কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত ১০০ এমবিবিএছ আসনৰ বাবে এনএমচিৰ অনুমোদন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে ভাল খবৰ ৷অসমত বৃদ্ধি হ’ল চিকিৎসা মহাবিদ্যালয়ত আসনৰ সংখ্যা৷ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (এনএমচি) ৰাজ্যৰ দশম চিকিৎসা মহাবিদ্যালয় হিচাপে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ক অনুমোদন জনাইছে। এই অনুমোদনৰ পিছত, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ে এই শৈক্ষিক অধিৱেশনৰ ১০০ জন শিক্ষাৰ্থীৰ সৈতে এমবিবিএছৰ পাঠ্যক্রম আৰম্ভ কৰিব। ইফালে, এক টুইটযোগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, “কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ে ১০০ খন এমবিবিএছ আসনৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমোদন লাভ কৰিছে বুলি প্ৰকাশ কৰিবলৈ পাই মই আনন্দিত হৈছো। ই আমাৰ মুঠ এম.বি.বি.এছ. আসনৰ সংখ্যা ১৩০০ লৈ বৃদ্ধি হ’ব, যি ২০১৭ চনত ৭২৬ ৰ পৰা এক লক্ষণীয়ভাৱে উন্নতিৰ বিষয়।