কোনোবাই যদি আমাৰ ফালে ৰঙা চকুৰে চায়, আমি সেই চকু কাঢ়ি আনিমঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কচুতলীত দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ নতুন চৌহদ নির্মাণৰ শিলান্যাস কৰে। এই অনুষ্ঠানতে অনুপ্ৰৱেশকাৰী আৰু ভূমি দখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পুনৰ বেদখলকাৰীক হুংকাৰ দিলে। আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ মন্তব্য- পূৰ্বৰ অসম এতিয়া সলনি হৈছে। আমি এতিয়া কাৰো লগত আপোচ নকৰোঁ। এইখন নতুন অসম, অটল, অবিচল আৰু আগ্রগামী অসম। কোনোবাই যদি আমাৰ ফালে ৰঙা চকুৰে চায়, আমি সেই চকু কাঢ়ি আনিম। আজিৰ নতুন অসমে কাৰো লগত আপোচ নকৰে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত এই আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ৰাজ্যৰ সকলো বেদখল ভূমি বেদখলমুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। কচুতলীৰ ৭০৮ বিঘা মাটি কিছুদিন আগলৈকে অচিনাকি লোকৰ দখলত আছিল। ট্রাইবেল বেল্ট আৰু ব্লকৰ অধীনস্থ এই ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰি ৰাজ্য চৰকাৰে সকলো ভূমি মুক্ত কৰিলে। তেওঁ কয়- ৰাজ্য চৰকাৰে বিগত ৫ বছৰীয়া কাৰ্যকালত বেদখলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি সমগ্ৰ ৰাজ্যৰ প্ৰায় ১.৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ১.১০ লাখ বিঘা বন্যপ্রাণী অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলৰ ভূমি, ২৬.৭১৩ বিঘা সাধাৰণ চৰকাৰী বা খাচ মাটি, ৪,৪৪৯ বিঘা অন্যান্য শ্ৰেণীৰ আৰু ৩,৬৪৩ বিঘা ভিজিআৰ-পিজিআৰ ভূমি। ৰাজ্যৰ প্ৰায় ৪০ লাখ বিঘা ভূমি বেদখলৰ কবলত আছে। এই ভূমি বেদখলমুক্ত কৰাৰ বাবে গ্ৰহণ কৰা হ’ব ক্ষিপ্ৰতাৰে পদক্ষেপ। মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত গঁড় হত্যা সম্পূৰ্ণভাৱে ৰোধ কৰা হৈছে। এতিয়া কোনো চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰিবৰ বাবে দহবাৰ চিন্তা কৰিব লাগিব। কিয়নো এনে যিকোনো দুষ্কাৰ্য ৰোধৰ বাবে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ লৈছে। উল্লেখ্য যে কামৰূপ জিলাৰ সোণাপুৰৰ কচুতলীত ১৭৪ বিঘা ভূমি সামৰি নিৰ্মাণ হ’বলগীয়া দশম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ প্ৰকল্পৰ বাবদ ব্যয় হ’ব ২৬০ কোটি টকা। এই প্ৰকল্পৰ অধীনত প্রায় ৫০ বিঘা ভূমিত দশম অসম আৰক্ষী বাহিনীৰ প্ৰশিক্ষণ আৰু কৌশলগত কাৰ্যকলাপৰ সা-সুবিধাৰ বিকাশ ঘটোৱা হ’ব। ফায়াৰিং ৰেঞ্জ, শাৰীৰিক প্ৰশিক্ষণৰ বাবে ব্যায়াম এলেকা তথা নিৰীক্ষণ তথা পর্যবেক্ষণ ক্ষেত্র এই ৫০ বিঘা ভূমিত গঢ়ি তোলা হ’ব। সেইদৰে ১২৪ বিঘা ভূমিত আৱাসিক সা-সুবিধা আৰু আন আন আন্তঃগাঁথনি নির্মাণ উপলক্ষে লোৱা হৈছে, য’ত ৭৫০খন আসনযুক্ত পুৰুষৰ ছাউনী আৰু ৪৫০খন আসনযুক্ত মহিলা ছাউনীৰ উপৰি বিষয়া-জোৱানৰ আৱাস, ১০খন বিছনাযুক্ত চিকিৎসালয় এখনো নির্মাণ কৰা হ’ব। চৌহদটোত ফুটবল ফিল্ড, ছিন্থেটিক এথলেটিক ট্রেক, দৰ্শকৰ বাবে গেলাৰী, পেৰেড গ্রাউণ্ড, দুখন টেনিছ ক’ৰ্ট আৰু তিনিখন ভলীবল ক’ৰ্ট আদিও নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে ভাষণত অসমৰ ১.৬০ লাখ যুৱক-যুৱতীক চাকৰিত নিযুক্তি প্ৰদানৰ উপৰি জাগীৰোডত ছেমিকণ্ডাক্টৰ উদ্যোগ, নামৰূপত এম’নিয়া-ইউৰিয়া প্ৰকল্প, নাৰেংগী-কুৰুৱা সংযোগী দলঙৰ কাম চলি থকাৰ কথা ব্যক্ত কৰি কয়- বৰ্তমান চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনত অত্যাধুনিক পথৰ আন্তঃগাঁথনি নিৰ্মাণৰ দিশত লোৱা অভূতপূর্ব পদক্ষেপৰ ফলস্বৰূপে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথত বিমান পর্যন্ত অৱতৰণ কৰিব পৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে কচুতলীৰ বেদখলমুক্ত ভূমিৰ কাষেৰেই গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ কাম চলি আছে। ভাষণত মুখ্যমন্ত্রীয়ে কয়- আজি শিলান্যাস কাৰ্যসূচীৰ জৰিয়তে কচুতলীত বেদখলমুক্ত কৰা ৭০৮ বিঘা ভূমিৰ ভিতৰত ১৭৪ বিঘা ভূমিত দশম অসম আৰক্ষী বাহিনীৰ নতুন কার্যালয় চৌহদ নির্মাণ আৰম্ভ কৰিবলৈ লোৱা হৈছে। অৱশিষ্ট ভূমি জনসাধাৰণে বিচৰা ধৰণে সদ্ব্যৱহাৰ কৰা হ’ব যাতে সেই ভূমি পুনৰ বেদখলৰ কবলত নপৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ মাৰ্গদৰ্শনত অসমৰ পৰিৱেশ এতিয়া সলনি হৈছে বুলিও মুখ্যমন্ত্রী ড° শর্মাই মন্তব্য কৰে। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী কেশৱ মহন্ত, পীযূষ হাজৰিকা, ৰূপেশ গোৱালা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক অতুল বৰাৰ উপৰি গৃহ মন্ত্ৰালয়ৰ সচিব গোবিন্দ মোহন, ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, চোৰাংচোৱা সংস্থাৰ সঞ্চালক তপন কুমাৰ ডেকা, আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙকে ধৰি কেইবাগৰাকীও শীর্ষ প্রশাসনিক বিষয়া উপস্থিত থাকে।
