কোকৰাঝাৰত দুখন বিজয় সংকল্প সভাত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ

কোকৰাঝাৰত দুখন বিজয় সংকল্প সভাত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিটিআৰত বিজেপিৰ ভেটি শক্তিশালী কৰি অঞ্চলটোত সমাগত পৰিষদীয় নির্বাচনত বিজয় সুনিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কোকৰাঝাৰ জিলাত দুখনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। এই সভাতে মুখ্যমন্ত্ৰী ড° শর্মাৰ ঘোষণা- বিটিচিত বিজেপি চৰকাৰ হ’লে নাথাকিব কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক। সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ’ব, সকলোৱে সমান অধিকাৰ পাব। কালিপুখুৰী হাউৰীয়া মাণ্ডলিক বাক্রা খেলপথাৰত অনুষ্ঠিত এই সভাত মুখ্যমন্ত্রী ড° শৰ্মাই ১২নং ছালাকাঠি পৰিষদীয় সমষ্টিৰ দলীয় কার্যকর্তাসকলক সম্বোধন কৰাৰ পাছতে কাশিয়াবাৰীৰ আৰনাই খেলপথাৰত আয়োজিত সভাত যমদুৱাৰ পৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি ভাষণ প্রদান কৰে। উৎকট গৰমৰ মাজতো কেইবাহাজাৰ দলীয় কাৰ্যকৰ্তা তথা স্থানীয় জনসাধাৰণে এই দুয়োখন সভাত অংশগ্ৰহণ কৰে। কোকৰাঝাৰ জিলাৰ ১২নং ছালাকাঠি পৰিষদীয় সমষ্টিৰ দলীয় কাৰ্যকৰ্তাক উদ্দেশ্যি মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ ভাষণত কয়- ১ আগষ্টৰ পৰা কোকৰাঝাৰ, বাক্সা, তামুলপুৰ, চিৰাং আৰু ওদালগুৰি জিলাত বিটিআৰৰ অন্তৰ্গত ৪০টা সমষ্টিতে এবাৰকৈ যোৱাৰ চেষ্টা কৰিছোঁ। আৰু ৰাইজে এইবাৰ বিজেপিক বিটিচি নির্বাচনত বিজয় কৰাৰ বাবে সংকল্পবদ্ধ হৈছে। তেওঁ কয়- বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ ২২ বছৰ অতিবাহিত হ’ল যদিও অঞ্চলটোৰ ৰাইজে বিচৰা ধৰণে অধিকাৰ নাপালে। বড়ো, আদিবাসী, ৰাভা, শৰণীয়া, কছাৰী, মদাহি কছাৰী, বৰ্মন কছাৰী, কোচ ৰাজবংশী, কলিতা, নাথ, যোগী, গোর্খা, বাংলাভাষী, হিন্দীভাষী, দেশী, জলহা, গৰিয়াকে ধৰি ২৬টা জনগোষ্ঠীৰ লোকে বিটিআৰত বসবাস কৰে। কিন্তু এই জনগোষ্ঠীসমূহে সম অধিকাৰ লাভ কৰা নাই। বিজেপি চৰকাৰ শাসনলৈ আহিলে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব আৰু সকলোৱে নিজকে প্রথম শ্ৰেণীৰ নাগৰিক হিচাপে অনুভৱ কৰিব। বিজেপিৰ লক্ষ্য হৈছে বিটিচিৰ প্ৰতিটো জাতি-জনগোষ্ঠীক প্ৰথম শ্ৰেণীৰ নাগৰিকৰ মৰ্যাদা আৰু অধিকাৰ প্ৰদান কৰা। বিটিআৰবাসীৰ মাটি-বাৰীৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান, শিক্ষাৰ উন্নয়ন, মহিলাৰ স্ব-নিৰ্ভৰশীলতা, আন্তঃগাঁথনি উন্নয়ন, যুৱ শক্তিৰ বিকাশ আৰু জীৱন জীৱিকাৰ সর্বাংগীণ বিকাশ সাধনেৰে এখন নতুন বিটিআৰ সপোন ৰচনা কৰা। মুখ্যমন্ত্রীয়ে কয়- বিটিআৰৰ সকলো শ্ৰেণীৰ লোকে চাকৰিৰ অধিকাৰ, মাটিৰ অধিকাৰ, বাসগৃহৰ অধিকাৰ পাব লাগিব। সকলোৱে বিটিআৰক নিজৰ বুলি ভাবিব লাগিব। বিটিআৰত ভিচিডিচিয়ে চৰকাৰী আঁচনিৰ পৰা ৰাইজক বঞ্চিত কৰিছে। অসমৰ আন ঠাইত সকলোৱে অৰুণোদয়ৰ টকা পায়, প্রধানমন্ত্রীৰ আৱাস যোজনাৰ ঘৰ লাভ কৰে। কিন্তু বিটিআৰত এই আঁচনিবোৰৰ সুবিধা লাভ নকৰে, কাৰণ ইয়াত ভিচিডিচিয়েই সকলোৰে মালিক। বিজেপি শাসনলৈ আহিলে বিটিআৰত ৰাইজৰ ৰাজত্ব চলিব। অহা বৰ্ষৰ জানুৱাৰীৰ পৰা অৰুণোদয়ৰ হিতাধিকাৰীয়ে ১,২৫০ টকাৰ লগতে প্ৰতিটো চিলিণ্ডাৰ ক্ৰয়ৰ বিপৰীতে অতিৰিক্ত ২৫০ টকাকৈ ৰাজসাহায্যৰে মুঠ ১,৫০০ টকাকৈ লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয়- ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিদৰে চৰকাৰী আঁচনিৰ পুঁজি বিতৰণ কৰিছে, ঠিক তেনেদৰে বিটিআৰকো প্ৰদান কৰা হৈছে। কিন্তু ইয়াত যোগ্য, দৰিদ্ৰ পৰিয়ালসমূহে এই আঁচনিৰ পুঁজি লাভ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। বিটিআৰত তিনি দশকৰ হিংসাত বহু লোকৰ মৃত্যু হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ তৎপৰতাত ২০২০ চনত বিটিআৰ চুক্তি স্বাক্ষৰিত হয়। ২০২১ চনত মই মুখ্যমন্ত্রী হোৱাৰ পিছত বিগত চাৰে চাৰি বছৰত বিটিআৰত এটাও গুলী ফুটা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই। বিজেপিয়েই অসমলৈ যিদৰে সুশাসন আৰু পৰিৱৰ্তন আনিলে, বিটিআৰলৈও পৰিৱৰ্তন বিজেপিয়ে আনিব পাৰিব। বিজেপি চৰকাৰ অহাৰ পাছত বড়োলেণ্ডত বন্দুক দেখুৱাই ভোট খোজাৰ পৰিৱেশ অন্ত পৰিল। এতিয়া নমস্কাৰ কৰিহে ভোট খোজাৰ পৰিৱেশ হৈছে। এসময়ত বন্দুক চলোৱা ল’ৰাই বিটিআৰত এতিয়া খেতি কৰিছে, ব্যৱসায় কৰিছে, ৰাজনীতি কৰিছে। বিজেপিয়ে প্রতিশ্রুতি মতে বিটিআৰৰ ৰাইজক শান্তি দিলে, গণতান্ত্রিক অধিকাৰ দিলে। এইবাৰ নিৰ্বাচনত জয় কৰালে দলে দুখীয়া ৰাইজক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ পৰা প্ৰথম শ্ৰেণীৰ নাগৰিকৰ অধিকাৰ দিব। অসমৰ আন ঠাইত বিজেপিয়ে যিমান কাম কৰিব পাৰিছে বিটিআৰত তেনেদৰে কৰিব পৰা নাই। সেয়েহে এইবাৰ বিজেপি দলক জয় কৰাবলৈ বিটিআৰবাসীক আহ্বান জনায়। মুখ্যমন্ত্ৰীৰ মন্তব্য- দিল্লীত বিজেপি, দিছপুৰত বিজেপি এইবাৰ বিটিআৰতো বিজেপিৰ চৰকাৰ হ’লে বিটিআৰৰ প্রকৃত উন্নয়ন হ’ব। এই সভাতেই ছালাকাঠিস্থিত এনটিপিচিত স্থানীয় যুৱক-যুৱতীক চতুৰ্থবৰ্গৰ চাকৰিত মকৰল, চামৰপাৰা-পল্টনবজাৰৰ পৰা নাচোনকুটি হৰিমন্দিৰ পথ নিৰ্মাণ, চম্পা নদীৰ ওপৰত কালীপুখুৰীৰ পৰা বাসুগাঁৱলৈ দলং, ছালাকাঠিত এখন স্নাতক মহাবিদ্যালয়, কালীপুখুৰী বিষ্ণুমন্দিৰ নিৰ্মাণ, বান্দাৰচাৰাত হৰিহৰ আশ্রম নির্মাণ, ছালাকাঠিত ইণ্টাৰচিটী ৰে’ল ৰখাৰ ব্যৱস্থাকে ধৰি স্থানীয় ৰাইজে উত্থাপন কৰা দাবীসমূহ পূৰণৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতেই মুখ্যমন্ত্রী ড° শর্মাই কোকৰাঝাৰ জিলাৰ যমদুৱাৰ পৰিষদীয় সমষ্টিৰ বাবে কাশিয়াৰবাৰীৰ আৰনাই খেলপথাৰত আয়োজিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। এই সভাত তেওঁ কয় যে ১ আগষ্টৰ পৰা তেওঁ বিটিআৰৰ প্ৰতিটো অঞ্চললৈ আহি বিভিন্ন সভা কৰি নিশ্চিত হৈছে যে ৰাইজে এইবাৰ বিজেপিক ভোট দিব আৰু বিজেপিয়ে বিটিআৰত জয়লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কয়- বিটিআৰত বিজেপিয়ে শান্তি প্রতিষ্ঠাৰ লগতে জনসাধাৰণৰ গণতান্ত্রিক অধিকাৰ ওভতাই আনিছে। অঞ্চলটোত এতিয়া দোভাগ নিশাও জনতা বাহিৰলৈ ওলাই আহিব পাৰে। এতিয়া বিটিচিত কোনেও বন্দুক দেখুৱাই ভোট নিবিচাৰে, সকলোৱে নমস্কাৰ জনাইহে ভোট খোজে। অহা ৫ বছৰত বিজেপিয়ে সম অধিকাৰ আৰু সম উন্নয়নৰ এখন বিটিআৰ নিৰ্মাণ কৰিব। তেওঁ কয়- বিজেপিয়ে বিপিএফ বা ইউপিপিএলৰ কাৰো বিৰোধিতা নকৰে। একমাত্র বিটিআৰবাসীৰ কষ্ট লাঘৱ কৰিবলৈ এইবাৰ বিজেপিয়ে নির্বাচনত অৱতীর্ণ হ’ব আৰু বিজেপি জয়ী হ’লে বিটিআৰৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ’ব। বিজেপি শাসনলৈ আহিলে দুখীয়া লোকক লুণ্ঠন কৰা ভিচিডিচিৰ বজাৰ বন্ধ কৰি দিয়া হ’ব। ৰেচন কার্ড থকা সকলোকে অৰুণোদয় আঁচনি প্ৰদান কৰা হ’ব আৰু অসম চৰকাৰৰ চাকৰিৰ দৰে বিটিচিতো মেধাৰ ভিত্তিত নিযুক্তি প্রদান কৰা হ’ব। এই সভাতে মুখ্যমন্ত্রীয়ে সোণকোষ নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধ, থাপো অঞ্চলত বিদ্যুৎ যোগান, কাশিয়াৰবাৰীত আদর্শ চিকিৎসালয় নিৰ্মাণ, সন্দেচীগুৰি-জাৰগুৰিত দলং নিৰ্মাণ, দুৱাগুৰিত জগন্নাথ মন্দিৰ নিৰ্মাণ, জাৰগুৰি মন্দিৰ মেৰামতি, যমদুৱাৰ মহাবিদ্যালয়ত বিজ্ঞান শাখা আৰু পৰৱৰ্তী পর্যায়ত বাণিজ্য শাখা মুকলি, জাৰগুৰিবাসীৰ ভূমি সমস্যা সমাধান, জলসিঞ্চনৰ দ্বাৰা পানী যোগান, সোণকোষৰ বাথৌ মন্দিৰ মেৰামতি, খেৰাই মন্দিৰ মেৰামতি, জোৱাৰ্দ্দিৰ-বালাইগাঁও পথত এখন পকী দলং নিৰ্মাণ, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ অৰ্থে সৌৰ শক্তিৰে পৰিচালিত ফেন্সিঙৰ ব্যৱস্থা কৰা, কাশিয়াৰবাৰী বজাৰত বজাৰ গৃহ নিৰ্মাণ, ৰামাদেউ-বড়োঘোপা পথত এখন দলং নির্মাণকে ধৰি ৰাইজে জনোৱা দাবী পূৰণৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। এই বিজয় সংকল্প সভাত মুখ্যমন্ত্রীক সংগ দিয়ে মন্ত্রী অশোক সিংহল, বিধায়ক দিল্লুৰঞ্জন শৰ্মা, প্রাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ, বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ দে’ জিলা তত্ত্বাৱধায়ক শংকৰ প্ৰসাদ ৰায়, এমচিএলএ সজল কুমাৰ সিংহ, কোকৰাঝাৰ জিলা সভাপতি গোসাই বসুমতাৰীকে ধৰি কেইবাজনো দলীয় কার্যকর্তাই।