কেয়াৰটেকাৰ ৰাতুল দাসেই হত্যা কৰিছিল খাৰঘুলিৰ বৃদ্ধা বন্দনা দাসক
ৰঙিলী বাৰ্ত্তাসেৱা- শোৱাপাটীতে অতি নৃশংসভাৱে ছুৰীৰে ডিঙি ৰেপি বন্দনা দাসক হত্যা কৰিছিল কেয়াৰটেকাৰ ৰাতুল দাসে। খাৰঘুলিৰ পাহাৰ অঞ্চলত বিশাল চৌহদ এটাত অকলশৰে থকা বৃদ্ধাগৰাকীৰ হত্যাকাণ্ডক লৈ মহানগৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে এই মন্তব্য আগবঢ়াইছে কেন্দ্রীয় আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীয়ে। লতাশিল থানাত আয়োজিত এক সংবাদ মেলত ডিচিপি বসুমতাৰীয়ে কয় যে ২০০১ চনতে স্বামীহাৰা হোৱা বন্দনা দাসে স্বামীৰ পেন্সনৰ টকাৰেই কোনোমতে জীৱন অতিবাহিত কৰিছিল। মৃত বন্দনা দাসৰ কোনো সন্তান নথকাৰ বাবে কনিষ্ঠ ভাতৃয়ে তামুলপুৰৰ ৰাতুল দাস নামৰ লোকজনক ৰখীয়া হিচাপে বায়েকৰ ঘৰত থৈছিল। অশীতিপৰ বৃদ্ধাগৰাকী এবছৰমান পূর্বে দুর্ঘটনাত পতিত হৈ আঘাতপ্রাপ্ত হোৱাৰ বাবে ভালদৰে খোজকাঢ়িব পৰা নাছিল। যাৰ বাবে দিনটোৰ ২৪ ঘণ্টাই বৃদ্ধাগৰাকীক চোৱাচিতা কৰি থাকিবলৈ এগৰাকী ৰখীয়াৰ প্ৰয়োজন হৈছিল। বৃদ্ধাগৰাকীৰ পৰিয়ালে সেয়েহে পূৰ্বতে ৰাজমিস্ত্রী ৰূপে কৰ্মৰত ৰাতুল দাসক বৃদ্ধাগৰাকীৰ ৰখীয়া হিচাপে নিয়োগ কৰিছিল। বিনিময়ত ৰাতুল দাসক বিনামূলীয়াকৈ চৌহদটোত থকা-খোৱাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে মাজে-সময়ে ধনো দিছিল। হত্যাকাৰী ৰাতুল দাসে নিজৰ লগতে পত্নী কুঞ্জলতা দাসকো চৌহদটোত ৰাখিছিল। বিগত এবছৰ ধৰি বিশ্বাসভাজন হৈ পৰা ৰাতুল দাসেই অৱশেষত নৃশংসভাৱে বৃদ্ধাগৰাকীক হত্যা কৰিলে। ডিচিপি বসুমতাৰীয়ে কয় যে ঘটনাটো সংঘটিত হোৱাৰ সময়তে ৰাতুল দাসৰ ওপৰত আৰক্ষীয়ে সন্দেহ কৰিছিল। আমি অনুমান কৰিছিলোঁ বাহিৰৰ লোকে নহয়, ঘৰৰ ভিতৰত থকা বিশ্বাসী মানুহেই এই হত্যাকাণ্ড সংঘটিত কৰিছিল। সেইমৰ্মে তদন্ত আগবঢ়াই নিয়া হৈছিল। তেওঁ কয় যে ৰাতুল দাসৰ হাতৰ আঙুলি এটা কটা আছিল। কটা ঘাডোখৰ যথেষ্ট সতেজ হৈ আছিল। ইয়াৰ আলম লৈয়ে নিশাটো জেৰা চলোৱাৰ পাছত ৰাতুল দাসে নিজৰ অপৰাধ স্বীকাৰ কৰে। ১ জুলাইৰ নিশা প্রায় ১২ বজাত বন্দনা দাসৰ শোৱনি কোঠাৰ পিছফালৰ ছাদ বগাই কোঠাৰ ভিতৰত প্ৰৱেশ কৰিছিল ৰাতুল দাসে। লগত এখন ছুৰী লৈ প্ৰৱেশ কৰা ৰাতুল দাসে সেই সময়ত যথেষ্ট সুৰাসক্ত হৈ আছিল। তাৰ পিছতে মহিলাগৰাকী শুই থকা অৱস্থাতে ৰাতুল দাসে ছুৰীৰে ডিঙি ৰেপি হত্যাকাণ্ডটো সংঘটিত কৰে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত বন্দনা দাসে নিজকে বচাবলৈ আপ্রাণ চেষ্টা কৰা সময়তে ছুৰীৰ আঘাতে ৰাতুল দাসৰ আঙুলিটোত আঘাত কৰিছিল। হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছত মহিলাগৰাকী মৃত বুলি নিশ্চিত হোৱাৰ লগে লগে ৰাতুল দাসে পিন্ধি যোৱা গেঞ্জিটো প্রথমে সমীপৰ নলালৈ নিক্ষেপ কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত ছুৰীখন জংঘলত পেলাই দিয়ে। তাৰ পাছত পোনে পোনে নিজ কোঠালৈ গৈ ঘটনাটোৰ সবিশেষ পত্নী কুঞ্জলতা দাসক অৱগত কৰে। নিজকে গ্ৰেপ্তাৰৰ পৰা বচাবলৈ ঘটনাটো আনধৰণে সংঘটিত কৰাৰ পৰিকল্পনাও কৰিছিল ৰাতুল-কুঞ্জলতাই। বাহিৰৰ মানুহে আহি মহিলাগৰাকীক হত্যা কৰি পেলাই থৈ যোৱাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল হত্যাকাৰী ৰাতুল দাসে। অৱশ্যে কি কাৰণত হত্যাকাণ্ডটো সংঘটিত কৰিলে, সেই সন্দর্ভত এতিয়াও নিশ্চিত হ’ব পৰা নাই মহানগৰ আৰক্ষী। আৰক্ষীৰ জেৰাত হত্যাকাৰী ৰাতুল দাসে বৃদ্ধাগৰাকীয়ে হকে-বিহকে তেওঁৰ লগতে কণমানি সন্তানটোকো গালি-গালাজ কৰি থকাৰ বাবেই অতিষ্ঠ হৈ এই কাণ্ডটো সংঘটিত কৰিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে যদিও সমগ্র হত্যাকাণ্ডটোত তৃতীয়পক্ষ জড়িত থকাৰ সন্দেহ কৰিছে ডিচিপি বসুমতাৰীয়ে। তেওঁ কয় যে যিহেতুকে হত্যাকাৰী ৰাতুল দাসে ঘটনাটো সংঘটিত কৰাৰ নিশা অত্যধিক সুৰাসক্ত অৱস্থাত আছিল গতিকে খঙৰ আক্রোশতো এই ঘটনা সংঘটিত হ’ব পাৰে বুলি প্রথমাৱস্থাত ধাৰণা কৰা হৈছিল। কিন্তু গালি-গালাজ দিয়াৰ বাবেই এগৰাকী বৃদ্ধা মহিলাক এনেদৰে নৃশংসভাবে হত্যা কৰিব পাৰে বুলি এতিয়াও বিশ্বাস কৰা নাই মহানগৰ আৰক্ষীয়ে। জানিব পৰা মতে, কুৰুৱা নিৱাসী বন্দনা দাসৰ উত্তৰাধিকাৰী হিচাপে কোনো সতি-সন্ততি নাছিল। প্রায় চাৰি কঠাৰ বিশাল ভূখণ্ডৰ এটা অকলশৰীয়া ঘৰত দীর্ঘদিন ধৰি তেওঁ বসবাস কৰি আছিল। ২০০১ চনত স্বামীৰ মৃত্যুৰ পাছৰ পৰাই তাত মহিলাগৰাকীয়ে অকলশৰে বাস কৰিছিল। সেইবাবে মহিলাগৰাকীৰ সম্পত্তিৰ লোভতো কোনো তৃতীয়পক্ষই ৰাতুল দাসৰ মাধ্যমেৰে এই নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰিব পাৰে বুলি সন্দেহ ব্যক্ত কৰি আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে। লতাশিল থানাই এই সন্দর্ভত ৬৬/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ লগতে হত্যাকাৰী ৰাতুল দাসৰ পত্নী কুঞ্জলতা দাসকো গ্ৰেপ্তাৰ কৰে।