কেৱল লাখপতি বাইদেউৰ জৰিয়তে মহিলা সৱলীকৰণ অসম্ভৱ! – দ্বীপেন বৰুৱা

pc World Bank

কেৱল লাখপতি বাইদেউৰ জৰিয়তে মহিলা সৱলীকৰণ অসম্ভৱ!

দ্বীপেন বৰুৱা

অসমৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত যোৱা কেইটামান মাহ ধৰি এক নতুন শব্দই বিশেষ গুৰুত্ব লাভ কৰিছে- সেই শব্দটো হৈছে লাখপতি বাইদেউ৷ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ মহিলা, আত্ম-সহায়ক গোট আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান নাইবা বৰ্তমান অতি জনপ্ৰিয় লাখপতি বাইদেউ আঁচনিখনক অসম চৰকাৰে মহিলা সৱলীকৰণৰ এক বৈপ্লৱিক পদক্ষেপ হিচাপে উপস্থাপন কৰি আহিছে। এই প্ৰচাৰ প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণসমূহে এক বিশেষ ভূমিকা পালন কৰিছে। চৰকাৰী সভা, ৰাজহুৱা সমাৱেশ, আত্ম-সহায়ক গোটৰ মহিলাসকলৰ সৈতে হোৱা সংলাপ আৰু সংবাদমাধ্যমত দিয়া মন্তব্যসমূহৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে এই আঁচনিখনক কেৱল এখন কল্যাণমূলক আঁচনি হিচাপে নহয়; বৰং মহিলা সৱলীকৰণৰ এক আৰ্হি হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাইছে। এই পৰিপ্ৰেক্ষিতত আঁচনিখনৰ প্ৰচাৰ আৰু মুখ্যমন্ত্ৰীৰ ভাষণসমূহৰ বিষয়বস্তু আৰু অন্তৰ্নিহিত ৰাজনৈতিক-সামাজিক তাৎপৰ্য বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে৷

অসম চৰকাৰে ২০২৪ বৰ্ষত আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ মূল লক্ষ্য হৈছে মহিলা আত্ম-সহায়ক গোটসমূহৰ সদস্যসকলক অৰ্থনৈতিকভাৱে সৱল কৰি তোলা। এই আঁচনিৰ জৰিয়তে গৃহিণী তথা গ্ৰাম্য মহিলাসকলক কেৱল উপাৰ্জনকাৰী হিচাপে নহয়; বৰঞ্চ একোগৰাকী সফল আৰু আত্মনির্ভৰশীল উদ্যোগী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা লোৱা হৈছে। ইয়াৰ অধীনত ক্ষুদ্ৰ উদ্যোগ, পশুপালন, বয়ন-শিল্প, কৃষি, খাদ্য প্ৰস্তুতি, হস্তশিল্প আদি বিভিন্ন উৎপাদনমুখী ব্যৱসায়ত মহিলাসকলক জড়িত হ’বলৈ উৎসাহিত কৰা হৈছে। ইয়াৰ লগতে পৰিয়ালৰ সামগ্ৰিক আয় বৃদ্ধি কৰি সন্তানৰ শিক্ষা, স্বাস্থ্য, পুষ্টি আৰু পৰিয়ালৰ সামাজিক সুৰক্ষা নিশ্চিত কৰাও এই আঁচনিখনৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য। এই লক্ষ্যত উপনীত হ’বলৈ প্ৰতিগৰাকী যোগ্য মহিলা সদস্যক প্ৰথম কিস্তিত বীজ মূলধন হিচাপে ১০,০০০ টকাকৈ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰ ঘোষণা মতে, উদ্যোগত সফলতা লাভ কৰা মহিলাসকলক দ্বিতীয় আৰু তৃতীয় কিস্তিত ক্ৰমে ২৫,০০০ টকা আৰু ৫০,০০০ টকাকৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱা হ’ব। ২০২৫–২৬ বিত্তীয় বৰ্ষৰ অসম চৰকাৰৰ বাজেটত এই আঁচনিৰ বাবে ৩,০৩৮ কোটি টকা আৱণ্টন দিয়া হৈছে। এই আঁচনিৰ জৰিয়তে আগন্তুক তিনি বছৰৰ ভিতৰত মহিলাসকলক বছৰি এক লাখ টকা উপাৰ্জনক্ষম কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি অসমত প্ৰায় ৩৯ লাখ আত্ম-সহায়ক গোটৰ মহিলা সদস্যক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে, যিসকল মহিলাক এতিয়া “লাখপতি বাইদেউ” হিচাপে অভিহিত কৰা হৈছে।

উল্লেখযোগ্য যে বৰ্তমান মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানটো লাখপতি বাইদেউ আঁচনি নামেৰেহে অধিক জনপ্ৰিয় হৈ পৰিছে। অৱশ্যে আঁচনিখনৰ অধীনত উপযুক্ত বিবেচিত হ’বলৈ মহিলাসকলে কিছুমান নিৰ্দিষ্ট চৰ্ত পূৰণ কৰিব লাগে। প্ৰথমতে, আবেদনকাৰী মহিলা এগৰাকী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব আৰু স্বীকৃত আত্ম-সহায়ক গোটৰ সক্ৰিয় সদস্য হোৱাটো বাধ্যতামূলক। সাধাৰণতে সেই আত্ম-সহায়ক গোটটো কমেও ছমাহ বা তাতকৈ অধিক সময় ধৰি নিয়মিতভাৱে কাৰ্যৰত থাকিব লাগে। লগতে আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় চৰকাৰে নিৰ্ধাৰণ কৰা সীমাৰ ভিতৰত থাকিব লাগিব, যাতে আঁচনিখনৰ সুবিধা প্ৰকৃততে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহে লাভ কৰিব পাৰে। তদুপৰি সন্তানৰ ক্ষেত্ৰতো জাতি-জনগোষ্ঠীভেদে কিছু নীতি-নিৰ্দেশনা দিয়া দেখা গৈছে। সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত সীমিত সন্তান নীতি অনুসৰণ কৰা হৈছে; কিন্তু অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত এই নিয়মত কিছু শিথিলতা প্ৰদান কৰা হৈছে। এই ব্যৱস্থাই সামাজিক ন্যায় বজাই ৰাখি আঁচনিখনৰ সুফল নির্দিষ্টভাৱে আগবঢ়োৱাৰ উদ্দেশ্য প্ৰকাশ কৰে।

এক বিশেষ কৌশলৰ মাজেৰে মুখ্যমন্ত্ৰীয়ে লাখপতি বাইদেউ আঁচনিৰ প্ৰচাৰ চলাই থকা দেখা গৈছে৷ মুখ্যমন্ত্ৰীয়ে নিজে প্ৰতিটো সমষ্টিয়ে-সমষ্টিয়ে গৈ আত্ম-সহায়ক গোটৰ মহিলাসকলৰ সৈতে অনুষ্ঠিত সমাৱেশত অংশগ্ৰহণ কৰি আঁচনিখনৰ সফলতাৰ কাহিনী উল্লেখ কৰিছে। লগতে কিছু নিৰ্বাচিত সফল লাখপতি বাইদেউক মঞ্চলৈ আমন্ত্ৰণ কৰি উদাহৰণ হিচাপে উপস্থাপন কৰিছে। টেলিভিছন, বাতৰি কাকত আৰু সামাজিক মাধ্যমত লাখপতি বাইদেউ আঁচনিৰ বিজ্ঞাপন, ভিডিঅ’, সাক্ষাৎকাৰ আৰু সংবাদ নিয়মিতভাৱে প্ৰচাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ ভাষণৰ সংক্ষিপ্ত উদ্ধৃতি বা শক্তিশালী বাক্যসমূহ বিশেষকৈ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। মুঠৰ ওপৰত লাখপতি বাইদেউক মহিলাসকলৰ এক গৌৰৱসূচক পৰিচয় হিচাপে গঢ়ি তোলা হৈছে। ইয়াৰ জৰিয়তে মহিলাসকলক কেৱল সাহাৰ্যপ্ৰাপ্ত ব্যক্তি নহয়, বৰং অসমৰ উন্নয়নৰ অগ্ৰণী সেনানী হিচাপে চিনাকি কৰা হৈছে। এই প্ৰচাৰ কৌশলসমূহে আঁচনিখনক জনমানসত এক শক্তিশালী ৰূপত উপস্থাপন কৰিছে৷ কিন্তু এইখিনিতে প্ৰশ্ন হয় যে কেৱল এখন আঁচনিৰ অধীনত, বিশেষকৈ অৰ্থনৈতিক আয় বৃদ্ধিত সীমাবদ্ধ এখন আঁচনিৰ জৰিয়তে, অসমৰ দৰে এখন অৰ্থনৈতিকভাৱে বৈচিত্ৰ্যময় ৰাজ্যত মহিলাৰ সামগ্ৰিক সৱলীকৰণ সম্ভৱ নে?

মহিলা সৱলীকৰণ আধুনিক গণতান্ত্ৰিক সমাজৰ এক গুৰুত্বপূৰ্ণ সূচক। সামাজিক ন্যায়, অৰ্থনৈতিক উন্নয়ন আৰু মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত মহিলাৰ সক্ৰিয় অংশগ্ৰহণ অবিহনে কোনো ৰাজ্যই দীৰ্ঘস্থায়ী অগ্ৰগতি লাভ কৰিব নোৱাৰে। বৰ্তমান সময়ত অসমত মহিলা সৱলীকৰণৰ ক্ষেত্ৰত কিছু ইতিবাচক পৰিৱৰ্তন পৰিলক্ষিত হৈছে। শিক্ষা, স্বাস্থ্য, অৰ্থনৈতিক স্বাৱলম্বন, সামাজিক সুৰক্ষা আৰু ৰাজনৈতিক অংশগ্ৰহণ আদি সকলো ক্ষেত্ৰতে মহিলাসকলৰ স্থিতি আগৰ তুলনাত কিছু উন্নত হোৱা দেখা গৈছে। বিশেষকৈ অৰ্থনৈতিক সৱলীকৰণৰ ক্ষেত্ৰত আত্ম-সহায়ক গোটসমূহে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। গ্ৰাম্য অঞ্চলত গঠিত লাখ লাখ মহিলা আত্ম-সহায়ক গোটে ক্ষুদ্ৰ সঞ্চয়, সহজ ঋণ আৰু আয়-উৎপাদনমূলক কাৰ্যকলাপৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ সহায় কৰিছে। এই গোটসমূহে কেৱল আৰ্থিক সাহাৰ্যই নহয়; মহিলাসকলৰ আত্মবিশ্বাস, নেতৃত্বগুণ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাও দৃঢ় কৰি তুলিছে।

যদিও আঁচনিখনৰ প্ৰচাৰ কাৰ্যসূচী আৰু মুখ্যমন্ত্ৰীৰ ভাষণসমূহ সামগ্ৰিকভাৱে আশাব্যঞ্জক; তথাপি কিছুমান দিশত সৰ্বসাধাৰণ ৰাইজৰ মাজত স্বাভাৱিকতেই কিছু প্ৰশ্ন উত্থাপন হৈছে। এইখিনিতে মনত ৰাখিব লাগিব যে কেৱল প্ৰচাৰ আৰু ভাষণৰ জৰিয়তে কোনো এখন কল্যাণমূলক আঁচনিয়ে নিজৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব নোৱাৰে। আঁচনিখনৰ বাস্তৱ প্ৰভাৱ, বহনক্ষমতা আৰু সকলো শ্ৰেণীৰ মহিলাক সন্মানজনক তথা স্বাৱলম্বী জীৱন নিশ্চিত কৰাৰ সক্ষমতাইহে শেষ পৰ্যন্ত ইয়াৰ সাফল্য নিৰ্ধাৰণ কৰে। ইতিপূৰ্বে দেখা গৈছে যে অন্য কেতবোৰ কল্যাণমূলক আঁচনিৰ অধীনত লাভ কৰা আৰ্থিক সাহাৰ্য বহু ক্ষেত্ৰত মহিলাসকলে উৎপাদনমূলক কামত ব্যৱহাৰ নকৰি অদৰকাৰী বা অস্থায়ী উপভোগমূলক কামত ব্যয় কৰি আহিছে। এনে ধনৰাশিৰে নতুন মোবাইল ফোন ক্ৰয়, স্কুটী আদি বাহনৰ ঋণ পৰিশোধ, ভ্ৰমণ আদি কামত ব্যৱহাৰ কৰাৰ বাতৰিও ইতিমধ্যে প্ৰকাশ পাইছে। সেয়েহে লাখপতি বাইদেউ আঁচনিখনৰ সুফল যাতে ফলপ্ৰসূভাৱে মহিলাসকলৰ আৰ্থ-সামাজিক সৱলীকৰণত ব্যৱহৃত হয়, তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহে নিজাববীয়াকৈ নিয়মিত নিৰীক্ষণ, পথপ্ৰদৰ্শন আৰু পৰামৰ্শমূলক ব্যৱস্থা গ্ৰহণ কৰা অত্যন্ত প্ৰয়োজনীয়।

লাখপতি বাইদেউ আঁচনিখনত কল্যাণমূলক দিশৰ লগতে ৰাজনৈতিক দিশটো অতি দৃষ্টিকটুভাৱে পৰিস্ফূট হোৱা যেন অনুভৱ হয়। আঁচনিখনৰ ধনৰাশি মুকলি কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে বিশাল মঞ্চ আয়োজন কৰি সংবাদ মাধ্যমৰ উপস্থিতিতহে মহিলাসকলক ধন প্ৰদান কৰাৰ দৃশ্য লক্ষ্য কৰা গৈছে। এই ধন বিতৰণ কাৰ্যসূচীসমূহ বহু ক্ষেত্ৰত এখন নিয়মীয়া চৰকাৰী অনুষ্ঠানৰ পৰিৱৰ্তে এক প্ৰকাৰৰ ৰাজনৈতিক সভালৈ ৰূপান্তৰিত হোৱা যেন দেখা গৈছে। ইয়াৰ উপৰিও, উক্ত সভা-সমিতিসমূহত মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ এই মন্তব্য কৰা শুনা গৈছে যে ২০২৬ চনত অসমত পুনৰবাৰ বিজেপি দলৰ চৰকাৰ গঠন হ’লেহে এই আঁচনি অব্যাহত থাকিব। এই ধৰণৰ বক্তব্য এখন কল্যাণমূলক আঁচনিৰ ভাষা কেতিয়াও হ’ব নোৱাৰে৷ উল্লেখযোগ্য যে অসমত মহিলা ভোটাৰৰ সংখ্যা প্ৰায় পুৰুষ ভোটাৰৰ সমান। বিশেষকৈ গ্ৰামাঞ্চলত আত্ম-সহায়ক গোটসমূহৰ জৰিয়তে মহিলাসকল এতিয়া এক সুসংগঠিত আৰু সচেতন ভোট-বেংক হিচাপে আত্মপ্ৰকাশ কৰিছে। এই সামাজিক বাস্তৱতাক মুখ্যমন্ত্ৰীয়ে সূক্ষ্মভাৱে অনুধাৱন কৰিয়েই এনে ৰাজনৈতিক ভাষাৰ ব্যৱহাৰ কৰিছে বুলি বহুতে মতপ্ৰকাশ কৰিছে। কিন্তু এই ধৰণৰ প্ৰৱণতা গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে কেতিয়াও স্বাস্থ্যকৰ নহয়। লাখপতি বাইদেউ আঁচনি নিঃসন্দেহে এখন সাহসী, সময়োপযোগী আৰু আৰ্থ-সামাজিক দৃষ্টিৰে গুৰুত্বপূৰ্ণ পদক্ষেপ। কিন্তু ই যদি প্ৰকৃতাৰ্থত মহিলাসকলৰ আৰ্থিক সৱলীকৰণৰ এক স্থায়ী মাধ্যম হিচাপে গঢ় লৈ উঠিব লাগে, তেন্তে আঁচনিখনক যিকোনো ধৰণৰ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা মুক্ত কৰাটো অত্যাৱশ্যক। কাৰণ, কল্যাণমূলক আঁচনিৰ সফলতা ৰাজনৈতিক প্ৰচাৰৰ ওপৰত নহয়, বৰং তাৰ স্বচ্ছতা, নিৰপেক্ষতা আৰু দীৰ্ঘম্যাদী সামাজিক প্ৰভাৱৰ ওপৰতহে নিৰ্ভৰ কৰে।

দীৰ্ঘম্যাদী মহিলা সৱলীকৰণৰ বাবে শিক্ষাৰ ক্ষেত্ৰখনো বিশেষ গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগিব। মহিলা শিক্ষাৰ গুণগত মান উন্নত কৰি উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাত ছোৱালীৰ অংশগ্ৰহণ বৃদ্ধি কৰা অত্যন্ত প্ৰাসঙ্গিক। শিক্ষিত আৰু দক্ষ মহিলাইহে উদ্যোগ, নেতৃত্ব আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিব পাৰে। ইয়াৰ সমান্তৰালভাৱে স্বাস্থ্য সেৱাসমূহ গ্ৰামাঞ্চললৈ অধিক সুলভ কৰি মাতৃ-মৃত্যু, শিশুমৃত্যু আৰু পুষ্টিহীনতা হ্ৰাস কৰাৰ দিশতো বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব৷ তদুপৰি অসমত অঞ্চলভেদে মহিলাৰ সামাজিক অৱস্থা একেধৰণৰ নহয়। নগৰীয়া শিক্ষিত মধ্যবিত্ত মহিলাৰ জীৱন অভিজ্ঞতা আৰু চাহ-বাগিচা, চৰ অঞ্চল, নদী-কাষৰীয়া বা পাহাৰীয়া অঞ্চলৰ মহিলাৰ জীৱন বাস্তৱতাৰ মাজত যথেষ্ট ব্যৱধান থাকে। বহু ঠাইত ঘৰুৱা হিংসা, বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি এতিয়াও সম্পূৰ্ণৰূপে দূৰ হোৱা নাই। লগতে কৰ্মক্ষেত্ৰত লিংগভিত্তিক বৈষম্য আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাৰ কণ্ঠ দমন কৰাৰ প্ৰৱণতাও বহু ক্ষেত্ৰত লক্ষ্য কৰা যায়। এই পৰিপ্ৰেক্ষিতত কেৱল আয় বৃদ্ধি মানেই যে মহিলা সৱলীকৰণ সম্পূৰ্ণ হ’ব, এই ধাৰণাটো কেৱলমাত্ৰ এক সৰলীকৃত দৃষ্টিভংগীহে হৈ ৰ’ব৷

উপসংহাৰঃ
লাখপতি বাইদেউ আঁচনিখনক মহিলা সৱলীকৰণৰ ক্ষেত্ৰত এক আৰ্হি হিচাপে গঢ়ি তুলিবলৈ কেৱল আৰ্থিক সাহাৰ্য প্ৰদানেই যথেষ্ট নহয়; ইয়াৰ সৈতে সংলগ্ন সমৰ্থনমূলক ব্যৱস্থাসমূহ শক্তিশালী কৰাটো অতি প্ৰয়োজনীয়। বিশেষকৈ আত্ম-সহায়ক গোটসমূহৰ সক্ষমতা বৃদ্ধি কৰাটো এই আঁচনিখনৰ সফলতাৰ মূল আধাৰ হ’ব পাৰে। তাৰ কাৰণে আত্ম-সহায়ক গোটসমূহৰ সদস্যাসকলক নিয়মীয়া আৰু ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰিব লাগিব, যাতে তেওঁলোকে কেৱল পৰম্পৰাগত কামতেই সীমাবদ্ধ নাথাকি আধুনিক, বজাৰমুখী আৰু লাভজনক উদ্যোগৰ সৈতে নিজকে জড়িত কৰিব পাৰে। ইয়াৰ উপৰিও, উৎপাদিত সামগ্ৰীৰ উপযুক্ত বজাৰ সংযোগ নিশ্চিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বহু ক্ষেত্ৰত দেখা যায় যে উৎপাদন সক্ষমতা থাকিলেও বজাৰ, মূল্য নিৰ্ধাৰণ আৰু বিপণন ব্যৱস্থাৰ অভাৱত মহিলাসকলে উপযুক্ত লাভ আহৰণ কৰিবলৈ সক্ষম নহয়। সেয়েহে সহকাৰী বিপণন ব্যৱস্থা, ই-কমাৰ্চ প্লেটফৰ্মৰ সৈতে সংযোগ আৰু স্থানীয় বজাৰৰ সুযোগ সৃষ্টি কৰাটো আঁচনিখনৰ এক অবিচ্ছেদ্য অংশ হ’ব লাগে। লগতে প্ৰযুক্তিগত সহায় বৃদ্ধি কৰি ডিজিটেল লেনদেন, হিচাব-পত্ৰ ৰক্ষণাবেক্ষণ আৰু আধুনিক উৎপাদন কৌশলৰ জ্ঞান প্ৰদান কৰাটোও সমানেই প্ৰয়োজনীয়। অন্যথাই এনে ব্যয়বহুল তথা সম্ভাৱনাময় আঁচনি ৰূপায়ন কৰিলেও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মহিলা সৱলীকৰণৰ স্বপ্ন বাস্তৱায়িত হোৱা বুলি ক’ব পৰা নাযাব।