কেন্দ্ৰীয় চৰকাৰৰ আহ্বানত সৰ্বদলীয় বৈঠক অনুষ্ঠিত 

কেন্দ্ৰীয় চৰকাৰৰ আহ্বানত সৰ্বদলীয় বৈঠক অনুষ্ঠিত 

ৰঙিলী বাৰ্ত্তাসেৱা- পেহেলগামৰ নৰসংহাৰৰ প্ৰত্যাঘাত অপাৰেচন সিন্দূৰৰ নির্ভুল সফলতাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ আহ্বানত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰ (পিঅ’কে)ত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন জইছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদীনৰ ঘাটিত ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰ শীৰ্ষকেৰে মঙলবাৰে নিশা বিধ্বংসী আক্রমণ চলায়। ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰৰ সফলতা সন্দর্ভত আজি সর্বদলীয় বৈঠকত বিতং ব্যাখ্যা আগবঢ়ায় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিৰোধী দলৰ নেতাৰ উপস্থিতিত সর্বদলীয় বৈঠকখনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনাৰ মিছাইল আক্ৰমণত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদীৰ ঘাটিত ১০০ সন্ত্রাসবাদী নিহত হোৱা বুলি প্রকাশ কৰে। পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি সন্ত্রাসবাদীৰ ঘাটিত মোক্ষম আঘাত অনা ভাৰতীয় সেনাক ভূয়সী প্রশংসা কৰি ৰাজনাথ সিঙে বৈঠকখনত অপাৰেচন সিন্দূৰ সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে। এই বৈঠকতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ পৰা আহিব বৰা সম্ভাব্য সকলো আক্রমণ ভাৰতে প্রতিহত কৰিবলৈ সাজু হৈ আছে বুলি কয়। পেহেলগামৰ নৰসংহাৰৰ প্রতিশোধকল্পে ভাৰতীয় সেনাই চলোৱা অপাৰেচন সিন্দূৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক পূর্ণ সমর্থন আগবঢ়ায় বিৰোধী দলসমূহে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই সীমান্তৰ সিপাৰৰ পৰা চলা সন্ত্রাসবাদীৰ সকলো কূটাঘাত উৎখাতৰ ক্ষেত্ৰত চৰকাৰক সমৰ্থন কৰি যাব বুলি প্রতিশ্রুতি দিয়ে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি খার্গেই কয়- আমি চৰকাৰে কোৱা কথাবোৰ শুনিলোঁ। দেশৰ স্বাৰ্থৰ বাবেই, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবেই গোপনীয় কোনো কথা ৰাজহুৱা কৰা উচিত নহয়। অৱশ্যে বৈঠকত উপস্থিত থকা ৰাজনৈতিক দলৰ সদস্যসকলে এই সংকটৰ সময়ত চৰকাৰৰ সৈতে একেলগে কাম কৰি যোৱাৰ প্ৰতিশ্রুতি দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ আহ্বানত অনুষ্ঠিত সর্বদলীয় বৈঠকত লোকসভাৰ বিৰোধী দলপতি, কংগ্রেছ সাংসদ ৰাহুল গান্ধী, সমাজবাদী পাৰ্টীৰ নেতা ৰামগোপাল যাদৱ, টিএমচিৰ সাংসদ সুদীপ বন্দোপাধ্যায়, আম আদমী পাটীৰ সঞ্জয় সিং, শিৱসেনা ইউবিটিৰ সঞ্জয় ৰাউট, এনচিপি এছপিৰ সুপ্রিয়া সুলে, বিজেডিৰ সস্মিত পাত্র, চিপিআই(এম)ৰ জোন বিট্রাছ, জেডিইউৰ সঞ্জয় ঝা, এআইএমআইএমৰ আছাদুদ্দিন ওৱেছি উপস্থিত থাকে। বৈঠকখনত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰ, কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱান, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও উপস্থিত থাকে।