কোকৰাঝাৰত উচ্চ মানৰ ক্ৰীড়া প্রশিক্ষণ-পুনর্বাসন কেন্দ্র উদ্বোধন মুখ্যমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ক্ৰীড়া আন্তঃগাঁথনিত এক নতুন সংযোজন। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত উচ্চ মানসম্পন্ন ক্রীড়া প্রশিক্ষণ আৰু পুনর্সংস্থাপন কেন্দ্ৰ উদ্বোধন কৰে।অসমৰ খেলুৱৈসকলক উন্নত প্রশিক্ষণ আৰু আধুনিক সা-সুবিধা প্ৰদানৰ জৰিয়তে আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে কোকৰাঝাৰত মুকলি কৰা উচ্চ মানসম্পন্ন ক্রীড়া প্রশিক্ষণ আৰু পুনর্সংস্থাপন কেন্দ্ৰটো দেশৰ ভিতৰতে শ্ৰেষ্ঠ বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। উচ্চ মানসম্পন্ন ক্রীড়া প্রশিক্ষণ আৰু পুনর্সংস্থাপন কেন্দ্র আনুষ্ঠানিকভাৱে উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয়-কোকৰাঝাৰত ২৮ কোটি টকা খৰচ কৰি এটি উচ্চ মানসম্পন্ন ক্রীড়া প্রশিক্ষণ আৰু পুনর্সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হৈছে। অইল ইণ্ডিয়া আৰু নুমলীগড় ৰিফাইনেৰীয়ে আমাক সহায় কৰিছে আৰু বিটিচিয়ে ঘৰ আৰু আন্তঃগাঁথনি দি সহায় কৰিছে। যোৰহাট আৰু গুৱাহাটীত দুবছৰ আগতেই আমি স্থাপন কৰিছিলোঁ। এই চেণ্টাৰত প্ৰশিক্ষণ লোৱাৰ পাছত ১০০জন খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল পাবলৈ সক্ষম হৈছে। কোকৰাঝাৰ খেলত আগৰণুৱা আৰু সেয়েহে কোকৰাঝাৰত এনে কেন্দ্ৰৰ প্ৰয়োজনীয়তা আছিল, যাৰ বাবেই আমি স্থাপন কৰিলোঁ। এই কেন্দ্ৰৰ যোগেদি খেলুৱৈসকল বহুলভাৱে উপকৃত হ’ব। এই গোটেই কেন্দ্রটো অলিম্পিয়াড অভিনৱ বিন্দ্ৰাৰ সহযোগত একেলগে নিৰ্মাণ কৰিছোঁ আৰু কেন্দ্ৰটোৰ পৰিচালনা আৰু প্ৰশিক্ষণৰ দায়িত্বত অভিনৱ বিন্দ্রা ফাউণ্ডেঞ্জন থাকিব। কোকৰাঝাৰৰ কাৰণে ই এক অনন্য উপহাৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে কোকৰাঝাৰৰ ক্ৰীড়াবিদসকলে নিশ্চয় ইয়াক ব্যৱহাৰ কৰি লাভৱান হ’ব। কোকৰাঝাৰত এখন ক্রীড়া স্টেডিয়াম স্থাপন হ’ব আৰু সেয়া নিবিদাৰ পৰ্যায়ত আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। আনহাতে খেল মহাৰণে তৃণমূল পৰ্যায়ৰ পৰা খেলুৱৈ উলিয়াই আনিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ড° শৰ্মাই। ২,০০০ খেলুৱৈৰ বাবে হোষ্টেল বা আৱাসিক কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি এইবাৰৰ বাজেটত ক্ৰীড়াৰ বাবে বিশেষ ঘোষণা কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে। তদুপৰি এনেধৰণৰ বহুকেইটা প্রতিষ্ঠান চলাই থকাত অসুবিধা আছে আৰু সেয়েহে মেডিকেল কলেজসমূহতো এনেধৰণৰ কেন্দ্ৰ স্থাপনৰ চিন্তা-চৰ্চা চলাই থকা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ড° শর্মাই। অনুষ্ঠানত অভিনর বিন্দ্রাই অসম চৰকাৰৰ পদক্ষেপক আদৰণি জনাই এই পদক্ষেপে খেলুৱৈসকলক উপকৃত কৰিব বুলি আশা প্রকাশ কৰে। আনহাতে বিটিআৰপ্ৰধান প্রমোদ বড়োৱে অসম চৰকাৰৰ পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে আৰু এই কেন্দ্ৰৰ যোগেদি খেলুৱৈসকল উপকৃত হৈ জিলিকি উঠিব বুলি আশা প্রকাশ কৰে। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ক্ৰমে নন্দিতা গার্লোছা, উত্থাও গৌৰা ব্ৰহ্ম আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।