কেলৈনো আহ  – জুনুকা পাঠক

Pc Peakpx

কেলৈনো আহ 

জুনুকা পাঠক
 বৰপেটা

ফাগুন নাহিবি
পছোৱাৰ হিলৌ-বৰটোপ
ফুটিল
চৰ-চৰ  খৰ-মৰ ত্বক
কৈয়ে থাকিম-
বাসন্তী আবিৰৰ বেলি
শীতৰ বিৰহত
 মৰিল পানী
গছ-লতাই  বিনাই
 সৰাপাত  সৰিল
আকৌ কৈছো
গৃহিণীৰ  খং
চকী মেজ মৰুভূমিত ডুবিল।