচুল বৃদ্ধি কিয় কৰা হৈছে এই সন্দৰ্ভত বা কিধৰণৰ পদক্ষেপেৰে এই ব্যৱস্থা লোৱা হৈছে তাক লৈও প্রতিষ্ঠানৰ তিনিওগৰাকী ব্যক্তিক প্রশ্ন কৰা হয়। এইক্ষেত্রত মুখ্যমন্ত্রী ড° শৰ্মাৰ নিৰ্দেশকো স্পষ্ট কৰি দিয়ে কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনক।