কোকৰাঝাৰত পাঁচখন আঁচনিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ জিলা আযুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ বাওখুংৰী, দতমা, গোসাঁইগাঁও আৰু পৰ্বতঝোৰা সমষ্টিত ৰাজ্য চৰকাৰৰ বিকাশমুখী পাঁচখন আঁচনিৰ ফলপ্রসূ ৰূপায়ণৰ সন্দৰ্ভত পর্যালোচনামূলক বৈঠকত মিলিত হয়। বিটিচি প্রশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ জনসাধাৰণৰ কল্যাণার্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অৰুণোদয় ৩.০, মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, এটি কলি দুটি পাত আঁচনি আৰু ৰেচন কার্ড প্ৰদানৰ জৰিয়তে বিটিআৰৰ সৰ্বস্তৰৰ জনসাধাৰণ যাতে উপকৃত হ’ব পাৰে সেই বিষয়ে এই বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। আনহাতে, এই আঁচনিসমূহৰ অগ্রগতি সন্দৰ্ভত মুখ্যমন্ত্রী ড° শৰ্মাই পাৱাৰ পইন্টযোগে সবিশেষ বুজ লয়। আজিৰ এই বৈঠকত কোকৰাঝাৰ জিলাত অৰুণোদয় ৩.০ আঁচনিখন যাতে সফলভাৱে ৰূপায়ণ হয় সেই সন্দর্ভত বিতংভাৱে আলোচনা কৰা হয়। জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত অৰুণোদয় আঁচনিয়ে পূৰ্বতে ৬০ হাজাৰগৰাকী হিতাধিকাৰীক সামৰি লৈছিল। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অৰুণোদয় ৩.০ৰ এনে হিতাধিকাৰীৰ সংখ্যা ১ লাখ ৪০ হাজাৰলৈ বৃদ্ধি পাব। তেওঁ এই আঁচনিখন নিৰ্ধাৰিত সময়সূচীমতে ৰূপায়ণ কৰাৰ বাবে সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্রী ড° শর্মাই আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে জিলাখনত লাভ কৰা আবেদন তথা ইয়াৰ ভিত্তিত কিমানক বাছনি কৰা হৈছে তাৰ খতিয়ান লয়। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত কোকৰাঝাৰ জিলাত প্রায় ৩ হাজাৰ যুৱক-যুৱতীয়ে ২ লাখ টকাকৈ লাভ কৰিব। এই বৈঠকতে এই আঁচনিৰ হিতাধিকাৰীৰ চূড়ান্ত তালিকাখনৰ সম্পৰ্কতো আলোচনা কৰা হয়। জিলাখনত উদ্যমীসকলৰ বেংক সংযোগ বৃদ্ধিত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু এই দিশত বিশেষ দৃষ্টি দিবলৈ জিলা আয়ুক্তক নির্দেশ দিয়ে। আঁচনিখনৰ ৰূপায়ণৰ অৰ্থে আধাৰ কাৰ্ড প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া, ডাটা আপলোডৰ কাম আদিৰ অগ্ৰগতিৰো মুখ্যমন্ত্রী ড° শৰ্মাই খতিয়ান লয়। বৈঠকত তেওঁ মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ সম্পৰ্ক তো আলোচনা কৰা হয়। তেওঁ কয় যে এই আঁচনিখনৰ জৰিয়তে ১.৫ লাখ মহিলা উপকৃত হ’ব পাৰিব। বৈঠকত এটি কলি দুটি পাত আঁচনিখনৰ সম্পৰ্কতো আলোচনা কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনৰ ৭ হাজাৰ চাহ বাগিচাৰ শ্রমিকে ৫ হাজাৰ টকাকৈ লাভ কৰিব। বৈঠকত ৰেচন কার্ড প্রদানৰ বিষয়টোও আলোচনা কৰা হয়। কোকৰাঝাৰ জিলাৰ পাঁচটা সমষ্টিত নতুনকৈ ৬০ হাজাৰ লোকে ৰেচন কার্ড লাভ কৰিব। মুখ্যমন্ত্রী ড° শৰ্মাই ১৫ আগষ্টৰ ভিতৰত হিতাধিকাৰীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিয়ে। এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, হস্ততাঁত আৰু বস্ত্রশিল্প আদি বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, সাংসদ জয়ন্ত বসুমতাৰী, বিটিআৰৰ কেইবাগৰাকীও এমচিএলএ প্রমুখ্য বিটিচিৰ প্ৰধান সচিব আকাশদ্বীপ, জিলা আযুক্ত মাচান্দা এম পার্টিন প্রমুখ্যে বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে।