কেৱল মাত্ৰ ক্ৰিকেটে এবিধ খেল নহয় – চন্দ্ৰ শেখৰ পৰাজুলী

Pc- PYMNTS.com

কেৱল মাত্ৰ ক্ৰিকেটে এবিধ খেল নহয়

 চন্দ্ৰ শেখৰ পৰাজুলী
     বিশ্বনাথ চাৰিআলি

ভাৰতবৰ্ষ যেতিয়া ইংৰাজৰ অধিনত আছিল ঠিক তেতিয়াৰে পৰা ভাৰতত ক্ৰিকেট খেলৰ সূত্ৰপাত ঘটে। কাৰণ ইয়াতকৈ আগৰ ভাৰতবৰ্ষৰ কথাবোৰ উল্লেখ কৰিবলৈ আৰম্ভ কৰিলে মন বৰ বিষাদতাৰে ভৰি পৰে ।কাৰণ এসময়ত গোটেই বিশ্বক জ্ঞানৰ পোহৰ সিচৰিত কৰা কৰা দেশৰ বৰ্তমানৰ অবস্থিতি দেখি মনতে বৰ দুখ অনুভৱ হয়।সেয়েহে বৰ্তমানে আমাৰ দেশ আমাৰ অতীতৰ তুলনাত সবল স্থিতিত আছে নে প্ৰতিদিনে দুৰ্বলতা দিশে ধাবমান কৰিবলৈ ধৰিছে ইয়াৰ বিচৰা আপোনালোকৰ হাতত এৰি দিছোঁ। বৰ্তমান সময়ত আমি কেইটামান দিশতেহে আগুৱাই গৈছোঁ। ফলত ধনী আৰু একেবাৰে নিম্ন শ্ৰেণীৰ মাজত বহু অন্তৰ আহি পৰিছে আৰু ইয়াৰ একমাত্ৰ কাৰণ হল ইংৰাজৰ শাসন ব্যৱস্থাৰ কু-প্ৰভাৱ। সেয়েহে ক্ৰিকেটো হল এনে এবিধ খেল ইয়াৰ কিছু ভাল দিশ থকাৰ পিছতো আমাৰ ভাৰতবৰ্ষত ইয়াৰ কু-প্ৰভাৱ বৰ বেয়াকৈ পৰিছে বুলি কলেওঁ মিছা কোৱা নহয়।

২০২৪ চনৰ গ্ৰীষ্মকালীন পেৰিচ অলিম্পিকত মুঠ ২০৬ দেশে অংশগ্ৰহণ কৰাৰ কথা আছে। তাৰেই মাজতেই তাতে মুঠ ৩২ খন বিভিন্ন ধৰণৰ খেল খেলুৱাৰ বাবে নিৰ্ধাৰণ কৰিছে। এতিয়া কথা হল যিখন দেশত কেৱল টকা উপাৰ্জনৰ মাধ্যম হিচাপে হয় ৰাজনীতি,নাইবা চলচ্চিত্ৰৰ জগত ,নতুবা বিভিন্ন ধৰণৰ খেলৰ ভিতৰত কেৱল ক্ৰিকেট খেলাকে আকোঁৱালি লোৱা দেখিবলৈ পোৱা যায় তাতেই অলিম্পিকৰ দৰে বহু বিশাল খেল মহাউৎসৱত ভাৰতৰ এক দুৰ্বল প্ৰতিনিধিত্ব কথা সুৱৰিবলৈ ধৰিলে হয়তো প্ৰতিজন খেল অনুৰাগীৰ মন আবেগিক হৈ পৰিব। তথাপিওঁ আমি এতিয়াওঁ ক্ৰিকেট খেলখন আমাৰ আবেগ বুলি কবলৈ কুণ্ঠাবোধ নকৰোঁ। যিখন সমাজত আমি পঢ়ি থকা পাঠ্যক্ৰমত ক্ৰিকেট খেলৰ ৰচনা লিখিবলৈ আৰম্ভ কৰোঁতে বহুতেই হয়তো লিখি পাইছোঁ ‘ক্ৰিকেট এবিধ ধনী মানুহে খেলা খেল’। এতিয়া কথা হল ইমান ব্যয়বহুল খেলৰ পিছত আমি যিমান পাগল হৈ পৰিছোঁ, এই খেলৰ লগে লগে আমি যদি অন্যান্য ক্ৰিকেটৰ তুলনামূলকভাৱে ভাবে কম ব্যয়বহুল নানান ধৰণৰ খেলৰ প্ৰতিওঁ উঠি অহা নৱপ্ৰজন্মক উৎসাহ প্ৰদানৰ উপৰিও যথোপযুক্ত সহায় বা সাহায্য প্ৰদান কৰোঁ তেন্তে চৌদিশৰে পৰা দেশৰ মানচিত্ৰ সলনি হবলৈ আৰম্ভ কৰিব। কাৰণ দেশ এখনৰ মানচিত্ৰ কেৱল ৰাজনীতি, চলচ্চিত্ৰ, বা ক্ৰিকেট খেলৰ যোগেদিয়ে নিৰ্মাণ নহয়। সেয়েহে প্ৰতিজন অভিভাৱকে উঠি অহা নৱপ্ৰজন্মৰ ক্ৰিকেটৰ জ্বৰৰ পৰা লাহে লাহে আতৰাই আনি বিভিন্ন ধৰণৰ নতুন নতুন খেলৰ মাধ্যমেৰে বিশ্ব জয়ৰ সপোন দেখিবলৈ সুযোগ প্ৰদান কৰক। কাৰণ অন্তিমত আকৌ এবাৰ কৈছোঁ,কেৱল মাত্ৰ ক্ৰিকেটে এবিধ খেল নহয় ।