কেৱল ধন উপাৰ্জনে জীৱনৰ একমাত্ৰ লক্ষ্য নেকি ? – দেবর্ষি গৌতম

কেৱল ধন উপাৰ্জনে জীৱনৰ একমাত্ৰ লক্ষ্য নেকি ?

দেবর্ষি গৌতম, বনগাঁও

      প্ৰতিগৰাকী মানুহৰ জীৱনৰ মৌলিক প্ৰয়োজন তিনিটা সেইয়া হৈছে অন্ন, বস্ত্ৰ আৰু বাসস্থান। আমাৰ সমাজত তিনি ধৰণৰ মানুহে বসবাস কৰে। তিনি ধৰণৰ মানুহৰ ভিতৰত একাংশ ধনী অথবা চহকী তাৰ পিছতে একাংশ লোক ধনী আৰু দুখীয়াৰ মাজত বসবাস কৰা মধ্যবিত্ত লোক আৰু শেষত আহে সেই অৱশিষ্ট লোকখিনি যিখিনি একেবাৰে দুখীয়া অথবা দৰিদ্ৰ লোক। আচলতে দুখীয়া অথবা দৰিদ্ৰ লোকসকলে দুবেলা দুমুঠি অন্নৰ বাবে প্ৰতিদিনে হাৰভঙা পৰিশ্ৰম কৰিব লগীয়া হয়। যাৰ ফলত তেনেকুৱা লোকসকলৰ বাবে ধন উপাৰ্জন কৰাটোৱে জীৱৰ বাবে মূল লক্ষ্য হৈ পৰে। আমি বহু সময়ত পদপথত জীৱন নিৰ্বাহ কৰা বহুতো লোক দেখিবলৈ পাওঁ। তাৰোপৰি বহু সময়ত আমি দেখিবলৈ অথবা শুনিবলৈ পাওঁ যে বহু লোকে অৰ্থৰ অভাৱত নিজৰ আত্মীয়ৰ উন্নত চিকিৎসা কৰাত অসমৰ্থ হয়। আচলতে এনে লোক সকলৰ এই সকলোবোৰ সমস্যাৰ মূলতে হৈছে আৰ্থিক দৈন্যতা। এগৰাকী ব্যক্তিয়ে জীয়াই থকাৰ বাবে নিম্নতম প্ৰয়োজন হিচাপে নিজৰ ভোক নিবাৰণৰ বাবে এমুঠি অন্ন বিচাৰে, নিজৰ লজ্জা নিবাৰণৰ বাবে এখন বস্ত্ৰ বিচাৰে আৰু আশ্রয়ৰ বাবে এটা বাসস্থান বিচাৰে। আৰ্থিক দৈন্যতাৰ বাবে যিবোৰ লোকে এই নিম্নমতম সুবিধা খিনিও যোগাৰ কৰিবলৈ অসমৰ্থ হয় তেনেকুৱা লোকসকলৰ বাবে ধন উপাৰ্জন কৰাৰ বাহিৰে নিজৰ জীৱনত যে অন্য কিবা লক্ষ্যও থাকিব পাৰে সেই কথা অনুভৱ কৰিবলৈ আহৰিয়েই নাপাই। এই দৰিদ্ৰতাৰ মাজেৰে জীৱন অতিবাহিত কৰা লোকসকলে উপযুক্ত শিক্ষা আহৰণ কৰাৰ পৰা বঞ্চিত হয়, উপযুক্ত চিকিৎসা লাভ কৰাৰ পৰা বঞ্চিত হয় যাৰ ফলত তেওঁলোকে সমাজৰ মূল সুঁতিৰ পৰা বহুত বেছি পিছ পৰি থাকে। এই ক্ষেত্ৰত মধ্যবিত্ত লোক সকলেও কেৱল নিজৰ সপোন পূৰণ কৰিবলৈ ধন উপাৰ্জন কৰাটোৱে জীৱনৰ মূল লক্ষ্য হিচাপে বাচি লয়। মধ্যবিত্ত লোক সকলে যদিও দৰিদ্ৰ লোক সকলতকৈ তুলনামূলক ভাবে অধিক ধন উপাৰ্জন কৰে তথাপিও কিন্তু নিজৰ সপোন পূৰণৰ বাবে সেই ধন পৰ্যাপ্ত নহয়। যাৰ ফলত মধ্যবিত্ত লোকসকলেও ধন উপাৰ্জন কৰাটোত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ বাধ্য হয়। ইয়াৰ পৰিবৰ্তে সমাজত একাংশ ধনী অথবা চহকী লোক থাকে। যিসকল লোকে এক আভিজাত্যৰ মাজেৰে নিজৰ জীৱন অতিবাহিত কৰে। আচলতে প্ৰকৃত অৰ্থত এই অভিজাত্য লোকসকলেহে জীৱনত কেৱল ধন উপাৰ্জন কৰাৰ উপৰিও কিছুমান সামাজিক দায়বদ্ধতা পালন কৰাৰো প্ৰয়োজন থাকে। ধনী শ্ৰেণীৰ লোকসকলে নিজৰ প্ৰয়োজনকৈ অধিক ধন উপাৰ্জন কৰাৰ উপৰিও কিন্তু তেওঁলোকে নিজৰ সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰতো যথেষ্ট সফল হোৱা পৰিলক্ষিত হয়। এনেদৰে যদি আমি পৰ্য্যায়ক্ৰমে প্রতিটো স্তৰৰ লোকসকলক পৰ্যালোচনা কৰোঁ তেনেহলে একেষাৰে মানুহৰ জীৱনৰ একমাত্র লক্ষ্য ধন উপাৰ্জন হয় বা নহয় বুলি কোৱাটো কঠিন হৈ পৰে। নিশ্চিতভাৱে প্ৰতিগৰাকী লোকৰ জীৱনত ধন উপাৰ্জন কৰাৰ সমান্তৰালকৈ অন্য কিছুমান দিশো থাকে তথাপিও কিন্তু আমাৰ সমাজৰ একাংশ লোকে সকলো দিশ আওকাণ কৰি কেৱল ধন উপাৰ্জন কৰাটোৱে মূল লক্ষ্য হিচাপে বাচি লবলৈ বাধ্য হৈ পৰে। মানুহে সততে কোৱা শুনিবলৈ পোৱা যায় যে জীৱনত কেৱল ধন উপাৰ্জন কৰাটোৱে মূল লক্ষ্য নহয়। কিন্তু যিসকল লোকে ধনৰ অভাৱত জীৱনৰ অতিকৈ নিম্নতম প্ৰয়োজন খিনি পূৰণ কৰিবলৈ সমৰ্থ নহয় তেনে ক্ষেত্ৰত মানুহে কোৱা এই কথাবোৰ অসাৰ প্ৰতিপন্ন হোৱা যেন অনুমান হয়।