কোকৰাঝাৰত ৩০ বিঘা ভূমিত জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা স্থাপন
ৰঙিলী বাৰ্ত্তাসেৱা- বিটিচি প্রশাসনৰ উদ্যোগত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩সংখ্যক ওপজা দিন কোকৰাঝাৰৰ চান্দামাৰী আইটি পার্কৰ কাষত পালন কৰা হয় । ওপজা দিনৰ লগত সংগতি ৰাখি পুৱা আইটি পাৰ্কৰ সমীপৰ ৩০ বিঘা ভূমিত হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মাণ কৰিবলগীয়া উদ্যানৰ আধাৰশিলা স্থাপন কৰে বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে। ইয়াৰ পিছতে জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে প্ৰথমে ৰক্তদান কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে ৩০ বিঘা ভূমিত ২৫-৩০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া উদ্যানখন অতি সুন্দৰভাৱে নিৰ্মাণ কৰা হ’ব বুলি সদৰী কৰিছে বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে। এই সন্দৰ্ভত হাগ্রামা মহিলাৰীয়ে কয়, বিটিচিত ড° ভূপেন হাজৰিকাৰো প্রতিমূর্তি নিৰ্মাণ কৰা হ’ব। তদুপৰি কোকৰাঝাৰৰ গোসাঁইগাঁৱত শংকৰদেৱৰ স্মৃতিত ভৱন নির্মাণ, বিজনী আৰু তামুলপুৰত জুবিন গার্গে পঢ়া স্কুলখনৰ আন্তঃগাঁথনি উন্নয়ন কৰা হ’ব বুলিও সদৰী কৰে। উল্লেখ্য, জুবিন গাৰ্গৰ ৫৩সংখ্যক ওপজা দিন উপলক্ষে পুৱা হাগ্রামা মহিলাৰীয়ে হিয়াৰ আমঠুগৰাকীৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে ৰক্তদান কৰে। ইয়াৰ পিছতে মহিলাৰীয়ে জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা স্থাপন কৰে। তাৰপিছত ৫৩জোপা নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। বিয়লি ২৫ হাজাৰ শিল্পী, অনুৰাগীয়ে বড়ো আৰু অসমীয়া ভাষাত পৰিৱেশন কৰা ‘মায়াবিনী…’ গীত তথা সমগ্র কার্যসূচী এছিয়া বুক অৱ ৰেকৰ্ডছত অন্তর্ভুক্ত হয়। ইয়াৰ বাবে আনুষ্ঠানিক প্রমাণ-পত্ৰও লাভ কৰে। বিটিচি প্রশাসনৰ উদ্যোগত অতি জাকজমকতাৰে উদ্যাপন কৰা জুবিন গাৰ্গৰ ওপজা দিন আৰু উদ্যানৰ আধাৰশিলা স্থাপন উপলক্ষে কোকৰাঝাৰৰ পৰা আইটি পার্কলৈ যোৱা গড়কাপ্টানী পথো নতুনকৈ সজাই তোলাৰ লগতে ৰাস্তাৰ দুয়োকাষে থকা বেৰত জুবিন গাৰ্গৰ বিভিন্ন প্রতিচ্ছবি অংকন কৰা হয়। ওপজা দিন পালন কার্যসূচীত মন্ত্রী জয়ন্ত মল্লবৰুৱা, বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰীৰ লগতে বিটিচিৰ সমূহ কার্যবাহী সদস্য, এমচিএলএ, জিলা আৰক্ষী অধীক্ষক, জিলা আযুক্তকে ধৰি বহু বিষয়া-কর্মচাৰী উপস্থিত থাকে।
