কোকৰাঝাৰত বিটিআৰৰ বাবে অৰুণোদয়-৩.০ৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰৰ বডোফা নগৰ গ্ৰীন ফিল্ডত আয়োজিত এখন বিশাল জনসভাত বিটিআৰৰ হি তাধিকাৰীসকলৰ বাবে আনুষ্ঠানিকভাৱে অৰুণোদয়-৩.০ৰ শুভাৰম্ভ কৰে। ইয়াৰ জৰিয়তে বিটিআৰৰ ৪.১২ লাখ মহিলা উপকৃত হ’ব। এই উপলক্ষে ওদালগুৰি, চিৰাং, বাক্সা আৰু তামুলপুৰ জিলাত আয়োজিত সভাত কোকৰাঝাৰত অনুষ্ঠিত সভাখনৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে যোৱা ৭ অক্টোবৰত বিটিআৰৰ বাহিৰে অসমৰ আন স্থানৰ হিতাধিকাৰীসকলৰ বাবে অৰুণোদয়-৩.০ আৰম্ভ কৰা হৈছিল। কিন্তু পৰিষদীয় নির্বাচনৰ বাবে বিটিআৰৰ হিতাধিকাৰীসকলক অৰুণোদয়-৩.০ দিব পৰা হোৱা নাছিল। নির্বাচনী প্ৰচাৰৰ সময়ত বিটিচিৰ ৰাইজক নিৰ্বাচনৰ পাছতেই অসমৰ আন ঠাইৰ দৰে অৰুণোদয়, মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ সুবিধা প্রদান কৰাৰ বাবে দিয়া প্রতিশ্রুতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ সৈতে আলোচনামর্মে বিটিআৰৰ ৪ লাখতকৈ অধিক হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল।

বিটিআৰত আজি আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱাৰ ফলত কোকৰাঝাৰ জিলাত ১,২০,৮৫৪ গৰাকী, বাক্সা জিলাত ৬০,৬৭৬গৰাকী, চিৰাং জিলাত ৬০,৫৪৫ গৰাকী, তামুলপুৰ জিলাত ৬১,৫৭৮গৰাকী আৰু ওদালগুৰি জিলাত ১,০৯,০৩৪ গৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিব। বিটিআৰত প্ৰথমবাৰৰ বাবে ৪ লাখৰো অধিক মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি অহা পহিলা জানুৱাৰীত সমগ্ৰ অসমৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা উপহাৰ দিয়া হ’ব বুলি তেওঁ ঘোষণা কৰে। বৰ্তমান অসমৰ ৩৮ লাখ মহিলাক অৰুণোদয় আঁচনিয়ে সমাৰি লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অৰুণোদয় আঁচনিৰ বাবেই অসমৰ মহিলাসকল শক্তিশালী হ’ব পাৰিছে। আগতে মহিলাসকলে বহুত কষ্ট কৰি ঘৰ চলাবলগীয়া হৈছিল। এতিয়া মহিলাসকলে প্রতিমাহৰ ১০ তাৰিখে নিজৰ একাউণ্টত ১,২৫০ টকাকৈ লাভ কৰে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰা চাউল, অসম চৰকাৰে ১১৭ টকাত এক কিলোকৈ দাইল, চেনি আৰু নিমখ দিছে। অহা ১ জানুৱাৰীৰ পৰা ১০০ টকাতে এক কিলোকৈ দাইল, চেনি আৰু নিমখ দিয়া হ’ব। চৰকাৰৰ এনে পদক্ষেপৰ ফলত এতিয়া ঘৰ এখন চলাবৰ বাবে মহিলাসকলে কাৰো ওচৰত হাত পাতিবলগীয়া নহয়। আগতে অসমত দৰিদ্ৰ মানুহৰ বাবে এনে বৃহৎ পৰিসৰৰ আঁচনি গ্রহণ কৰা হোৱা নাছিল। বর্তমান জাতি, ধর্ম নির্বিশেষে সকলো দুখীয়া মহিলাই অৰুণোদয় আঁচনি লাভ কৰিছে। বিটিআৰৰ মহিলাসকলক ২০ জানুৱাৰীৰ ভিতৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ ১০ হাজাৰ টকাৰ চেক দিয়া হ’ব বুলি সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে তামুলপুৰত ইতিমধ্যে চেক বিতৰণ কৰা হৈছে। ১৩ ডিচেম্বৰত গোসাঁইগাঁৱত, ১৭ ডিচেম্বৰত দতমাত চেক বিতৰণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

ইফালে অনুষ্ঠানত বিটিচিৰ মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে মুখ্যমন্ত্রীক ধন্যবাদ জনাই অৰুণোদয় পালে মহিলাৰ উন্নতিত ঘৰ চলোৱাত সহায় হ’ব বুলি মন্তব্য কৰে। বক্তব্যত মহিলাৰীয়ে ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ বাবে পদক্ষেপ লোৱাত মুখ্যমন্ত্রীক ধন্যবাদ জনায়। বিশাল জনসভাত মুখ্য কার্যবাহী সদস্য মহিলাৰীয়ে কয় যে নির্বাচনত দিয়া প্রতিশ্রুতি পূৰণৰ কাম জানুৱাৰী মাহৰ পৰাই আৰম্ভ কৰিব। সকলো জাতি-জনগোষষীৰ লোকক ভূমিপট্টা, বিশেষভাৱে সক্ষম, জ্যেষ্ঠ নাগৰিক, দৰিদ্ৰ লোকৰ বাবে গৃহ কৰ ৰেহাই, ভূমি নামজাৰিৰ ক্ষেত্ৰত কৰৰ বোজা কমাই দিয়া হ’ব। ৰাজ্য চৰকাৰে দিয়া বহু আঁচনিৰ দ্বাৰা ৰাইজে লাভান্বিত হ’ব। ওদালগুৰিত মিনি সচিবালয় নির্মাণ কৰা হ’ব। নিৰ্বাচনত দিয়া প্রতিশ্রুতি মতেই বিটিচিৰ ৰাইজে দুগুণ সুবিধা পাব বুলিও তেওঁ ঘোষণা কৰে। সভাত বিত্তমন্ত্রী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচিপ্রধান হাগ্রামা মহিলাৰী, বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিধায়ক লৰেঞ্চইছলাৰী, বিধায়ক জিৰণ বসুমতাৰী, প্রাক্তন মন্ত্রী প্রমীলাৰাণী ব্ৰহ্ম প্রমুখ্যে কেইবাগৰাকী গণ্য-মান্য ব্যক্তি, বিটিচিৰ প্রধান সচিব মুকেশ চন্দ্ৰ চাহুকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
