কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলন

কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলন

ৰঙিলী বাৰ্ত্তাসেৱা- কেৰালাত শোকাৱহ ঘটনা ৷ নেৰানেপেৰা বৰষুণৰ ফলত কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলন হয়। এই  ভূমিস্খলনত ২৪গৰাকীকৈ লোক নিহত হৈছে । এতিয়াও বহুলোক আবদ্ধ হৈ আছে ভূমিস্খলন হোৱা অঞ্চলসমূহত। উদ্ধাৰকাৰী দলে নিৰন্তৰে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। নেৰানেপেৰা বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত কিছু ব্যঘাত জন্মা বুলি সদৰি কৰিছে কেৰালা দুৰ্যোগ প্ৰশমন বিভাগে।ধাৰাসাৰ বৰষুণৰ বাবে পুৱা ২ বজাৰ পৰা ৪ বজালৈ ভূমিস্খলন সংঘটিত হয়। প্ৰথম অৱস্থাত মুণ্ডক্কাই আৰু চৌৰালমালা অঞ্চল ভূমিস্খলনৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল।ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিচ্ছিন্ন হৈ পৰিছে কেৰালাৰ মুণ্ডক্কাই, চৌৰালমালা, আটামালা, আৰু নুলপুজা গাঁও ।ইফালে এই শোকাৱহ ঘটনাক লৈ সামাজিক মাধ্যমত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও শোক প্ৰকাশ কৰি সহায়ৰ আশ্বাস প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই ঘটনাত নিহত সকললৈ ২লাখ আৰু আহত সকললৈ ৫০হাজাৰ টকাৰ সাহায্যৰ ঘোষণা কৰিছে। সমগ্ৰ ঘটনাক শোকাৱহ আখ্যা দি প্ৰধানমন্ত্ৰীয়ে সকলো প্ৰকাৰৰ সহায় আশ্বাস দিয়াৰ লগতে ক্ষতিগ্ৰস্তসকলক সৰ্বতো প্ৰকাৰৰ সহযোগিতাৰ নিৰ্দেশ দিয়ে। কেৰালাৰ মুখ্যমন্ত্ৰীকো ফোনযোগে এই ঘটনাৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে।