কেৰিয়াৰ কাউন্সেলিঙত চাইকোমেট্ৰিক পৰীক্ষাৰ ভূমিকা
ড°বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
কেৰিয়াৰ কাউন্সেলিঙত চাইকোমেট্ৰিক পৰীক্ষাৰ সফলতা মূলত নিৰ্ভৰ কৰে—এই পৰীক্ষাটোৰ ব্যৱহাৰৰ সঠিকতা, প্ৰাসংগিকতা, আৰু আন মূল্যায়ন পদ্ধতি তথা ব্যক্তিগত পৰিস্থিতিৰ সৈতে ইয়াৰ যুক্তিসংগত সংমিশ্ৰণৰ ওপৰত।
চাইকোমেট্ৰিক পৰীক্ষাৰ সঠিকভাৱে ব্যৱহাৰ নকৰিলে সমস্যা হ’ব পাৰে। যদি চাইকোমেট্ৰিক পৰীক্ষাৰ ফলাফলক একমাত্ৰ নিৰ্ণায়ক হিচাপে লোৱা হয়, তেন্তে ব্যক্তিৰ অনন্য পৰিচয় আৰু পৰিস্থিতি উপেক্ষা কৰা হ’ব পাৰে। কেৱল চাইকোমেট্ৰিক পৰীক্ষাৰ ওপৰত ভিত্তি কৰি কেৰিয়াৰৰ সিদ্ধান্ত ল’লে জীৱনৰ বাস্তৱতা (যেনে- বজাৰৰ চাহিদা, ব্যক্তিগত অৱস্থা আদি) উপেক্ষা হ’ব পাৰে। যদি চাইকোমেট্ৰিক পৰীক্ষাৰ ফলাফল যথাযথভাৱে বিশ্লেষণ কৰা নহয় বা অযোগ্য পৰামৰ্শদাতাই ব্যাখ্যা কৰে, তেন্তে শিক্ষাৰ্থীয়ে বিভ্ৰান্তিকৰ পৰামৰ্শ লাভ কৰা আশংকা বৃদ্ধি পায়।
চাইকোমেট্ৰিক পৰীক্ষাৰ সঠিক প্ৰয়োগৰ বাবে কিছু পদক্ষেপ গ্রহণ কৰিব লাগে। চাইকোমেট্ৰিক পৰীক্ষাৰ ফলাফলৰ যথাযথ মূল্যায়নৰ বাবে শিক্ষাৰ্থীৰ শৈক্ষিক পটভূমি, ব্যক্তিগত লক্ষ্য আৰু পাৰিবাৰিক পৰিস্থিতিৰ সৈতে তাৰ সুসমন্বয় ঘটোৱা এক অত্যন্ত আৱশ্যক পদক্ষেপ, যাতে তেওঁলোকৰ বাবে উপযুক্ত কেৰিয়াৰ নিৰ্বাচন সম্ভৱ হয়। এজন দক্ষ কেৰিয়াৰ পৰামৰ্শদাতাই শিক্ষাৰ্থীৰ সৈতে আলোচনা কৰি ফলাফল বুজাব লাগে, যাতে শিক্ষাৰ্থীয়ে নিজৰ প্ৰেক্ষাপটত ফলাফলটোৰ যথার্থ অৰ্থ উপলব্ধি কৰিব পাৰে। চাইকোমেট্ৰিক পৰীক্ষাই যিমানেই কেৰিয়াৰৰ সম্ভাৱ্য দিশ নিৰ্দেশ কৰিব পাৰে, তাতেই সীমাবদ্ধ হৈ নথকাটো প্ৰয়োজনীয়। এই পৰীক্ষাৰ বাহিৰতো অন্যান্য বিকল্পসমূহ চিন্তা কৰি বিবেচনা কৰা সমানে গুৰুত্বপূর্ণ।
চাইকোমেট্ৰিক পৰীক্ষা কেৱল এটা সহায়ক সঁজুলি , ই কেৰিয়াৰ সিদ্ধান্ত লোৱাৰ একমাত্ৰ আধাৰ নহয়। ইয়াক বাস্তৱ অভিজ্ঞতা, ব্যক্তিগত লক্ষ্য আৰু প্ৰেৰণাৰ সৈতে সংযুক্ত কৰিলেহে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনীয়তা উন্মোচিত হয়। উদাহৰণস্বৰূপে, এজন শিক্ষাৰ্থীৰ চাইকোমেট্ৰিক পৰীক্ষাত “সৃষ্টিশীলতা” উচ্চ নম্বৰ হ’ব পাৰে, কিন্তু যদি তেওঁৰ বাবে অৰ্থনৈতিক স্থিৰতা প্ৰাথমিক প্ৰাধান্য হয়, তেন্তে তেওঁক শিল্পভিত্তিক পছন্দসমূহৰ লগতে ব্যৱহাৰিক তথা আয়-কেন্দ্ৰিক কেৰিয়াৰ বিকল্পসমূহৰ সৈতে সমতা ৰাখিব লাগিব।