কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন

কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰা ভাৰ্ছুৱেলী শুভাৰম্ভ কৰিলে অৰুণোদয় ২.০ আঁচনি।অৰুণোদয় আঁচনিৰ বাবে প্ৰতিমাহে ৰাজ্য চৰকাৰে ৩৪৫ কোটি টকা ব্যয় কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,’১০ এপ্ৰিলৰ ভিতৰত দিয়া হ’ব অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি।নতুন আঁচনিত সলনি কৰা হৈছে কেইবাটাও নিয়ম।পূৰ্বতে কেৱল মহিলাই লাভ কৰিছিল এই আঁচনিৰ ধন।এতিয়া পুৰুষ আৰু তৃতীয় লিংগৰ লোকো আঁচনিৰ অন্তৰ্ভুক্ত হ’ব।এই আঁচনিত নতুনকৈ ১০ লাখ ৫৪ হাজাৰ হিতাধিকাৰীক সামৰি লোৱা হৈছে।হিতাধিকাৰীৰ সংখ্যা ৩৫ লাখলৈ বৃদ্ধি হৈছে।বৃদ্ধাশ্ৰমত থকা বৃদ্ধয়ো পাব অৰুণোদয়ৰ সুবিধা।এতিয়াৰ পৰা ঘৰত দুচকীয়া বাহন, ফ্ৰীজ থাকিলেও পাব অৰুণোদয়ৰ ধন সুবিধা।বাৰ্ষিক আয় ২ লাখতকৈ কম হোৱা পৰিয়ালে পাব অৰুণোদয়। কাৰোবাৰ ঘৰত যদি ভাড়াত চলোৱা ট্ৰেক্টৰ যদি থাকে তেন্তে লাভ কৰিব অৰুণোদয়।পকী ঘৰ নথকা সকলোৱে হ’ব অৰুণোদয়ৰ হিতাধিকাৰী।গাঁৱত ১৫ কঠা মাটি থাকিলে পাব আঁচনিৰ সুবিধা।সৰু টাউনত ৩ কঠা মাটি থকিলেও পাব অৰুণোদয়।২ লাখ ২৬ হাজাৰ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব পাৰিব উপায়ুক্তই।