কেন্দ্ৰীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চুৰিৰ ঘটনাই উন্মোচিত কৰিলে অসম চৰকাৰৰ গৃহ বিভাগৰ ফোপোলা স্বৰূপঃ আপ

কেন্দ্ৰীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চুৰিৰ ঘটনাই উন্মোচিত কৰিলে অসম চৰকাৰৰ গৃহ বিভাগৰ ফোপোলা স্বৰূপঃ আপ
জনপ্রতিনিধিৰে নিৰাপত্তা নাই, সৰ্বসাধাৰণৰ নিৰাপত্তা ক’ত? – ডাঃ ভবেন চৌধুৰী

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাজ্যৰ ৰাজধানী দিছপুৰৰ ওচৰৰ ৰুক্মিনী নগৰৰ পাঁচ নম্বৰ ৱাৰ্ডত থকা কেন্দ্রীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহত হোৱা চুৰিৰ ঘটনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গৃহ বিভাগৰ ফোপোলা স্বৰূপ উদঙালে বুলি মন্তব্য কৰিছে আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে। এক প্রেছ বার্তাযোগে আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে বর্তমান বিজেপি চৰকাৰৰ দিনত অকল গুৱাহাটীতে নহয়, সমগ্র অসমতে চুৰি, হত্যাকাণ্ড, অপৰাধ আদিৰ ঘটনাই দিনকে দিনে বাঢ়ি গৈছে। এইখন চৰকাৰে নিজৰ জনপ্রতিনিধিৰে নিৰাপত্তা দিব পৰা নাই, সৰ্বসাধাৰণ নিৰাপত্ত ক’ত বুলি ডাঃ চৌধুৰী প্রশ্ন উত্থাপন কৰে। আম আদমি পার্টীয়ে ৰাজ্যত ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে।