কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়-হাস্পতালত চাৰিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন হাগ্ৰামাৰ

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়-হাস্পতালত চাৰিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন হাগ্ৰামাৰ

বিজেপিৰ লগত এতিয়ালৈকে আসন বুজাবুজি হোৱা নাই: হাগ্ৰামা

ৰঙিলী বাৰ্ত্তাসেৱা- কোকৰাঝাৰৰ বেছৰগাঁওস্থিত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদত সোমবাৰে  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে চাৰিটা অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে হাগ্রামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰা অভিলাষী আঁচনিসমূহ হ’ল ৬.৬৬ কোটি টকাৰ ১০০খন বিছনাযুক্ত ছোৱালী নিবাস, ৬.৬৬ কোটি টকাৰ ১০০খন বিছনাযুক্ত ছাত্র নিবাস, ৯.৯১ কোটি টকাৰ ১০০খন বিছনাযুক্ত আৱাসিক নিবাস আৰু ১০০খন বিছনাযুক্ত ৬.৬৬ কোটি টকাৰ নাৰ্ছৰ আৱাসিক নিবাসকে ধৰি মুঠ ২৯.৮৯ কোটি টকাৰ ৪খন আঁচনি। ইপিনে, আধাৰশিলা স্থাপনৰ অন্তত হাগ্রামা মহিলাৰীয়ে সংবাদ মাধ্যৰ আগত কয় যে চিকিৎসা মহাবিদ্যালয়খনত থকা অভাৱসমূহ বিধানসভা নিৰ্বাচনৰ পিছত দূৰ কৰা হ’ব। আনহাতে বড়োলেও বিশ্ববিদ্যালয়, কোকৰাঝাৰ বিশ্ববিদ্যালয়, কোকৰাঝাৰ মেডিকেল কলেজৰ কৰ্মচাৰী থকাৰ বাবে যদি অসুবিধা হৈছে তেন্তে প্রমোদ বড়োৰ দিনত হৰিণাগুৰিত ইএম-এমচিএলএসকলৰ বাবে নিৰ্মাণ কৰা ডাঙৰ আৱাসিক অট্টালিকাটো ব্যৱহাৰ কৰাৰ বাবে পৰিষদক অনুমতি দিব। ইয়াৰ কাৰণে প্রয়োজন হ’লে বিটিচি চৰকাৰে যাতায়াত কৰাৰ বাবে বাছৰ ব্যৱস্থা কৰি দিব। এনেই পৰি থকা অট্টালিকাটো যাতে ব্যৱহাৰ হয় তাৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰা হ’ব বুলি মহিলাৰীয়ে সদৰী কৰে। ইপিনে গ্রীন ফিল্ডত ৪টা হেলিপেড নিৰ্মাণৰ সন্দৰ্ভত তেওঁ কয় যে উক্ত হেলিপেডৰ পৰা কোকৰাঝাৰ-বাগডোগৰা, কোকৰাঝাৰ-ৰূপসী আৰু কোকৰাঝাৰ-গুৱাহাটী হেলিকপ্টাৰ সেৱাৰ বাবে অনুমতি লোৱাৰ পৰিকল্পনা আছে। নির্বাচন শেষ হোৱাৰ পাছত এইটো ব্যৱস্থা কৰা হ’ব আৰু হেলিপেডৰ ওচৰত থকা অর্ধনির্মিত ঘৰবিলাক সম্পূৰ্ণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে মহিলাৰীয়ে। ইফালে, আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰা হ’ব বুলি সাংবাদিকে সোধা প্রশ্নোত্তোৰত মহিলাৰীয়ে কয় যে আজি হাউলীৰ বড়োলেও অতিথিশালাত বিপিএফ দলৰ পিএমবিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ’ব যদিও আজিৰ সভাখনত প্রার্থী ঘোষণা কৰা নহয়। উক্ত সভাত প্রার্থিত্ব বিচাৰি আবেদন কৰাৰ সময়সীমা সন্দর্ভত নির্বাচনী ইস্তাহাৰ সম্পৰ্কেহে আলোচনা কৰা হ’ব বুলি মন্তব্য কৰে। আনহাতে, বিজেপিৰ লগত আসন বুজাপৰা সন্দৰ্ভত হাগ্রামা মহিলাৰীয়ে কয় যে বিধানসভা নির্বাচনক লৈ বিজেপিৰ সৈতে এইপর্যন্ত আসন বুজাপৰা সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। চূড়ান্ত হ’লেই মোৰ মুখৰ পৰাই প্রথম আপোনালোকে শুনিব। এই সন্দর্ভত বহু আলোচনা হৈ আছে, বহু মানুহে সন্দেহ কৰি আছে, কোনোবা সমষ্টি বিজেপিক এৰিব নেকি, কোনোবা সমষ্টি বিপিএফে ল’ব নেকি; কিন্তু এতিয়ালৈকে আচল ছবি স্পষ্ট হোৱা নাই। এই অনুষ্ঠানত স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছৎ বসুমতাৰী, সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য প্রকাশ বসুমতাৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।