কেৱল ফোনযোগে কেৰিয়াৰ পৰামৰ্শ আগবঢ়োৱাৰ কাৰণ – ড°বুলজিৎ বুঢ়াগোহাঁই

কেৱল ফোনযোগে কেৰিয়াৰ পৰামৰ্শ আগবঢ়োৱাৰ কাৰণ

ড°বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা   তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়

অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৰিয়াৰৰ নানা দিশ সন্দৰ্ভত ২০০৫ চনৰ পৰা প্ৰতি শনিবাৰে সন্ধ্যা ৬ বজাৰ পৰা ৯ বজালৈ ফোন (০৯৪৩৫১৮৮৬৩০) যোগে বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শ আগবঢ়াই আহিছোঁ। এই সেৱা সন্দৰ্ভত বিভিন্ন মাধ্যম, যেনে-বাতৰি কাকত, আলোচনী, ৰেডিঅ’, দূৰদৰ্শন, ফেচবুক, ৱাটচআপ, টুইটাৰ, ই-মেইল, ইউটিউব, লিংকডইন, ইনষ্টাগ্ৰাম ইত্যাদিৰ জৰিয়তে জনসাধাৰণক অৱগত কৰি আহিছোঁ। এই বিষয়ে জনোৱাৰ বাবে বিভিন্ন মাধ্যমৰ সহায় লৈ অহা চৰ্তেও বহুতে যিকোনো দিন আৰু যিকোনো সময়ত কেৰিয়াৰ পৰামৰ্শৰ বাবে ফোন কৰে। কিন্তু সকলো সময়তে এই বিনামূলীয়া পৰামৰ্শ আগবঢ়োৱা আমাৰ বাবে বাস্তৱিকতে  সম্ভৱ নহয়। আমি সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে প্ৰতিসপ্তাহত কেৱল তিনিঘণ্টা (শনিবাৰে সন্ধ্যা ৬ বজাৰ পৰা ৯ বজালৈ) এই সেৱাটো আগবঢ়াই আহিছোঁ। সেয়ে, এই পৰিসীমাৰ ভিতৰতে  সকলোৱে যোগাযোগ কৰে যেন ।

বহু শিক্ষাৰ্থী আৰু অভিভাৱকে ফোনৰ পৰিৱৰ্তে ই-মেইল, ৱাটচআপ বা ফেচবুকৰ জৰিয়তে পৰামৰ্শ বিচাৰে। বহুতে সোধে—“কেৰিয়াৰ পৰামৰ্শ কেৱল ফোনযোগেদি কিয় আগবঢ়োৱা হয়?” এই প্ৰশ্নৰ উত্তৰ জনসাধাৰণলৈ মুকলি চিঠিৰ জৰিয়তে দিয়াৰ প্ৰয়োজন অনুভৱ কৰিলোঁ। ফোনযোগে পৰামৰ্শ দিয়োতে পৰামৰ্শদাতা আৰু শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ কথোপকথনৰ সুবিধা থাকে। এই কথোপকথনত প্ৰশ্ন আৰু প্ৰত্যুত্তৰৰ জৰিয়তে বিষয়বোৰ তৎক্ষণাত স্পষ্ট কৰিব পাৰি। ফোনত লাউড স্পিকাৰ ব্যৱহাৰৰ বাবে উৎসাহ দিয়া হয়, যাতে পৰিয়ালৰ অন্য সদস্যসকলে কথোপকথন শুনি কেৰিয়াৰৰ বিকল্পসমূহ বুজি পাব পাৰে।  ইয়াৰ দ্বাৰা পৰিয়ালৰ সকলো সদস্যৰ মাজত সমন্বয় স্থাপন হৈ শিক্ষাৰ্থীৰ বাবে এক মতত যথোপযুক্ত সিদ্ধান্ত লোৱা সহজ হয়।কেৰিয়াৰ পৰামৰ্শ প্ৰদানৰ সময়ত আমি কেতিয়াও কোনো শিক্ষাৰ্থীক চূড়ান্ত পথ বাছনি কৰিবলৈ নকওঁ। আমি কেৱল উপলব্ধ বিকল্পসমূহৰ বিষয়ে বুজাই দিওঁ। যেনে, গুৱাহাটীৰ পৰা দিল্লীলৈ যাত্রা কৰিবৰ বাবে বাছ, ৰেল, উৰাজাহাজ বা ব্যক্তিগত বাহন আদি বিভিন্ন মাধ্যম থাকে, তেনেকৈ কোনো কেৰিয়াৰৰ  লক্ষ্যত উপনীত হোৱাৰ বাবেও বহু পথ থাকে। এই বিকল্পসমূহ ফোনযোগে স্পষ্টকৈ বুজাব পাৰি। তাৰ পিছত শিক্ষাৰ্থীয়ে অভিভাৱক, শিক্ষক বা মেন্টৰৰ সৈতে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিলে ভাল হয় ।

ফোনত তৎক্ষণাত যিকোনো প্ৰশ্নৰ উত্তৰ দিব পৰা , কিন্তু ই-মেইল বা মেছেজত সময় লাগিব পাৰে। এই সকলো কাৰণত, কেৰিয়াৰ পৰামৰ্শ কেৱল ফোন যোগেদিহে আগবঢ়োৱা হয়।