কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত অহা ১১ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’ব ৫০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠান : মুখ্যমন্ত্রী
দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টিৰ উজনি অসমৰ মাণ্ডলিক কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি অৰুণাচলত চীন সীমান্তৰ সমীপত উপস্থিত হোৱাৰ কথা উল্লেখ কৰি কয় যে দেশৰ কোনো কেন্দ্রীয় গৃহমন্ত্রীয়ে পূৰ্বতে এইদৰে অৰুণাচলৰ ভাৰত-চীন সীমান্তত সম্পূর্ণ এনিশা অতিবাহিত কৰাৰ উদাহৰণ নাই। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে অৰুণাচলত উপস্থিত হৈ কোনো ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ সামান্য ভূমিও অধিকাৰ কৰিব নোৱাৰে বুলি কৰা মন্তব্যৰ দ্বাৰা এক বৃহৎ বাৰ্তা প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়। ড° শৰ্মাই লগতে কয় যে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ অৰ্থে বহু পদক্ষেপ আৰু পৰিকল্পনা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ২ লাখ যুৱক- যুৱতীক আত্মসংস্থাপনৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে ২ লাখ টকাকৈ আর্থিক অনুদান প্রদানৰ ব্যৱস্থা কৰা হৈছে। তেনেদৰে, আত্মসহায়ক গোটৰ সদস্য মহিলাসকলক ১০ হাজাৰ টকাকৈ প্ৰদানৰ ব্যৱস্থা বাজেটত অন্তর্ভূক্ত কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীসকলে প্ৰতিমাহে লাভ কৰি অহা ধনৰাশিৰ পৰিমাণে ১৪০০টকালৈ বৃদ্ধি কৰা হ’ব। মুখ্যমন্ত্রীয়ে কয় যে অহা ১১ মে’ত গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যখনৰ ৫০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী পদত আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহো উপস্থিত থাকিব। আনহাতে, অহা ১৪ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ ১২ সহস্রাধিক বিহুবা-বিহুৱতীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰি ৰঙালী বিহুক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা চলাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সেই কাৰ্যসূচীৰ সফলতা কামনা কৰি জনসাধাৰণৰ পৰা আশীৰ্বাদ বিচাৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টিৰ সুদৃশ্য ৰাজ্যিক কার্যালয় নিৰ্মাণৰ পিছত দলে ডিব্ৰুগড়ত মাগুলিক কার্যালয় নিৰ্মাণৰ দিশত আগবাঢ়িছে আৰু ১৮ মাহৰ ভিতৰত এই ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। দলৰ জিলা পৰ্যায়ত বৰ্তমানলৈকে ২২টা কাৰ্যালয় নিৰ্মাণ হোৱাৰ কথা সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনে আন ৭টা কাৰ্যালয়ৰ নিৰ্মাণৰ কাম চলি আছে। তেনেদৰে, ৰাজ্যৰ বিভিন্ন স্থানত ২০০টা মণ্ডল কাৰ্যালয়ৰ নিৰ্মাণকাৰ্যও চলি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ আগেয়ে এই কাৰ্যালয়সমূহৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। বন্দৰ, জাহাজ তথা জলপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ দিলীপ শইকীয়া, তপন কুমাৰ গগৈ, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক মন্ত্রীসভাৰ কেইগৰাকী সদস্য আৰু বিধায়ককে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।