কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বৰ ভিতৰতে সৰ্ববৃহৎ প্রেক্ষাগৃহ- জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰৰ শুভ উদ্বোধন কৰে। প্ৰায় ২৯১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহটো মহানগৰীৰ খানাপাৰা অঞ্চলৰ ৪৫ বিঘা (১৪.৮৫ একৰ) মাটিত বিস্তৃত আৰু ইয়াত ৫ হাজাৰ দৰ্শক বহিব পাৰিব। কলা মন্দিৰৰ শুভ উদ্বোধন কৰি ৰাজ্যৰ অস্তিত্বক বিপদাপন্ন কৰি তোলা অবৈধ বাংলাদেশী তথা অনুপ্ৰৱেশকাৰীক পুলিয়ে-পোখাই উভালি পেলোৱাৰ হুংকাৰ দিয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত অসমৰ পৰা বহু অবৈধ বাংলাদেশীক খেদি পঠিওৱাই নহয়, অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশ কৰাত ৰোধ কৰাত সক্ষম হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়- অনুপ্রৱেশকাৰীয়ে অসমত ভাষা, কলা-সংস্কৃতি সকলো নাইকিয়া কৰি দিয়াৰ প্ৰয়াস কৰিছে। কংগ্রেছক উদ্দেশ্যি গৃহমন্ত্রী অমিত শ্বাহে কয়- ভোট বেংকৰ ৰাজনীতিৰে কংগ্ৰেছে অসমৰ অস্তিত্বই নোহোৱা কৰি পেলালে। অসমত এতিয়া যথেষ্ট পৰিৱৰ্তন হৈছে। কিন্তু এই পৰিৱৰ্তন পর্যাপ্ত নহয়। মই অসমৰ ৰাইজক ইয়াকেই ক’ব বিচাৰোঁ- বিগত ১০ বছৰে অসমৰ ৰাইজে পদুম, প্রধানমন্ত্রী মোদী, সর্বানন্দ সোণোৱাল, ড° হিমন্ত বিশ্ব শর্মাক আশীৰ্বাদ দিছে। পুনৰ ৫ বছৰ আশীৰ্বাদ প্ৰদান কৰক, অসমৰ এজন এজন অনুপ্ৰৱেশকাৰীক বিচাৰি বিচাৰি খেদি পঠিওৱা হ’ব।

গৃহমন্ত্ৰীয়ে পুনৰ কয়- অবৈধ অনুপ্রৱেশকাৰীয়ে বিপদাপন্ন কৰি তোলা অসমৰ ভাষা-সংস্কৃতি নোহোৱা হ’লে আমি কেনেকৈ জীয়াই থাকিম? উল্লেখ্য যে প্রায় ২৯১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰি উলিওৱা ৫ হাজাৰখন আসনযুক্ত এই জ্যোতি-বিষ্ণু আন্তর্জাতিক কলাকেন্দ্রত আছে ৪৫০খন গাড়ীৰ বাবে মাল্টি লেভেল কাৰ পার্কিং, বৃহৎ পৰিসৰৰ সৌৰ পেনেল ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনি, ৫টাকৈ ভিআইপি ছুইটছ, উত্তৰ ভাৰতৰ ভিতৰতে এই বৃহৎ প্রেক্ষাগৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে তেওঁৰ ভাষণত কয়- অসমৰ প্ৰথম মুখ্যমন্ত্রী গোপীনাথ বৰদলৈক মই আজি স্মৰণ কৰিছোঁ। কিয়নো, গোপীনাথ বৰদলৈ নথকা হ’লে অসম ভাৰতৰ অংশ নহ’লহেঁতেন। অসমে ভাৰতৰ অংগ ৰাজ্য হিচাপে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হৈছে একমাত্র গোপীনাথ বৰদলৈৰ বাবে। গৃহমন্ত্রী অমিত শ্বাহে সুধাকণ্ঠ ভূপেন হাজৰিকা, জুবিন গাৰ্গকো ভাষণৰ পূৰ্বে স্মৰণ কৰে। এই দুয়োজন শিল্পীয়ে ব্রহ্মপুত্ৰৰ পাৰৰ পৰা অসমৰ কলা-সংস্কৃতি তথা সংগীতক বিশ্বত প্রসিদ্ধ কৰাত অভূতপূর্ব অৰিহণা যোগাইছিল। আহোম সেনাপতি লাচিত বৰফুকনকো প্রণাম কৰিছোঁ। ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰশংসাত গদগদ হৈ কয়- জ্যোতিপ্রসাদে সাহিত্য-সংগীত-নাটকক দেশভক্তিৰে জড়িত কৰিছে। কলাগুৰুৱে মজদুৰ, কৃষকৰ উন্নয়নৰ বাবে মাত মাতিছিল। দৰিদ্ৰতা, অসমতা আৰু সামাজিক অন্যায়ৰ বিৰুদ্ধে সদায়েই থিয় দিছিল বিষ্ণুপ্ৰসাদ ৰাভা। বটদ্ৰৱা প্ৰকল্পৰ মুকলিৰ প্ৰসংগ উত্থাপন কৰি গৃহমন্ত্ৰীগৰাকীৰ মন্তব্য- অবৈধ অনুপ্ৰৱেশকাৰীয়ে ১৬২ বিঘা ভূমি বেদখল কৰি ৰাখিছিল। এই বিশাল ভূমিখণ্ডৰ পৰা বেদখল উচ্ছেদ কৰি মহাপুৰুষগৰাকীৰ আদৰ্শক স্থাপন কৰাই নহয়, ইয়াৰ দ্বাৰা অসমৰ সংস্কৃতিৰ পুনৰুদ্ধাৰো হ’ল। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ প্ৰতি দি থৈ যোৱা অৱদানক সুঁৱৰি গৃহমন্ত্রী অমিত শ্বাহে কয়- জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে যিমানেই কোৱা হয় সেয়া যথেষ্ট কম। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমত প্ৰথমখন ছবি জয়মতী নিৰ্মাণৰ জৰিয়তে অসমীয়া চিনেমাৰ ভেটি স্থাপন কৰিছিল। তেওঁৰ সংগীত, নাট্য আৰু সাহিত্যক দেশপ্ৰেমৰ সৈতে সংযোগ কৰি অসমৰ জনসাধাৰণৰ মাজত স্বাধীনতাৰ হাবিয়াস যোগাই তুলিছিল। ইয়াৰ দ্বাৰা জ্যোতিপ্ৰসাদ আগৰৱালাই অসমবাসীৰ হৃদয়ত আত্মসম্মান আৰু দেশপ্রেম জাগ্রত কৰিছিল।

পৰৱৰ্তী সময়ত গোপীনাথ বৰদলৈয়ে এই জাগ্রত জনতাক লৈ এক শক্তিশালী আন্দোলনৰ জৰিয়তে অসমখনক আগুৱাই নিয়ে। যাৰ ফলত অসমক ভাৰতৰ অংগ হ’বলৈ জৱাহৰলাল নেহৰুক বাধ্য কৰাব পাৰিছিল। আনহাতে, বিষ্ণুপ্ৰসাদ ৰাভাই শিল্পৰ জৰিয়তে স্বাধীনতা বিপ্লৱক শক্তিশালী কৰি তুলিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ স্বাভাৱিক সহজ-সৰল আৰু সাহিত্যিক প্রকাশভংগীৰ জৰিয়তে সাধাৰণ লোক-শ্রমিক-কৃষক আৰু জনজাতীয় লোকসকলক স্বাধীনতা আন্দোলনৰ সৈতে সংযোগ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই বিদেশী অপশাসন আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা দৰিদ্ৰতা, বৈষম্য, সামাজিক অন্যায়ৰ বিৰুদ্ধে সজাগতা আনিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভাষণত কয়- অসমে অতি দীঘলীয়া দুঃস্বপ্নৰ পৰা নিজকে উলিয়াই আনিবলৈ সক্ষম হৈছে। এদশক পূৰ্বে ৰাজ্যখন বোমা বিস্ফোৰণ, গুলীচালনা, হিংসাত্মক কার্যকলাপ আৰু আন্দোলনৰ সাক্ষী আছিল। বিগত ১১টা বছৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমে উন্নয়নৰ পথত আগবাঢ়িছে আৰু এতিয়া দেশৰ বাকী অংশৰ সৈতে খোজ মিলাই আগুৱাই যাবলৈ সক্ষম হৈছে। অসমত অনুপ্ৰৱেশকাৰীয়ে ভূমি দখল কৰাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়- বিগত ১০ বছৰত বিশেষকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত যোৱা ৫ বছৰত ১ লাখ ২৯ হাজাৰ মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছে। কংগ্ৰেছক সমালোচনা কৰি গৃহমন্ত্ৰীৰ মন্তব্য – যিসকলে অসমৰ অস্তিত্বৰ কথা কয়, সাহিত্য-সংস্কৃতি তথা ভাষাৰ কথা কয়, তেওঁলোকে ১৯৮৩ত ৰাজ্যখনলৈ আনিছিল অনুপ্ৰৱেশকাৰীক। অনুপ্ৰৱেশকাৰীৰ এনে আগমনে অসমৰ ভাষা-সংস্কৃতিলৈ আনিলে ভাবুকি। বিগত ১০ বছৰত বিজেপি চৰকাৰে অসমত অনুপ্ৰৱেশকাৰী ৰোধত সক্ষম হৈছে। সেয়াই নহয়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনৰ সকলো বিদ্রোহী গোটৰ সৈতে শান্তি চুক্তিৰ জৰিয়তে ১০ হাজাৰৰো অধিক যুৱক-যুৱতীক মূলসুঁতিলৈ ঘূৰাই অনা হৈছে। অসম এতিয়া উন্নয়নৰ পথত আগবাঢ়িছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়- আজিৰ দিনটোতে অসমৰ উন্নয়ন, পৰিচয়-সংস্কৃতি আৰু নিৰাপত্তাৰ সকলো দিশ সামৰি কেইবাটাও অনুষ্ঠান স্থাপন হ’ল। ১১১ কোটি টকা ব্যয়সাপেক্ষে আজিৰ দিনটোতে নৱনির্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰা হ’ল। ই কেৱল আধুনিকেই নহয়, সকলো আধুনিক সা-সুবিধাৰে সু-সজ্জিত। একেদৰে ১৭৮ কোটি টকা ব্যয়েৰে নিৰ্মিত তথা স্মার্ট পুলিচ ব্যৱস্থাক বাস্তৱত পৰিণত কৰাৰ লক্ষ্যৰে স্থাপন কৰা ইন্টিগ্রেটেড কমাণ্ড এণ্ড কন্ট্র’ল চেণ্টাৰো আজি উদ্বোধন কৰা হ’ল। সমান্তৰালভাৱে দুজন মহান শিল্পী জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত নিৰ্মাণ কৰা ৫ হাজাৰ আসনযুক্ত আন্তর্জাতিক কলা মন্দিৰৰ উদ্বোধনে ৰাজ্যখনৰ সাংস্কৃতিক দিশত এক বৃহৎ পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব। এই অনুষ্ঠানতে গৃহমন্ত্রী অমিত শ্বাহে জন্মগত হৃদৰোগ থকা কণমানিসকলৰ প্ৰতিও আন্তৰিকতা দেখুৱাই উল্লেখ কৰে যে অসম চৰকাৰৰ বিশেষ উদ্যোগত হৃদৰোগত আক্রান্ত শিশুসকলক সুস্থ কৰাৰ যি প্রয়াস, সেয়া বিৰল। এই প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক সুস্থ শৰীৰ লৈ এতিয়াৰ পৰা এই শিশুসকলে আগুৱাই যাবলৈ সক্ষম হ’ব, এজন অভিযন্তা হ’ব, আইএএছ বিষয়া হ’ব, আইপিএছ বিষয়া হ’ ব আৰু দেশ আৰু অসমক আগুৱাই নিব। এই শিশুসকলক জীয়াই থকাৰ অধিকাৰ অসম চৰকাৰে তেওঁলোকক ঘূৰাই দিছে। হৃদৰোগত আক্রান্ত শিশুসকলৰ লগতে তেওঁলোকৰ অভিভাৱকক বেংগালুৰুলৈ পঠিয়াই উন্নত চিকিৎসালয়ত চিকিৎসা কৰাই এক সুস্থ জীৱনলৈ ঘূৰাই আনিছে। ইয়াৰ পূৰ্বে ভাষণ আৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘অসমীয়া ডেকাৰ উক্তি’ কবিতাটি ভাষানুবাদ কৰি পাঠ কৰে।

অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয়- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সংস্কৃতিৰ এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। অসমৰ সাংস্কৃতিক আৰু জাতীয় চেতনাত অমৰত্ব লাভ কৰা এই মহান শিল্পী দুগৰাকীৰ পৱিত্ৰ স্মৃতিত উছৰ্গা কৰা প্ৰেক্ষাগৃহটো উন্মোচন কৰাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয়- এইখন হৈছে নৱজাগ্ৰত অসম। আমাৰ সপোনৰ অসম, এইখন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, বীৰ লাচিত বৰফুকন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ অসম। আজি অসমখনক আগুৱাই লৈ যোৱাৰ বাবে পণ লৈছোঁ আৰু অসমক দেশৰ এখন অন্যতম শ্রেষ্ঠ ৰাজ্যত পৰিণত কৰাৰ সপোন দেখিছোঁ। আজিৰ অসমে ধুবুৰীৰ পৰা শদিয়ালৈ, শিলচৰৰ পৰা জোনাইলৈ প্রতিখন গাঁও-নগৰত উন্নয়ন আৰু বিকাশক লৈ গৌৰৱ অনুভৱ কৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সদিচ্ছা আৰু অসমবাসীৰ আশীৰ্বাদত ৰাজ্যখনৰ সপোনসমূহ বাস্তৱত পৰিণত হ’ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ ভাষণত কয়- মাত্র কেইবছৰমান আগলৈকে বন্দুক- বোমাৰ শব্দত অসমত ৰাতি পুৱাইছিল। কিন্তু গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বত স্বাক্ষৰ হোৱা এখনৰ পিছত আনখন শান্তি চুক্তিয়ে অসমৰ উন্নয়ন আৰু বিকাশৰ এক নতুন পথ মুকলি কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দুয়ো হাতেৰে অসমৰ উন্নয়নৰ বাবে আমাক আশীৰ্বাদ কৰিছে। ভাৰতীয় ৰিজার্ভ বেংকে প্ৰকাশ কৰা অর্থনৈতিক সমীক্ষাত ৰাজ্যখনক দেশৰ ভিতৰতে দ্রুত বিকশিত অর্থনীতি হিচাপে উল্লেখ কৰিছে।

আজি নৱজাগ্ৰত অসমৰ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ লগতে অসমীয়া ভাষাই ধ্রুপদী মর্যাদা লাভ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে লাচিত বৰফুকনৰ সুবিশাল প্রতিমূর্তি নির্মাণ হৈ উঠাৰ লগতে মহাবীৰগৰাকীৰ অক্ষয় কীৰ্তি দেশৰ চাৰিওফালে বিয়পি পৰিছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বটদ্ৰৱাত শ্রীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ উদ্বোধন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- সাংস্কৃতিক নৱজাগৰণৰ সমান্তৰালকৈ আজিৰ অৰ্থনৈতিক নৱজাগৰণ আৰম্ভ হৈছে। জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পৰা নামৰূপত এম’নিয়া, ইউৰিয়া প্ৰকল্পলৈ একাধিক উদ্যোগ স্থাপন হৈছে আৰু ৰাজ্যখনৰ বিকাশে আকাশ স্পৰ্শ কৰাৰ দিশে ধাৱমান হৈছে। নৱজাগ্ৰত অসমৰ বাবে চৰকাৰে নতুন নতুন আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতিখন জিলাতে দলং নির্মাণ, প্রতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় নির্মাণ, গুৱাহাটীত ৰিং ৰোড, কাজিৰঙাত ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড ক’ৰিডৰ নিৰ্মাণে অসমৰ উন্নয়ন আগুৱাই নিয়াটো স্পষ্ট কৰিছে। উল্লেখ্য যে আজিৰ অনুষ্ঠানতেই হৃদৰোগত আক্ৰান্ত হৈ সুস্থ হোৱা এহেজাৰজন শিশুৱে কেন্দ্রীয় গৃহমন্ত্রীক অভিবাদন জ্ঞাপন কৰে। অসম চৰকাৰে জন্মগত হৃদৰোগ কাৰ্যক্ৰমৰ জৰিয়তে ১৩ হাজাৰতকৈও অধিক শিশুক সুস্থ কৰি নৱজীৱন প্ৰদান কৰিছে। এই সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- দেশৰ আন ৰাজ্যসমূহত এই উদাহৰণ পোৱা নাযায়। শিশুৰ অস্থি মজ্জা সংৰোপণ, বৃক্ক সংৰোপণ আদিৰ দৰদী পদক্ষেপৰ জৰিয়তে ৰাজ্যৰ আক্ৰান্ত শিশুসকলৰ মুখলৈ হাঁহি অনা হৈছে।

এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত ব্যাপক উন্নয়ন হোৱা বুলিও মন্তব্য কৰে।

এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা, পীযূষ হাজৰিকা, বিমল বড়া, চৰণ বড়ো, বিধায়ক অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সিদ্ধার্থ ভট্টাচার্য, মেয়ৰ মৃগেন শৰণীয়া, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি প্রাঞ্জল শইকীয়াকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।
