কেৰালাৰ ৱায়ানাড়ত হোৱা ভূমিস্খলনত মৃত্যু হোৱা লোকৰ বৃদ্ধি 

কেৰালাৰ ৱায়ানাড়ত হোৱা ভূমিস্খলনত মৃত্যু হোৱা লোকৰ বৃদ্ধি 

ৰঙিলী বাৰ্ত্তাসেৱা- কেৰালাৰ ৱায়ানাড়ত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত হোৱা ভয়ংকৰ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ  সংখ্যা ১৫০ জনলৈ বৃদ্ধি পাইছে।প্ৰশাসনে সদৰি কৰা অনুসৰি, ১২৮গৰাকী লোক প্ৰাকৃতিক এই প্ৰলয়ত আঘাতপ্ৰাপ্ত হৈছে। আহতসকলৰ চিকিতসা ৱায়নাডৰ WIMS হাস্পতালত হৈ আছে। ধাৰাসাৰ বৃষ্টিপাতে উদ্ধাৰ অভিযানতো ব্যাঘাত জন্মাইছে।ইতিমধ্যে ভাৰতীয় সেনা, এছ ডি আৰ এফৰ লগতে নৌ সেনাৰ কেইবাটাও দলে এই উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে।একে সময়তে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কেৰালাৰ ৱায়ানাড়সহ কেইবাখনো জিলাত আগন্তুক ঘণ্টাত মূষলধাৰ আৰু প্ৰবল বৃষ্টিপাতৰ আগজাননী দিছে। বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ৰে’ড এলাৰ্ট।বুধবাৰে ভূমিস্খলনৰ কবলত পৰা ৱায়ানাড়লৈ ভ্ৰমণ কৰাৰ পৰিকল্পনা আছিল বিৰোধী দলপতি ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। কিন্তু প্ৰতিকূল বতৰৰ বাবে বুধবাৰে তেওঁলোকৰ ভ্ৰমণসূচী সাময়িকভাৱে বাতিল কৰিছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি, আগন্তুক ২৪ ঘণ্টাত ৱায়ানাড়সহ উত্তৰ কেৰালাৰ সকলো জিলাতে অতি প্ৰবল বৃষ্টিপাতৰ আশংকা আছে। পৰিস্থিতি আৰু অধিক শোচনীয় হোৱাৰ আশংকাত সেনাবাহিনীৰ অতিৰিক্ত দল তিৰুৱন্তপুৰমত সাজু কৰি ৰখা হৈছে। ইতিমধ্যে, ৱায়ানাড়ত ভাৰতীয় সেনাবাহিনীৰ ২২৫ জনীয়া এটি দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিবলৈ ইতিমধ্যে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছে।