কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত “সমলয় অভিমুখে” গ্ৰন্থ উন্মোচনী আৰু অন্তৰংগ আলাপ “অনুৰণন” অনুষ্ঠান

কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত “সমলয় অভিমুখে” গ্ৰন্থ উন্মোচনী আৰু অন্তৰংগ আলাপ “অনুৰণন” অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীৰ ভিতৰচৰাত থকা মুকলি মঞ্চত কাৰাবাসীসকলৰ লগতে বিষয়া কৰ্মচাৰীৰ লিখনিৰে সমৃদ্ধ ” সমলয় অভিমুখে ” নামৰ এখনি গ্ৰন্থ উন্মোচনৰ লগতে আবাসীসকলৰ লগত এক অন্তৰংগ আলাপ ” অনুৰণন” অনুষ্ঠিত হয় । এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ, প্ৰাক্তন উপাচাৰ্য ড° অমৰজ্যোতি চৌধুৰীৰ লগতে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে কাৰাগাৰ মহাপৰিদর্শক পুৱালী গোহাঁইৰ লগতে গ্ৰন্থ উন্মোচক হিচাপে অংশগ্ৰহণ কৰে ’নিয়মীয়া বাৰ্তা’ কাকতৰ মুখ্য সম্পাদক নৰেশ কলিতা আৰু গ্ৰন্থখনৰ প্ৰকাশক ডঃ সৌমেন ভাৰতীয়া , সমলয় অভিমুখে গ্ৰন্থখনৰ মুখ্য সম্পাদক হৰি প্ৰসাদ তালুকদাৰৰ উপৰিও কাৰাগাৰখনৰ অধীক্ষক উৎপল দুৱৰা , পৰিণীতা বৰুৱা,সহযোগী অধীক্ষক , জেইলৰ দেৱকমল বৰুৱা , কাৰাগাৰ উপ মহাপৰিদৰ্শক দিলীপ শইকীয়া, সহকাৰী কাৰাগাৰ মহাপৰিদৰ্শক , ৰঞ্জিত বুঢ়াগোহাঁই ।সভাৰ আৰম্ভণিতে কাৰাবাসীসকলে পৰিৱেশন কৰে ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত । তাৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জেইলৰ দেৱকমল বৰুৱাই । তাৰ লগেলগে আদৰণি ভাষণ দিয়ে কাৰাগাৰ মহাপৰিদৰ্শক পুৱালী গোহাঁইয়ে লগতে আদৰণি ভাষণত কাৰাগাৰখনে লোৱা এই প্ৰচেষ্টাৰ শলাগ লয় । তাৰ ঠিক পিছতে মুখ্য অতিথিৰ ভাষণত ড° অমৰজ্যোতি চৌধুৰীয়ে কয় যে কাৰাগাৰত থাকি বহু মানুহে জীৱন সলনি কৰি বিশ্বসাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে আৰু কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীৰ আবাসীসকলেও সেই একেই সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ বাবে আপোনালোক ধন্যবাদৰ পাত্ৰ , লগতে তেওঁ কয় যে মৰমেৰে সকলো সলনি কৰি দিব পাৰি । গ্ৰন্থখন উন্মোচন কৰি নৰেশ কলিকতাই তেওঁৰ ভাষণত কয় যে কাৰাবাসীসকলৰ লগতে একাংশ উৎসাহী কৰ্মচাৰীৰ কিতাপ প্ৰকাশৰ এই প্ৰচেষ্টা সঁচাকৈয়ে শলাগিবলগীয়া কথা আৰু প্ৰচেষ্টাই মুক্ত পৃথিৱীত এক সুন্দৰ বাৰ্তা বহন কৰিব । তাৰ পিছত গ্ৰন্থখনৰ প্ৰকাশক , তথা ব্যতিক্ৰম মাছড নামৰ সামাজিক সংস্থাৰ সভাপতি ডঃ সৌমেন ভাৰতীয়াই ভাষণ ৰাখি কয় যে কাৰাগাৰৰ সৈতে আমি বহুদিনৰ পৰাই বিভিন্ন কাম কৰি আহিছোঁ । তাৰ ভিতৰত আজিৰ কামটো আমাৰ বাবে উল্লেখযোগ্য বুলি আমি অনুভৱ কৰোঁ । কাৰণ কাৰাগাৰত বহু প্ৰতিভা সম্পন্ন মানুহ আছে আৰু তাৰেই প্ৰতিফলন আজি উন্মোচন হোৱা গ্ৰন্থখন । কাৰাগাৰৰ গ্ৰন্থ প্ৰকাশৰ এই সুবিধা পোৱা বাবে কাৰাগাৰ বিভাগক ধন্যবাদ জ্ঞাপন কৰে । তাৰ পিছতে আবাসী সঞ্জীৱ তালুকদাৰ আৰু ঝাহ্নৱী শইকীয়াই স্বৰচিত গীত আৰু কবিতা পাঠৰ এক সুন্দৰ অনুষ্ঠান প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে । তাৰ পিছত গ্ৰন্থখনৰ মুখ্য সম্পাদক হৰি প্ৰসাদ তালুকদাৰে গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত সম্পাদনা সমিতিৰ সহযোগৰ প্ৰশংসা কৰে আৰু সকলো লেখক -লেখিকা আৰু প্ৰকাশক গৰাকীৰ সামাজিক দায়বদ্ধতাৰ শলাগ লয় । এই অনুষ্ঠানত কেইবাজনো কাৰাবাসীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠব বৃদ্ধি কৰে ।অনুষ্ঠান পৰিচালনা কৰে আবাসী সঞ্জীৱ তালুকদাৰে ।