কেন্দ্ৰৰ সকলো বিভাগৰ শীৰ্ষ বিষয়াক ‘জিলা ৰথ প্ৰভাৰী’ নিযুক্তিৰ নিৰ্দেশনা শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰিপুণ বৰাৰ

কেন্দ্ৰৰ সকলো বিভাগৰ শীৰ্ষ বিষয়াক ‘জিলা ৰথ প্ৰভাৰী’ নিযুক্তিৰ নিৰ্দেশনা শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰিপুণ বৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মূখপাত্ৰ ৰিপুণ বৰাই কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়াক জিলা ৰথ প্ৰভাৰী হিচাপে নিযুক্তি দিয়াৰ দৰে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৰাই এই নিৰ্দেশনা অতিশীঘ্ৰেই প্ৰত্যাহাৰৰ দাবী জনায়, লগতে তেওঁ চৰকাৰৰ এই সিদ্ধান্ত চৰম অনৈতিক, অগণতান্ত্ৰিক আৰু দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।তেওঁ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ত বিজেপি চৰকাৰে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি দেশৰ অসামৰিক সেৱাৰ ৰাজনীতিকৰণ কৰিব বিচাৰিছে। দেশৰ সেৱা বিধি অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে ৰাজনৈতিক কামকাজত জড়িত হ’ব নোৱাৰে, তেনেস্থলত মোডী চৰকাৰৰ এই সিদ্ধান্ত মুঠেও গ্ৰহণযোগ্য নহয়। দেশৰ নিৰ্বাচন আয়োগক এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাই তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৰাকীয়ে এই অনৈতিক, অগণতান্ত্ৰিক সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে । অসম তৃণমূল কংগ্ৰেছে চৰকাৰৰ এনেধৰনৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আগতেও প্ৰতিবাদ কৰি আহিছে আৰু ভৱিষ্যতেও দেশৰ স্বাৰ্থত এনেকুৱা দুৰ্ভাগ্যজনক সিদ্ধান্তৰ বিৰূদ্ধে প্ৰতিবাদ কৰি যাব বুলিও বৰাই দোহাৰে৷