কেন্দ্র-নাগালেণ্ড চৰকাৰ ইএনপিঅ’ৰ মাজত নতুন দিল্লীত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলক শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী কৰি তোলাৰ লক্ষ্যৰে নতুন দিল্লীয়ে বৃহস্পতিবাৰে আন এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰে। নতুন দিল্লীত ভাৰত চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু ইষ্টার্ন নাগালেণ্ড পিপল্ল্ফ অর্গেনাইজেচন (ইএনপিঅ’)ৰ মাজত স্বাক্ষৰিত হ’ল এক ঐতিহাসিক ত্রিপাক্ষিক চুক্তি। এই চুক্তিৰ জৰিয়তে নাগালেণ্ডৰ ৬খন জিলাক সামৰি ফ্রন্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটী (এফএনটিএ) গঠনৰ পথ প্রশস্ত হ’ল। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ লগতে নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’, নাগালেণ্ডৰ ৬খন জিলাৰ ৮টা স্বীকৃতিপ্রাপ্ত নগা জনজাতিক প্রতিনিধিত্ব কৰা ইএনপিঅ’ৰ প্রতিনিধিৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ ৬খন জিলা ক্রমে টুবেনছাং, মন, কিফিৰে, লংলে, নোক্লক আৰু শ্বামেটৰ জিলাক সামৰি গঠন হ’বলগা এফএনটিএত ৪৬টা বিষয়ৰ ক্ষেত্ৰত ক্ষমতাৰ বিভাজন কৰা হ’ব। ঐতিহাসিক চুক্তি স্বাক্ষৰিত অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে উত্তৰ-পূবৰ বাবে আজিৰ দিনটো এক উল্লেখযোগ্য দিন। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এনে এখন উত্তৰ-পূৰ্বাঞ্চলৰ কল্পনা কৰিছে য’ত বিদ্রোহ-হিংসা-বিবাদৰ পৰা মুক্ত হৈ বিকাশৰ যাত্ৰাত আগবাঢ়ে। আজি আমি সেই দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ ক্ষেত্রত এখোজ আগুৱাই গৈছোঁ।

১১ বছৰ পূৰ্বে উত্তৰ-পূবৰ কেইবাটাও সশস্ত্র সংগঠনৰ বিবাদে অঞ্চলটোক খণ্ডিত হোৱাৰ দিশে ঠেলি দিছিল, শান্তি বিঘ্নিত হৈছিল, একে সময়তে আন্তঃৰাজ্যিক বিবাদে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ শান্তি বিঘ্নিত কৰিছিল। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে এনে বিবাদসমূহৰ সমাধান উলিয়াবলৈ প্রতিশ্রুতিবদ্ধ হয় আৰু ২০১৯ চনৰ পৰা উত্তৰ-পূবত ১২খনকৈ শান্তি চুক্তি স্বাক্ষৰিত হয়। পূৰ্বৰ চৰকাৰসমূহে কেৱল চুক্তিসমূহ স্বাক্ষৰ কৰিছিল যদিও ইয়াক কাৰ্যকৰী কৰা নাছিল। কিন্তু প্রধানমন্ত্রী মোদী নেতৃত্বাধীন চৰকাৰখনে চুক্তিৰ দফাসমূহ আখৰে আখৰে কাৰ্যকৰী কৰাত গুৰুত্ব আৰোপ কৰি আহিছে। গৃহমন্ত্ৰীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে নাগালেণ্ড সৃষ্টিৰ পৰাই ৰাজ্যখনৰ নাগৰিকসকলে অহৰহ এক অনুভৱ অন্তৰত পুহি ৰাখিছিল যে তেওঁলোকে ন্যায় লাভ কৰা নাই। কিন্তু শেহতীয়া চুক্তিসমূহ কাৰ্যকৰী হোৱাৰ পাছত এই সন্দেহ তথা অনুভৱ দূৰ হৈছে। আজি কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ সকলো বিবাদ অন্ত পেলোৱাৰ দিশত এখোজ আগুৱাই গৈছে। এতিয়া পূব নাগালেণ্ডৰ উন্নয়নৰ পথত কোনো বাধা নাথাকিব। আজি সম্পাদিত চুক্তিখনে জনসাধাৰণৰ প্ৰকৃত আকাংক্ষা পূৰণ কৰিব। কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ড চৰকাৰে যৌথভাৱে পূব নাগালেণ্ডৰ উন্নয়ন আগবঢ়াই নিব। উল্লেখ্য যে আজি সম্পাদিত ত্রিপাক্ষিক চুক্তিয়ে ভাৰতীয় সংবিধানৰ ৩৭১ (ক) অনুচ্ছেদক প্রভাৱান্বিত কৰা বুলি চলা চর্চাকো গৃহমন্ত্রী অমিত শ্বাহে নস্যাৎ কৰে। এই চুক্তিখনৰ জৰিয়তে অন্যান্য বিষয়ৰ লগতে পূব নাগালেণ্ডৰ ৬খন জিলাক সামৰি অতিৰিক্ত মুখ্য সচিব, প্রধান সচিবৰ নেতৃত্বত এটা মিনি সচিবালয় স্থাপন কৰা হ’ব।
