কেৰালাৰ ভয়াৱহ ভূমিস্খলনত বিধ্বস্ত অঞ্চলৰ আকাশমাৰ্গেৰে সমীক্ষা চলাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে

কেৰালাৰ ভয়াৱহ ভূমিস্খলনত বিধ্বস্ত অঞ্চলৰ আকাশমাৰ্গেৰে সমীক্ষা চলাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ ৱায়ানাড়ৰ ভয়াৱহ ভূমিস্খলনত বিধ্বস্ত অঞ্চলৰ আকাশমাৰ্গেৰে সমীক্ষা চলায়। ভয়াৱহ ভূমিস্খলনত ৪০০তকৈ অধিক লোক নিহত হোৱাৰ লগতে কেইবাশতাধিক লোক আহত হোৱা এই ভয়াৱহ প্রাকৃতিক দুর্যোগত বিধ্বস্ত অঞ্চল আকাশীমাৰ্গেৰে সমীক্ষা চলোৱাৰ অন্তত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সাহায্য শিবিৰ আৰু চিকিৎসালয় পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সাহায্য শিবিৰত ভয়াৱহ ভূমিস্খলনৰ পৰা কথমপি প্ৰাণৰক্ষা পৰা লোকৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে চিকিৎসালয়ত আহতসকলৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৱায়ানাড়ৰ বিপৰ্যয় স্বাভাৱিক নহয় বুলি উল্লেখ কৰি অঞ্চলটো পুনৰ নিৰ্মাণ আৰু ক্ষতিগ্ৰস্তক পুনৰ সংস্থাপনৰ বাবে কেন্দ্রীয় চৰকাৰে সকলো সম্ভাব্য সাহায্য আগবঢ়াব বুলি প্রতিশ্রুতি দিয়ে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সাহায্য শিবিৰ আৰু চিকিৎসালয় পৰিদৰ্শনৰ অন্তত কয়-‘ভূমিস্খলন হোৱাৰ পাছতেই মোক এই বিষয়ে অৱগত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সকলো সংস্থাক এই দুৰ্যোগৰ সময়ত সহায় কৰিবলৈ শীঘ্রেই নির্দেশ দিয়া হৈছিল। এই বিপর্যয় স্বাভাৱিক নহয়। সহস্রাধিক পৰিয়ালৰ সপোনবোৰ ভাঙি-ছিঙি চুৰমাৰ হৈ গৈছে। ঘটনাস্থলীৰ পৰিস্থিতি মই দেখা পাইছোঁ। সাহায্য শিবিৰত দুৰ্যোগৰ সন্মুখীন হোৱা লোকক সাক্ষাৎ কৰিছোঁ। চিকিৎসালয়ত আহতৰ স্বাস্থ্যৰ বুজ লৈছোঁ।’ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে  ৱায়ানাড় জিলাৰ বিধ্বস্ত অঞ্চলৰ চূড়ালমালা পৰিদৰ্শন কৰে।  পুৱা ৱায়ানাড়ৰ বিমানবন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ্যখনৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে আদৰণি জনোৱাৰ পাছত বায়ুসেনাৰ বিমানেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ক্ষতিগ্ৰস্ত অঞ্চলৰ সমীক্ষা চলায়।