কোনো কাৰণতে কেওঁট সম্প্ৰদায়ক অনুসূচিত জাতি ভূক্ত হ’বলৈ দিয়া নহব

কোনো কাৰণতে কেওঁট সম্প্ৰদায়ক অনুসূচিত জাতি ভূক্ত হ’বলৈ দিয়া নহব

নতুন দিল্লীত কাৰ্যসূচী সামৰি বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ ৰুবুল দাসে ব্যাপক আন্দোলনৰ ইঙ্গিত দিলে সাংবাদিকক 

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ কেওঁট সম্প্ৰদায়ক অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত কৰিবলৈ অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ বিৰোধিতাৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ,অসমে বিগত কিছু দিন ধৰি ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সমান্তৰালভাৱে ৰাজধানী নতুন দিল্লীতো যোৱা দুদিন কেইবাটাও কৰ্মসূচী সম্পাদন কৰি আজি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসৰ নেতৃত্বত সন্ধিয়া সাত বজাত প্ৰতিনিধি দলটো বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়। বিমানবন্দৰতে সাংবাদিক সকলক সম্বোধন কৰি ৰুবুল দাসে মন্তব্য কৰে যে কোনো কাৰণতে অনুসূচিত জাতি আৰু অসমৰ সাতামপুৰুষীয়া ঐক্য বিনষ্ট হ’ব পৰা চৰকাৰ অথবা কোনো পক্ষকে কৰিবলৈ দিয়া নহ’ব। মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু ৰঞ্জিত দাসৰ কুঅভিসন্ধি আৰু নিকৃষ্ট ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে অনুসূচিত জাতিক বলিৰ পথা বনাবলৈ দিয়া নহ’ব। দিল্লীত প্ৰধানমন্ত্ৰী কাৰ্য্যালয়,সামাজিক ন্যায় ও সৱলীকৰণ মন্ত্ৰণালয় , ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগত এই বিষয়ত সন্মানজনক সহাঁৰি লাভ কৰিছোঁ। তাৰোপৰি উচ্চতম ন্যায়ালয়ত পি আই এল সম্পৰ্কীয় বিষয় যথেষ্ট আগবঢ়োৱা হৈছে। আনহাতে দেশৰ বিশিষ্ট অনুসূচিত জাতি নেতা চন্দ্ৰশেখৰ আজাদেও আমাক ব্যাপক সহযোগিতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। গতিকে আমি দূৰ্বল বা অকলশৰীয়া বুলি কোনেও উচিত নহয়। বৰ্তমানলৈকে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদেহে আগবাঢ়িছো। সমগ্ৰ অনুসূচিত জাতিৰ খাটি খোৱা চল্লিশ লাখ লোক ৰাজপথত নামিব লাগিলে চৰকাৰে পৰিস্থিতি চম্ভালিব নোৱাৰিব। গতিকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কেওঁট সম্প্ৰদায়ক অনুসূচিত ভূক্তৰ বিষয়ত শীঘ্ৰে বিবৃতি প্ৰকাশৰ দাবী উত্থাপন কৰিলো। অন্যথা প্ৰতিবাদ ধাৰাবাহিকভাৱে চলি থাকিব বুলি ৰুবুল দাসে স্পষ্ট কৰি দিয়ে।