কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বলবৎ কৰাৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বলবৎ কৰাৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ বিৰুবাৰীস্থিত কেন্দ্ৰীয় শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ৰ মুখ্য দুৱাৰৰ সন্মুখ পদপথত শ্ৰমিক দল সমূহৰ উদ্যোগত, কেন্দ্ৰই শ্ৰমিকৰ ওপৰত জাপি দিয়া শ্ৰম কোড বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত কাৰ্য্যসূচীত তেওঁলোকে দলীয় বেনাৰ, পতাকা ইত্যাদি লৈ বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। তাৰোপৰি শ্ৰম সংহিতা আইন খন তেওঁলোকে দাহ কৰে। কাৰ্যসূচী চলি থকাৰ মাজতে (Deputy Chief Labour Commissioner Central) নিৰ্মল চন্দ্ৰ কাৰ হাতত “নতুন দিল্লী”কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ বুলি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। তেওঁ নিজে আহি স্মাৰক পত্ৰ গ্ৰহণ কৰে। আজিৰ কাৰ্যসূচীত, আই এন টি ইউ চিৰ হিৰণ্য বৰা, এ আই টি ইউ চিৰ সভাপতি ফণীধৰ দাস, সম্পাদক ৰমেন দাস, চি আই টি ইউৰ ৰাজ্যিক সম্পাদক তপন শৰ্মা, উপ সভাপতি বীৰেন শৰ্মা, সম্পাদক আলি আকবৰ, সদস্য ভোলা শৰ্মা, এ আই চি চি টি ইউৰ বীৰেন কলিতা, এ আই ইউ টি ইউ চিৰ প্ৰমোদ ভাগৱতী, যে চি টি ইউৰ ভবেন কলিতা, প্ৰাক্তন বিধায়ক তথা চি পি আই এমৰ মুনিন মহন্ত, অংগনৱাড়ী কৰ্মী কৰ্মচাৰী সহায়িকা সন্থাৰ ইন্দিৰা নেৱাৰ, নীলিমা বৈশ্য, কল্পনা বৰ্মন, এ পি বি ই এ ৰ সম্পাদক গৌৰৱ শৰ্মা, কেশৱ ডেকাকে আদি কৰি প্ৰায় ১২০ গৰাকী শ্ৰমিক কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷